--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন সফল ব্যৱসায়ী৷অতি কষ্টৰে জীৱনত সফলতা অৰ্জন কৰা আৰ জি চন্দ্ৰমোগনৰ কাহিনী প্ৰেৰণাদায়ক। কলেজ এৰি তেওঁ ১৯৭০ চনত আৰম্ভ কৰিছিল নিজৰ সৰু আইচক্ৰীমৰ উদ্যোগটো।২০২৩ চনলৈ হিচাপ কৰিলে তেওঁৰ সম্পত্তিৰ পৰিমাণ ২.৩ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ১৯০৭৭ কোটি টকা)।তেওঁ হাটছুন এগ্ৰ’ প্ৰডাক্ট লিমিটেডৰ অধ্যক্ষ। বিক্ৰীৰ ফালৰ পৰা ই দেশৰ অন্যতম বৃহৎ ব্যক্তিগত দুগ্ধ কোম্পানী। ভাৰতৰ অন্যতম ধনী ব্যক্তি আৰু আইচক্ৰীম নিৰ্মাতাসকলৰ সৰ্বাধিক ধনী ব্যক্তি।তেওঁৰ কোম্পানীয়ে ১০০০ খন গাঁৱৰ ৪০০০০০০ কৃষকৰ পৰা গাখীৰৰ লাভ কৰে। তেওঁৰ কোম্পানীয়ে ৪২টাতকৈও অধিক কোম্পানীলৈ দুগ্ধজাত সামগ্ৰীও ৰপ্তানি কৰে৷চন্দ্ৰমোগনৰ ঘৰ চেন্নাইত। সংখ্যাৰ ওপৰত তেওঁৰ সিদ্ধহস্ততাৰ বাবে মানৱ কম্পিউটাৰ বুলিও কোৱা হয়।

দেউতাক আছিল এজন সৰু দোকানৰ মালিক। ৬৫ টকাৰ সামান্য দৰমহাত কাঠৰ ডিপোত চাকৰি কৰিয়েই চন্দ্ৰমোগনে কেৰিয়াৰ আৰম্ভ কৰিছিল।তাৰ পাছত মাত্ৰ ৩ জন শ্ৰমিক লৈ তেওঁ আইচক্ৰীমৰ ব্যৱসায় খুলিছিল। আগতে ১৫খন পুচকাৰ্টত নিজৰ আইচক্ৰীম বিক্ৰী কৰিছিল। য’ত তেওঁৰ প্ৰাৰম্ভিক মূলধন আছিল ১৩০০০ টকা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস