--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাগেশ্বৰ ধামৰ মুৰব্বী ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আনাছ আনছাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বৰেলী জিলাৰ হাফিজগঞ্জ থানা এলেকাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনছাৰীক। ছ’চিয়েল মিডিয়াত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক হত্যাৰ ভাবুকি দিছিল আনাছ আনছাৰীয়ে। এই অভিযোগত দেওবাৰে এফআইআৰ ৰুজু কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে সদৰী কৰিছেে এই তথ্য। আৰক্ষীৰ মতে, হাফিজগঞ্জ থানা এলেকাৰ ৰিথোৰাৰ বাসিন্দা আনাছ আনছাৰীয়ে ইনষ্টাগ্ৰামত ভাবুকিমূলক পোষ্ট লিখি কৈছিল যে বাবাৰ মৃত্যু আশে-পাশে আছে।

বৰেলীৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) ৰাজ কুমাৰ আগৰৱালাই কয় যে হাফিজগঞ্জ থানা এলেকাৰ ৰিথোৰা নিবাসী আনছ আনছাৰীয়ে ইনষ্টাগ্ৰামত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ বিষয়ে উচতনিমূলক কথা লিখিছিল আৰু লগতে শাস্ত্ৰীক হত্যা কৰাৰ ভাবুকিও দিছিল।

আগৰৱালাই কয় যে এই গোচৰত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৫এ (ইচ্ছাকৃতভাৱে ধৰ্মীয় আৱেগক আঘাত কৰা), ৫০৪ (ইচ্ছাকৃতভাৱে শান্তি উত্তেজিত কৰাৰ উদ্দেশ্যেৰে অপমান কৰা) আৰু তথ্য প্ৰযুক্তি আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি হাফিজগঞ্জ থানাত অধিনিয়ম ২০০৮ৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

এই বিষয়ত হিন্দু জাগৰণ মঞ্চ আৰু বিশ্ব হিন্দু পৰিষদেও আৰক্ষীক এজাহাৰ দাখিল কৰিছে। বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আনাছ আনছাৰীৰ আন কাৰোৰে সৈতে যোগাযোগ আছে নেকি তাৰ সন্ধানতো নামি পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস