--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমণিপুৰৰ পৰিস্থিতিকলৈ ইৃঅপবাখ্যা কৰাৰ অভিযোগত মণিপুৰ চৰকাৰে এডিটৰ্ছ গিল্ডৰ চাৰিগৰাকী সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়  যে তেওঁৰ চৰকাৰে ৰাজ্যখনত জাতিগত সংঘৰ্ষৰ বিষয়ত  প্ৰকাশ কৰা ভুল প্ৰতিবেদনৰ বাবে ভাৰতীয় এডিটৰ্ছ গিল্ডৰ (ইজিআই) চাৰিজন সদস্যৰ বিৰুদ্ধে এজাহাৰ  দাখিল কৰিছে। সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী সিঙে নিশ্চিত কৰে যে "ৰাজ্যখনত অধিক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ" চেষ্টা কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰা হৈছে।  

সিঙে কয় যে ইজিআইৰ তথ্য অনুসন্ধান সমিতিৰ সদস্যসকলে দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিক লগ কৰা নাছিল আৰু এটা ভুল সিদ্ধান্তত উপনীত হৈছিল। এজন সমাজকৰ্মীৰ অভিযোগৰ ভিত্তিত সেয়ে ইম্ফল আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। অভিযোগকাৰীয়ে উল্লেখ কৰা মতে এডিটৰ্ছ গিল্ডৰ প্ৰতিবেদন খন  মিছা আৰু মনেসজা আছিল।উল্লেখ্য মণিপুৰত সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ত ৰাজ্য খনত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। বহু দিন ধৰি মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা। ইয়াৰ মাজতে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে যোৱা মাহত হিংসাপীড়িত মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে মণিপুৰ চৰকাৰৰ ইণ্টাৰনেটৰ ওপৰত আৰোপ কৰা  নিষেধাজ্ঞাই সংবাদ পৰিবেশনত ক্ষতিকাৰক  প্ৰভাৱ পেলাইছে। 

 কিয়নো কোনো যোগাযোগ অবিহনে সংগ্ৰহ কৰা স্থানীয় বাতৰিয়ে পৰিস্থিতিৰ প্ৰকৃত ছবি খন দাঙি ধৰিব পৰা নাছিল।এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে মণিপুৰত  হিংসাৰ সময়ত  সংবাদ মাধ্যমৰভূমিকা পৰীক্ষা কৰিবলৈ মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে এই সন্দৰ্ভত এখন  প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰা হৈছে যে গোষ্ঠীগত  হিংসাৰ সময়ত "একপক্ষীয়" প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল আৰু ইণ্টাৰনেট নিষেধাজ্ঞাই "বিষয়টো অধিক বেয়া"ৰ দিশলৈ লৈ গৈছিল।  সীমা গুহ, ভাৰত ভূষণ আৰু সঞ্জয় কাপুৰক লৈ গঠিত তিনিজনীয়া দলটোৱে  ৭ ৰ পৰা ১০ আগষ্টলৈ মণিপুৰত আছিল। তেওঁলোকে প্ৰকাশ কৰা  ২৪ পৃষ্ঠাৰ  প্ৰতিবেদনত বিভিন্ন দিশ ফঁহিয়াই চোৱা হৈছে। 




প্ৰতিবেদনত কোৱা হৈছে, "মেইটেই মিডিয়াই নিৰাপত্তা বাহিনী, বিশেষকৈ অসম ৰাইফলছক গৰিহণা দিয়াৰ ক্ষেত্ৰত বিশেষ   পক্ষ লৈছিল। অসম ৰাইফলছৰ বিৰুদ্ধে অবিৰতভাৱে অপপ্ৰচাৰ চলাই যোৱা  হৈছিল।মিডিয়াই  তথ্যবোৰ পৰীক্ষা কৰাত আৰু তাৰ পিছত সেইবোৰৰ ভিত্তিত প্ৰতিবেদনত প্ৰস্তুত কৰাত ব্যৰ্থ হৈছিল।"
প্ৰতিবেদনখনত কোৱা হৈছে যে ৰাজ্য চৰকাৰেও মণিপুৰ আৰক্ষীক অসম ৰাইফলছৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অনুমতি দি এই অপবাদক মৌনভাৱে সমৰ্থন জনাইছিল। 

দেশৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ মাজত সংঘৰ্ষ অভূতপূৰ্ব ঘটনা।  অসম ৰাইফলছ  বিৰুদ্ধে মণিপুৰ আৰক্ষীয়ে  এজাহাৰত "কুকি উগ্ৰপন্থীসকলক পলাই যাবলৈ দিয়াৰ" অভিযোগ আনিছিল। অসম ৰাইফলছৰ সঞ্চালক প্ৰধান (ডিজি) লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে ১ ছেপ্টেম্বৰত কৈছিল যে মণিপুৰৰ পৰিস্থিতি অভূতপূৰ্বভাবে ভয়াৱহ হৈ পৰিছে।তেওঁ কৈছিল "মণিপুৰত আমি সন্মুখীন হৈ থকা পৰিস্থিতি অভূতপূৰ্ব। আমি ইতিহাসত কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। এয়া  আমাৰ বাবে নতুন, মণিপুৰৰ বাবেও নতুন," 

এডিটৰ্ছ গিল্ডৰ প্ৰতিবেদনত বাতৰিৰ ক্ৰছ-চেকিং আৰু নিৰীক্ষণ প্ৰভাৱিত কৰাত ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞাৰজাৰি কৰাকেই জগৰীয়া কৰা হৈছে।  চৰকাৰৰ এনে সিদ্ধান্তক  পোনপটীয়াভাবে  "ভুল" আৰু উৰাবাতৰি বিয়পাবলৈ সুবিধা কৰি দিয়াৰ উপায় বুলি কোৱা হৈছে।

উল্লেখ্য মণিপুৰত প্ৰথমবাৰৰ বাবে ৩ মে'ত ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছিল। সেই দিনটোতে  ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হৈছিল আৰু যোৱা চাৰি মাহ ধৰি সেয়া অব্যাহত আছে।  জুনৰ শেষৰ ফালে মণিপুৰত ইণ্টাৰনেটৰ  সীমিত ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল।

কোনো পৰিস্থিতিত ৰাজ্য চৰকাৰে অনুৰাধা ভাছিন গোচৰত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনাৰ বিপৰীতে যোৱা উচিত নাছিল বুলিও গীল্ডে কয়।
 প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে সংঘৰ্ষৰ সময়ত মণিপুৰৰ সংবাদ মাধ্যমৰ  গৰিষ্ঠসংখ্যকেই মেইটেই সম্প্ৰদায়ৰ সংবাদ মাধ্যম হৈ পৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ