--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমুদ্ৰাকৰণৰ সুদীৰ্ঘ ৬ বছৰৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে ইয়াৰ বৈধতা শুনানি ল’ব বুলি জানিব পৰা গৈছে। শুনানিৰ বাবে ন্যায়াধীশ এছ. আব্দুল নাজিৰৰ অধ্যক্ষতাত ৫ জনীয়া বিচাৰপীঠ গঠন কৰা হৈছে। আজি বিচাৰপীঠে বিষয়টোৰ  শুনানিৰ দিন নিৰ্ধাৰণ কৰিব পাৰে। ২০১৬ চনৰ ১৬ ডিচেম্বৰত বিষয়টো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল যদিও বিচাৰপীঠখন এতিয়াও গঠন হোৱা নাছিল। এতিয়া বিচাৰপীঠ গঠন হোৱাৰ পাছত এই বিষয়ত শুনানিও শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে যেতিয়া বিমুদ্ৰাকৰণ কৰিছিল, তাৰ পিছত সেই সন্দৰ্ভত সমগ্ৰ দেশৰ আদালতত বহু গোচৰ ৰুজু হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ আদালতত চলি থকা সকলো বিমুদ্ৰাকৰণ গোচৰৰ শুনানি স্থগিত ৰাখি ৫ জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ বিচাৰপীঠে ৯টা প্ৰশ্ন প্ৰস্তুত কৰিছিল যিবোৰ পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে প্ৰেৰণ কৰা হৈছিল।

এই গোচৰ দাখিল কৰাৰ সময়ত আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত বহু যুক্তি দাঙি ধৰিছিল। আবেদনকাৰীয়ে কয় যে, অধিসূচনা জাৰি কৰি চৰকাৰে প্ৰতি সপ্তাহত ২৪ হাজাৰ টকা উলিয়াবলৈ অনুমতি দিছে, কিন্তু বাস্তৱত নোটৰ নাটনি হোৱাৰ বাবে নোট উঠাই ল’ব নোৱাৰি। আবেদনকাৰীয়ে আৰু বহুতো পইণ্ট গণনা কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে এই বিষয়টো সাধাৰণ মানুহৰ সৈতে জড়িত আৰু এনে ক্ষেত্ৰত গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ কি কি প্ৰশ্নৰ শুনানি হ’ব জানো আহক-

১) ৮ নৱেম্বৰৰ বিমুদ্ৰাকৰণৰ অধিসূচনা আৰু পৰৱৰ্তী অধিসূচনা অসাংবিধানিক নেকি?

২) বিমুদ্ৰাকৰণে সংবিধানৰ ৩০০ (ক) অনুচ্ছেদ অৰ্থাৎ সম্পত্তিৰ অধিকাৰ উলংঘা কৰা নেকি?

৩) বেংক আৰু এটিএমত ধন উলিওৱাৰ সীমা নিৰ্ধাৰণ কৰাটো মানুহৰ অধিকাৰ উলংঘা নেকি?

৪) জিলা চৰকাৰী বেংকত পুৰণি নোট জমা কৰা আৰু নতুন নোট উলিওৱাত নিষেধাজ্ঞা আছেনে?

৫) বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আৰ বি আইৰ ধাৰা-২৬(২)ৰ অধীনত কৰ্তৃত্বৰ বাহিৰৰ সিদ্ধান্ত নেকি?

৬) বিমুদ্ৰাকৰণৰ সিদ্ধান্ত প্ৰস্তুতি অবিহনে কাৰ্যকৰী কৰা হৈছিল নেকি?‌মুদ্ৰাৰ ব্যৱস্থা আৰু ৰাইজলৈ নগদ ধন ডেলিভাৰী কৰাৰো ব্যৱস্থাও নাছিল নেকি ?

৭ ) চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কৰা আবেদনত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব পাৰিবনে?

৮) বিমুদ্ৰাকৰণ মৌলিক অধিকাৰ উলংঘা নেকি?

৯) ১৪ নং অনুচ্ছেদ অৰ্থাৎ সমতাৰ অধিকাৰ আৰু ১৯ নং অনুচ্ছেদ অৰ্থাৎ সংবিধানৰ স্বাধীনতাৰ অধিকাৰ উলংঘা প্ৰকৃততে হৈছেনে?










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement