--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিন বুলি ক’লেই যেন কেক কটাটো অৱধাৰিত নিয়ম। কেক কাটি মানুহে উদযাপন কৰে জন্মদিনৰ আনন্দ। বহু মানুহে আজিৰ সময়তো কেক কাটি পোৱা নাই বা কিছুমানে নিজেও কেকে কাটিব নিবিচাৰে। শেহতীয়াকৈ এজন ব্যক্তিৰ জন্মদিনৰ কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সেই ব্যক্তিজনৰ আছিল ৬৪ বছৰীয়া জন্মদিন। তেওঁ এগৰাকী ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী। সকলোৰে জন্মদিনত কেক কাটোতে আনন্দত ভাগ লোৱা সেই ব্যক্তিজনে আজিলৈকে কেক কাটি পোৱা নাই। সেয়েহে তেওঁৰ সহকৰ্মীসকলে তেওঁক এটা কেক উপহাৰ দি ছাৰপ্ৰাইজ দিয়াৰ কথা চিন্তা কৰে।

ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে এই ৬৪ বছৰীয়া সহকৰ্মীজনৰ জন্মদিনত বিশেষ কিবা এটা কৰিব বিচাৰিছিল। তেওঁলোকে জানিছিল যে কোনোদিনে জন্মদিনৰ কেক কাটি পোৱা নাই ব্যক্তিজনে৷ সহকৰ্মীসকলে তেওঁৰ বাবে গান গাই তেওঁৰ বিশেষ দিনটো উদযাপনৰ বাবে কেক এটা লৈ আহে। ইয়াকে দেখি তেওঁ আৱেগিক হৈ পৰে। আৱেগতে তেওঁৰ দুচকুৰে চকুলো নিগৰি আহে।


চাওক ভিডিঅ’





কৰ্মচাৰীজনৰ নাম লিঅ’। লিঅ’ ৰেষ্টুৰেণ্টখনৰ কঠোৰ পৰিশ্ৰমী। তেওঁৰ ৬৪ বছৰীয়া জন্মদিনত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে সিদ্ধান্ত ল’লে যে তেওঁৰ জন্মদিনটো তেওঁলোকে বিশেষ কৰি তুলিব।

ভিডিঅ’টোৰ কেপচনত লিখা আছে, " জন্মদিনৰ কেক এটা পাই লিঅ’ বহুত সুখী হৈ পৰিছে। ই সৰু সৰু কথাবোৰে জীৱনটোক বিশেষ কৰি তোলে।"

এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। লিঅ’ক সকলোৱে জনাইছে জন্মদিনৰ অলেখ শুভকামনা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস