--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিন বুলি ক’লেই যেন কেক কটাটো অৱধাৰিত নিয়ম। কেক কাটি মানুহে উদযাপন কৰে জন্মদিনৰ আনন্দ। বহু মানুহে আজিৰ সময়তো কেক কাটি পোৱা নাই বা কিছুমানে নিজেও কেকে কাটিব নিবিচাৰে। শেহতীয়াকৈ এজন ব্যক্তিৰ জন্মদিনৰ কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সেই ব্যক্তিজনৰ আছিল ৬৪ বছৰীয়া জন্মদিন। তেওঁ এগৰাকী ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী। সকলোৰে জন্মদিনত কেক কাটোতে আনন্দত ভাগ লোৱা সেই ব্যক্তিজনে আজিলৈকে কেক কাটি পোৱা নাই। সেয়েহে তেওঁৰ সহকৰ্মীসকলে তেওঁক এটা কেক উপহাৰ দি ছাৰপ্ৰাইজ দিয়াৰ কথা চিন্তা কৰে।

ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে এই ৬৪ বছৰীয়া সহকৰ্মীজনৰ জন্মদিনত বিশেষ কিবা এটা কৰিব বিচাৰিছিল। তেওঁলোকে জানিছিল যে কোনোদিনে জন্মদিনৰ কেক কাটি পোৱা নাই ব্যক্তিজনে৷ সহকৰ্মীসকলে তেওঁৰ বাবে গান গাই তেওঁৰ বিশেষ দিনটো উদযাপনৰ বাবে কেক এটা লৈ আহে। ইয়াকে দেখি তেওঁ আৱেগিক হৈ পৰে। আৱেগতে তেওঁৰ দুচকুৰে চকুলো নিগৰি আহে।


চাওক ভিডিঅ





কৰ্মচাৰীজনৰ নাম লিঅ’। লিঅ’ ৰেষ্টুৰেণ্টখনৰ কঠোৰ পৰিশ্ৰমী। তেওঁৰ ৬৪ বছৰীয়া জন্মদিনত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে সিদ্ধান্ত ল’লে যে তেওঁৰ জন্মদিনটো তেওঁলোকে বিশেষ কৰি তুলিব।

ভিডিঅ’টোৰ কেপচনত লিখা আছে, " জন্মদিনৰ কেক এটা পাই লিঅ’ বহুত সুখী হৈ পৰিছে। ই সৰু সৰু কথাবোৰে জীৱনটোক বিশেষ কৰি তোলে।"

এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। লিঅ’ক সকলোৱে জনাইছে জন্মদিনৰ অলেখ শুভকামনা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে