--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানক বিশ্বৰ অন্যতম বিপদজনক দেশ হিচাপে অভিহিত কৰিলে জ’ বিডেনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজনে কৈছে যে পাকিস্তানে কোনো কাৰণ নোহোৱাকৈ আণৱিক অস্ত্ৰ নিজৰ হাতত ৰাখিছে। 

লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ডেম’ক্ৰেটিক পাৰ্টিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিজনে এই মন্তব্য কৰিছে। পাকিস্তানৰ লগতে তেওঁ চীনৰ প্ৰতিও ক্ষুৰধাৰ সমালোচনাত মুখৰ হৈ পৰে।

লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ সম্পৰ্কেও বিডেনে বহুকেইটা ভাষ্য আগবঢ়ায়। পাকিস্তানৰ চেহবাজ শ্ব’ৰিফ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰি থকাৰ অৱস্থাতে বিডেনৰ মন্তব্যটোৱে ব্যাপক তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল চিকিউৰিটী ষ্ট্ৰেটেজীয়ে এখন ৪৮ পৃষ্ঠাৰ এখিন তথ্যপুস্তিকা প্ৰকাশ কৰিছিল। তাত চীন আৰু ৰাছিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰা হৈছিল। কিন্তু পাকিস্তানৰ নাম উল্লেখ কৰা হোৱা নাছিল।

ইউক্ৰেইনত ৰাছিয়াই চলোৱা যুদ্ধই  ভাবুকি কঢ়িয়াই অনা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই মন্তব্য প্ৰকাশ কৰি আহিছে। তদুপৰি এছিয়া মহাদেশৰ দেশৰ ভিতৰত আটাইতকৈ বিপদজনক দেশ হিচাপে চীনৰ নাম নেচনেল চিকিউৰিটী কাউন্সিলে লৈ আহিছে। তেনে অৱস্থাত পাকিস্তানৰ বিষয়ে জ’ বিডেনে কৰা মন্তব্যই অত্যন্ত চৰ্চা লাভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা