--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্ৰাজিলৰ এখন চৰকাৰী চিকিৎসালয়ৰ প্ৰসৱ কক্ষত উপস্থিত চিকিৎসকসকল স্তম্ভিত হৈ পৰে যেতিয়া এগৰাকী মহিলাই নেজ সংলগ্ন কৰি এটি কন্যা সন্তান জন্ম দিয়ে। মানে সেই ছোৱালীজনীৰ জন্মতে প্ৰায় ৬ চে.মি. দীঘল এদাল নেজ আছিল। ছোৱালীজনীৰ নেজদাল সম্পূৰ্ণ ছাল আৰু চুলিৰে ঢাকি থোৱা আছিল। শিশুটি অসুস্থও হোৱা নাই আৰু মাকো সম্পূৰ্ণ সুস্থ আছিল।

এক প্ৰতিবেদন অনুসৰি চিজাৰিয়ান প্ৰসৱ অৰ্থাৎ অপাৰেচনৰ জৰিয়তে চিকিৎসালয়ত কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। মাতৃ সম্পূৰ্ণ শাৰীৰিকভাৱে সুস্থ আছিল যদিও জন্মতে কন্যা সন্তানটিৰ আছিল নেজ । উল্লেখযোগ্য যে সন্তানটিৰ নেজদালত উপযুক্ত পেশী আৰু স্নায়ু আছিল। এই সমগ্ৰ গোচৰৰ তথ্য জাৰ্নেল অৱ পেডিয়াট্ৰিক চাৰ্জাৰীত প্ৰকাশ পাইছে। শিশুটিৰ নেজৰ দৈৰ্ঘ্য ৫.৭ চে.মি. আৰু ব্যাস ৩.৫ মি.মি. চুলি আৰু ছালৰে আবৃত নেজদালত স্নায়ু আছিল আৰু বেজীৰে বিন্ধি  দিলে সন্তানটিয়ে  কান্দিছিল।

এক্সৰে ৰিপৰ্ট অহাৰ পাছতে চিকিৎসকৰ পৰীক্ষা নিশ্চিত হয়। য’ত দেখা গ’ল যে নেজদালত হাড় বা অন্যান্য জটিলতা নাই। অৰ্থাৎ ই শৰীৰৰ এক অসাৰ অংগ। যদিও চিকিৎসকে কোনো ধৰণৰ ৰিস্ক লোৱা নাছিল আৰু লগতে নৱজাতকৰ মগজু আৰু মেৰুদণ্ডকে ধৰি আন বহু অংগও পৰীক্ষা কৰিছিল। চিকিৎসকে একেৰাহে দুমাহ ধৰি ছোৱালীজনীৰ ওপৰত চকু ৰাখিছিল। তেওঁৰ নেজদালৰ পুনৰ পৰীক্ষা কৰোতে দেখা গ’ল যে ইয়াৰ দৈৰ্ঘ্য দিনে দিনে বাঢ়ি গৈছিল। ইয়াৰ পাছত চিকিৎসকে নেজদাল আঁতৰাই প্লাষ্টিক চাৰ্জাৰী কৰাৰ সিদ্ধান্ত লয়। সৰু অস্ত্ৰোপচাৰৰ পাছত নেজদাল আঁতৰাই দিয়া হ’ল আৰু এতিয়া সেই মৰমলগা ছোৱালীজনী সম্পূৰ্ণ ভাল। আলোচনীখনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই বিৰল ক্ষেত্ৰত শিশুটিৰ স্নায়ুতন্ত্ৰৰ লগত নেজদাল সংযুক্ত হোৱা নাছিল, সেয়েহে সাধাৰণ অস্ত্ৰোপচাৰেৰে আঁতৰাই পেলোৱা হৈছিল।

এই গোচৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যাৰ ওপৰত মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। কোনো কোনোৱে এইটো এটা অলৌকিক বুলি কৈছে, আন কোনোৱে ইয়াক সাধাৰণ বুলি উল্লেখ কৰিছে । অৱশ্যে এই বিষয়টো যদি ভাৰতৰ যিকোনো গাঁৱত চৰ্চালৈ আহিলহেঁতেন তেন্তে নিশ্চয় এই ছোৱালীজনীক চাবলৈ মানুহৰ ভিৰ হ’লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ