--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰক্তাক্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি। দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত এগৰাকী লোকক গুলিয়াই হত্যা কৰা হৈছে। আন এজন সন্দেহযুক্ত লোককো আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পাকিস্তানৰ গুজৰানৱালাৰ আল্লাহৱালা চ’কত ইমৰাণ খানৰ এটা ৰেলীত ভয়াৱহ গুলীবৰ্ষণৰ সন্মুখিন হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। আততায়ীয়ে ইমৰাণ খানলৈ উদ্দেশ্যি একে-৪৭ৰে গুলিবৰ্ষণ কৰে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভৰিত গুলি লাগে। তাৰপাছতে ভৰিত বেণ্ডেজ পিন্ধাই ততাতৈয়াকৈ তেওঁক হস্পিতাললৈ লৈ যোৱা হয়।

উল্লেখ্য যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰৰ পদত্যাগৰ দাবীত ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান তেহৰীক-ই-ইনচাফে শেহতীয়াকৈ ‘লং মাৰ্চ’ অৰ্থাৎ পদযাত্ৰা কৰি আছে। লং মাৰ্চৰ এক অংশ হিচাপেই গুজৰানৱালাত এটা প্ৰতিবাদী ৰেলী উলিওৱা হয়। তাত ইমৰাণ খানে ভাষণ দি থাকোতেই আক্ৰমণকাৰীয়ে গোলাবৰ্ষণ কৰে।

আনহাতে, আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইমৰাণ খানৰ ভৰিত গুলি লাগিলেও গুৰুত্বৰ আঘাটৰ পৰা বাচি যোৱা বুলি জানিব পৰা গৈছে। ইমৰাণ খানৰ ওপৰিও চাৰিজনকৈ দলীয় কৰ্মীয়ে আঘাট পাইছে।

ইমৰাণ খানৰ দলীয় নেতা শ্বেহবাজ গীলে ঘটনাটোৰ সংক্ৰান্তত কৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ মুখামুখি হ’লেও শেষ নিশ্বাসলৈকে শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে যুঁজি যাব।

ইমাৰণ খানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আততায়ীকেইজনৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা হোৱা নাইঘটনাটোৰ সংক্ৰান্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইট কৰিছে। টুইটটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ ঘটনাটোক গৰিহণা জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা