--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰক্তাক্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি। দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত এগৰাকী লোকক গুলিয়াই হত্যা কৰা হৈছে। আন এজন সন্দেহযুক্ত লোককো আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পাকিস্তানৰ গুজৰানৱালাৰ আল্লাহৱালা চ’কত ইমৰাণ খানৰ এটা ৰেলীত ভয়াৱহ গুলীবৰ্ষণৰ সন্মুখিন হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। আততায়ীয়ে ইমৰাণ খানলৈ উদ্দেশ্যি একে-৪৭ৰে গুলিবৰ্ষণ কৰে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভৰিত গুলি লাগে। তাৰপাছতে ভৰিত বেণ্ডেজ পিন্ধাই ততাতৈয়াকৈ তেওঁক হস্পিতাললৈ লৈ যোৱা হয়।

উল্লেখ্য যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰৰ পদত্যাগৰ দাবীত ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান তেহৰীক-ই-ইনচাফে শেহতীয়াকৈ ‘লং মাৰ্চ’ অৰ্থাৎ পদযাত্ৰা কৰি আছে। লং মাৰ্চৰ এক অংশ হিচাপেই গুজৰানৱালাত এটা প্ৰতিবাদী ৰেলী উলিওৱা হয়। তাত ইমৰাণ খানে ভাষণ দি থাকোতেই আক্ৰমণকাৰীয়ে গোলাবৰ্ষণ কৰে।

আনহাতে, আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইমৰাণ খানৰ ভৰিত গুলি লাগিলেও গুৰুত্বৰ আঘাটৰ পৰা বাচি যোৱা বুলি জানিব পৰা গৈছে। ইমৰাণ খানৰ ওপৰিও চাৰিজনকৈ দলীয় কৰ্মীয়ে আঘাট পাইছে।

ইমৰাণ খানৰ দলীয় নেতা শ্বেহবাজ গীলে ঘটনাটোৰ সংক্ৰান্তত কৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ মুখামুখি হ’লেও শেষ নিশ্বাসলৈকে শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে যুঁজি যাব।

ইমাৰণ খানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আততায়ীকেইজনৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা হোৱা নাই। ঘটনাটোৰ সংক্ৰান্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইট কৰিছে। টুইটটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ ঘটনাটোক গৰিহণা জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক