--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ৰং-ৰূপ সকলো ঈশ্বৰৰ দান। ইয়াত মানুহৰ কোনো হাত নাথাকে। কিন্তু কিছুমান মানুহে সেই কথা বুজি নাপায়। আনৰ ৰং-ৰূপ, শাৰীৰিক গঠনক লৈ ঠাট্টা-মস্কৰা কৰি আসুৰিক তৃপ্তি পায় এচাম লোকে। এগৰাকী মহিলাৰ দেহৰ ক'লা বৰণক লৈ আন মানুহে নহয় নিজৰ স্বামীয়েই কৰিছিল ঠাট্টা। যাৰ হ'ল অতি ভয়ংকৰ পৰিণতি। 

ঠাট্টা-মস্কৰাৰ বলি হৈ হীনমন্যতাত ভুগিছিল মহিলাগৰাকীয়ে। তীব্ৰ খঙৰ বশৱৰ্তী হৈ  অৱশেষত মহিলাগৰাকীয়ে স্বামীক কৰিলে হত্যা। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ দুৰ্গ জিলাত। এগৰাকী ৩০ বছৰীয়া মহিলাই ক’লা ৰংক লৈ স্বামীয়ে কৰা অহৰহ ঠাট্টা-মস্কৰাৰ দ্বাৰা ক্ষোভিত হৈ স্বামীক কুঠাৰেৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত মহিলাগৰাকীয়ে স্বামীৰ গুপ্তাংগও কুঠাৰেৰে কাটি পেলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মহিলাগৰাকীক।

মঙলবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজন আমলেশ্বৰ গাঁৱৰ বাসিন্দা অনন্ত সোণৱানী(৪০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে নিশা স্বামী অনন্ত সোণৱানীক হত্যা কৰাৰ অভিযোগত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলা সংগীতা সোণৱানীক।

প্ৰাথমিক তদন্তত সংগীতা সোণৱানীয়ে আৰক্ষীক জনোৱা মতে তেওঁ দেখাত ভাল নহয় বুলি কৈছিল স্বামীয়ে। স্বামীয়ে তেওঁক অনাকৰ্ষণীয় বুলি কোৱাৰ লগতে প্ৰায়ে তেওঁৰ দেহৰ ক’লা ৰঙৰ বাবে ঠাট্টা কৰিছিল। সংগীতাই জনোৱা মতে, এই বিষয়টোক লৈ বিগত সময়ছোৱাত তেওঁলোকৰ মাজত কেইবাবাৰো কাজিয়া হৈছিল।

দেওবাৰে নিশাও অনন্ত আৰু সংগীতাৰ মাজত কাজিয়া হৈছিল আৰু ক্ষোভত সংগীতাই ঘৰত ৰখা কুঠাৰেৰে স্বামীক আক্ৰমণ কৰি হত্যা কৰে। 

আৰক্ষীয়ে জনায় যে সংগীতাই পাছদিনা পুৱা কোনো লোকে তেওঁৰ স্বামীক হত্যা কৰা বুলি কৈ গাঁওবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল যদিও পাছত আৰক্ষীৰ জেৰা কৰাত তেওঁ নিজে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। উল্লেখ্য যে অনন্ত সোণৱানীয়ে প্ৰথম পত্নীৰ মৃত্যুৰ পাছত অভিযুক্ত সংগীতাক দ্বিতীয় বিবাহ কৰাইছিল।

মহিলাগৰাকীৰ বিৰুদ্ধে আই পি চি ধাৰা ৩০২ (হত্যা) আৰু অন্যান্য প্ৰাসংগিক বিধানৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু