--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰখ্যাত অধিবক্তা হৰিশ ছালভেই দখল কৰিছে সংবাদ শিৰোনাম। কোনো হাই প্ৰফাইল কেচত ওকালতি কৰা বাবে নহয় তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেহে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে।

ভাৰতৰ অন্যতম বিখ্যাত উকীল হৰিশ ছালভে। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে তেওঁ ছলিচিটৰ জেনেৰেলো আছিল। ইংলেণ্ডত ৰাণীৰ উপদেষ্টা হিচাপেও নিযুক্তি দিয়া হৈছিল হৰিশক।

৬৮ বছৰ বয়সত তৃতীয়বাৰৰ বাবে ব্ৰিটিছ মূলৰ ত্ৰিনাক বিয়া কৰাইছে হৰিশ ছালভেই। লণ্ডনত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত ব্যৱসায়িক জগতৰ বহু ব্যক্তিও উপস্থিত আছিল, যাৰ ভিতৰত মুকেশ আম্বানী আৰু ললিত মোডী বিশেষ আছিল।

২০২০ চনত প্ৰথম পত্নী মীনাক্ষীৰ পৰা বিচ্ছেদ হোৱাৰ পাছত ২০২০ চনৰ অক্টোবৰ মাহত ব্ৰিটিছ শিল্পী কেৰ’লিন ব্ৰছাৰ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও সেই সংসাৰ নিটিকিল

হৰিশ ছালভেৰ প্ৰথম পত্নীৰ নাম আছিল মীনাক্ষী। দুয়োৰে সংসাৰ প্ৰায় ৩৮ বছৰ ধৰি চলিছিল যদিও ২০২০ চনত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। প্ৰথম পত্নীৰ ফালৰ পৰা তেওঁৰ দুগৰাকী কন্যা সন্তান আছে।

ছলমান খান, টাটা গ্ৰুপ আইটিচি আৰু মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ডাঙৰ ডাঙৰ গোচৰৰ বিৰুদ্ধে যুঁজ দি সফল হৈছিল হৰিশ ছালভে। কঠিনতকৈও কঠিন গোচৰতো জয়ী হোৱাৰ ক্ষমতা আছে হৰিশ ছালভেৰ।

হৰিশ ছালভেক দেশৰ আটাইতকৈ দামী উকীলৰ ভিতৰত গণ্য কৰা হয়। ২০১৫ চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে। পাকিস্তানত মৃত্যুদণ্ডৰ শাস্তি পোৱা কুলভূষণ যাদৱৰ গোচৰতো হৰিশ ছালভেই যুঁজিছিল। ইয়াৰ বাবে ছালভেই ভাৰত চৰকাৰৰ পৰা মাত্ৰ এটকা মাচুল লৈছিল। হৰিশ ছালভে লণ্ডনত থাকে আৰু ভাৰতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওকালতি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ