--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ৰং-ৰূপ সকলো ঈশ্বৰৰ দান। ইয়াত মানুহৰ কোনো হাত নাথাকে। কিন্তু কিছুমান মানুহে সেই কথা বুজি নাপায়। আনৰ ৰং-ৰূপ, শাৰীৰিক গঠনক লৈ ঠাট্টা-মস্কৰা কৰি আসুৰিক তৃপ্তি পায় এচাম লোকে। এগৰাকী মহিলাৰ দেহৰ ক'লা বৰণক লৈ আন মানুহে নহয় নিজৰ স্বামীয়েই কৰিছিল ঠাট্টা। যাৰ হ'ল অতি ভয়ংকৰ পৰিণতি। 

ঠাট্টা-মস্কৰাৰ বলি হৈ হীনমন্যতাত ভুগিছিল মহিলাগৰাকীয়ে। তীব্ৰ খঙৰ বশৱৰ্তী হৈ  অৱশেষত মহিলাগৰাকীয়ে স্বামীক কৰিলে হত্যা। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ দুৰ্গ জিলাত। এগৰাকী ৩০ বছৰীয়া মহিলাই ক’লা ৰংক লৈ স্বামীয়ে কৰা অহৰহ ঠাট্টা-মস্কৰাৰ দ্বাৰা ক্ষোভিত হৈ স্বামীক কুঠাৰেৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত মহিলাগৰাকীয়ে স্বামীৰ গুপ্তাংগও কুঠাৰেৰে কাটি পেলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মহিলাগৰাকীক।

মঙলবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজন আমলেশ্বৰ গাঁৱৰ বাসিন্দা অনন্ত সোণৱানী(৪০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে নিশা স্বামী অনন্ত সোণৱানীক হত্যা কৰাৰ অভিযোগত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলা সংগীতা সোণৱানীক।

প্ৰাথমিক তদন্তত সংগীতা সোণৱানীয়ে আৰক্ষীক জনোৱা মতে তেওঁ দেখাত ভাল নহয় বুলি কৈছিল স্বামীয়ে। স্বামীয়ে তেওঁক অনাকৰ্ষণীয় বুলি কোৱাৰ লগতে প্ৰায়ে তেওঁৰ দেহৰ ক’লা ৰঙৰ বাবে ঠাট্টা কৰিছিল। সংগীতাই জনোৱা মতে, এই বিষয়টোক লৈ বিগত সময়ছোৱাত তেওঁলোকৰ মাজত কেইবাবাৰো কাজিয়া হৈছিল।

দেওবাৰে নিশাও অনন্ত আৰু সংগীতাৰ মাজত কাজিয়া হৈছিল আৰু ক্ষোভত সংগীতাই ঘৰত ৰখা কুঠাৰেৰে স্বামীক আক্ৰমণ কৰি হত্যা কৰে। 

আৰক্ষীয়ে জনায় যে সংগীতাই পাছদিনা পুৱা কোনো লোকে তেওঁৰ স্বামীক হত্যা কৰা বুলি কৈ গাঁওবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল যদিও পাছত আৰক্ষীৰ জেৰা কৰাত তেওঁ নিজে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। উল্লেখ্য যে অনন্ত সোণৱানীয়ে প্ৰথম পত্নীৰ মৃত্যুৰ পাছত অভিযুক্ত সংগীতাক দ্বিতীয় বিবাহ কৰাইছিল।

মহিলাগৰাকীৰ বিৰুদ্ধে আই পি চি ধাৰা ৩০২ (হত্যা) আৰু অন্যান্য প্ৰাসংগিক বিধানৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক