--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানক বিশ্বৰ অন্যতম বিপদজনক দেশ হিচাপে অভিহিত কৰিলে জ’ বিডেনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজনে কৈছে যে পাকিস্তানে কোনো কাৰণ নোহোৱাকৈ আণৱিক অস্ত্ৰ নিজৰ হাতত ৰাখিছে। 

লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ডেম’ক্ৰেটিক পাৰ্টিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিজনে এই মন্তব্য কৰিছে। পাকিস্তানৰ লগতে তেওঁ চীনৰ প্ৰতিও ক্ষুৰধাৰ সমালোচনাত মুখৰ হৈ পৰে।

লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ সম্পৰ্কেও বিডেনে বহুকেইটা ভাষ্য আগবঢ়ায়। পাকিস্তানৰ চেহবাজ শ্ব’ৰিফ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰি থকাৰ অৱস্থাতে বিডেনৰ মন্তব্যটোৱে ব্যাপক তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল চিকিউৰিটী ষ্ট্ৰেটেজীয়ে এখন ৪৮ পৃষ্ঠাৰ এখিন তথ্যপুস্তিকা প্ৰকাশ কৰিছিল। তাত চীন আৰু ৰাছিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰা হৈছিল। কিন্তু পাকিস্তানৰ নাম উল্লেখ কৰা হোৱা নাছিল।

ইউক্ৰেইনত ৰাছিয়াই চলোৱা যুদ্ধই  ভাবুকি কঢ়িয়াই অনা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই মন্তব্য প্ৰকাশ কৰি আহিছে। তদুপৰি এছিয়া মহাদেশৰ দেশৰ ভিতৰত আটাইতকৈ বিপদজনক দেশ হিচাপে চীনৰ নাম নেচনেল চিকিউৰিটী কাউন্সিলে লৈ আহিছে। তেনে অৱস্থাত পাকিস্তানৰ বিষয়ে জ’ বিডেনে কৰা মন্তব্যই অত্যন্ত চৰ্চা লাভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক