--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমুদ্ৰাকৰণৰ সুদীৰ্ঘ ৬ বছৰৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে ইয়াৰ বৈধতা শুনানি ল’ব বুলি জানিব পৰা গৈছে। শুনানিৰ বাবে ন্যায়াধীশ এছ. আব্দুল নাজিৰৰ অধ্যক্ষতাত ৫ জনীয়া বিচাৰপীঠ গঠন কৰা হৈছে। আজি বিচাৰপীঠে বিষয়টোৰ  শুনানিৰ দিন নিৰ্ধাৰণ কৰিব পাৰে। ২০১৬ চনৰ ১৬ ডিচেম্বৰত বিষয়টো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল যদিও বিচাৰপীঠখন এতিয়াও গঠন হোৱা নাছিল। এতিয়া বিচাৰপীঠ গঠন হোৱাৰ পাছত এই বিষয়ত শুনানিও শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে যেতিয়া বিমুদ্ৰাকৰণ কৰিছিল, তাৰ পিছত সেই সন্দৰ্ভত সমগ্ৰ দেশৰ আদালতত বহু গোচৰ ৰুজু হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ আদালতত চলি থকা সকলো বিমুদ্ৰাকৰণ গোচৰৰ শুনানি স্থগিত ৰাখি ৫ জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ বিচাৰপীঠে ৯টা প্ৰশ্ন প্ৰস্তুত কৰিছিল যিবোৰ পাঁচজনীয়া বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে প্ৰেৰণ কৰা হৈছিল।

এই গোচৰ দাখিল কৰাৰ সময়ত আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত বহু যুক্তি দাঙি ধৰিছিল। আবেদনকাৰীয়ে কয় যে, অধিসূচনা জাৰি কৰি চৰকাৰে প্ৰতি সপ্তাহত ২৪ হাজাৰ টকা উলিয়াবলৈ অনুমতি দিছে, কিন্তু বাস্তৱত নোটৰ নাটনি হোৱাৰ বাবে নোট উঠাই ল’ব নোৱাৰি। আবেদনকাৰীয়ে আৰু বহুতো পইণ্ট গণনা কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে এই বিষয়টো সাধাৰণ মানুহৰ সৈতে জড়িত আৰু এনে ক্ষেত্ৰত গোচৰটো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ কি কি প্ৰশ্নৰ শুনানি হ’ব জানো আহক-

১) ৮ নৱেম্বৰৰ বিমুদ্ৰাকৰণৰ অধিসূচনা আৰু পৰৱৰ্তী অধিসূচনা অসাংবিধানিক নেকি?

২) বিমুদ্ৰাকৰণে সংবিধানৰ ৩০০ (ক) অনুচ্ছেদ অৰ্থাৎ সম্পত্তিৰ অধিকাৰ উলংঘা কৰা নেকি?

৩) বেংক আৰু এটিএমত ধন উলিওৱাৰ সীমা নিৰ্ধাৰণ কৰাটো মানুহৰ অধিকাৰ উলংঘা নেকি?

৪) জিলা চৰকাৰী বেংকত পুৰণি নোট জমা কৰা আৰু নতুন নোট উলিওৱাত নিষেধাজ্ঞা আছেনে?

৫) বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আৰ বি আইৰ ধাৰা-২৬(২)ৰ অধীনত কৰ্তৃত্বৰ বাহিৰৰ সিদ্ধান্ত নেকি?

৬) বিমুদ্ৰাকৰণৰ সিদ্ধান্ত প্ৰস্তুতি অবিহনে কাৰ্যকৰী কৰা হৈছিল নেকি?‌মুদ্ৰাৰ ব্যৱস্থা আৰু ৰাইজলৈ নগদ ধন ডেলিভাৰী কৰাৰো ব্যৱস্থাও নাছিল নেকি ?

৭ ) চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কৰা আবেদনত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব পাৰিবনে?

৮) বিমুদ্ৰাকৰণ মৌলিক অধিকাৰ উলংঘা নেকি?

৯) ১৪ নং অনুচ্ছেদ অৰ্থাৎ সমতাৰ অধিকাৰ আৰু ১৯ নং অনুচ্ছেদ অৰ্থাৎ সংবিধানৰ স্বাধীনতাৰ অধিকাৰ উলংঘা প্ৰকৃততে হৈছেনে?










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক