--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰখ্যাত অধিবক্তা হৰিশ ছালভেই দখল কৰিছে সংবাদ শিৰোনাম। কোনো হাই প্ৰফাইল কেচত ওকালতি কৰা বাবে নহয় তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেহে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে।

ভাৰতৰ অন্যতম বিখ্যাত উকীল হৰিশ ছালভে। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে তেওঁ ছলিচিটৰ জেনেৰেলো আছিল। ইংলেণ্ডত ৰাণীৰ উপদেষ্টা হিচাপেও নিযুক্তি দিয়া হৈছিল হৰিশক।

৬৮ বছৰ বয়সত তৃতীয়বাৰৰ বাবে ব্ৰিটিছ মূলৰ ত্ৰিনাক বিয়া কৰাইছে হৰিশ ছালভেই। লণ্ডনত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত ব্যৱসায়িক জগতৰ বহু ব্যক্তিও উপস্থিত আছিল, যাৰ ভিতৰত মুকেশ আম্বানী আৰু ললিত মোডী বিশেষ আছিল।

২০২০ চনত প্ৰথম পত্নী মীনাক্ষীৰ পৰা বিচ্ছেদ হোৱাৰ পাছত ২০২০ চনৰ অক্টোবৰ মাহত ব্ৰিটিছ শিল্পী কেৰ’লিন ব্ৰছাৰ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও সেই সংসাৰ নিটিকিল

হৰিশ ছালভেৰ প্ৰথম পত্নীৰ নাম আছিল মীনাক্ষী। দুয়োৰে সংসাৰ প্ৰায় ৩৮ বছৰ ধৰি চলিছিল যদিও ২০২০ চনত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। প্ৰথম পত্নীৰ ফালৰ পৰা তেওঁৰ দুগৰাকী কন্যা সন্তান আছে।

ছলমান খান, টাটা গ্ৰুপ আইটিচি আৰু মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ডাঙৰ ডাঙৰ গোচৰৰ বিৰুদ্ধে যুঁজ দি সফল হৈছিল হৰিশ ছালভে। কঠিনতকৈও কঠিন গোচৰতো জয়ী হোৱাৰ ক্ষমতা আছে হৰিশ ছালভেৰ।

হৰিশ ছালভেক দেশৰ আটাইতকৈ দামী উকীলৰ ভিতৰত গণ্য কৰা হয়। ২০১৫ চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে। পাকিস্তানত মৃত্যুদণ্ডৰ শাস্তি পোৱা কুলভূষণ যাদৱৰ গোচৰতো হৰিশ ছালভেই যুঁজিছিল। ইয়াৰ বাবে ছালভেই ভাৰত চৰকাৰৰ পৰা মাত্ৰ এটকা মাচুল লৈছিল। হৰিশ ছালভে লণ্ডনত থাকে আৰু ভাৰতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওকালতি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান