--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্ৰাজিলৰ এখন চৰকাৰী চিকিৎসালয়ৰ প্ৰসৱ কক্ষত উপস্থিত চিকিৎসকসকল স্তম্ভিত হৈ পৰে যেতিয়া এগৰাকী মহিলাই নেজ সংলগ্ন কৰি এটি কন্যা সন্তান জন্ম দিয়ে। মানে সেই ছোৱালীজনীৰ জন্মতে প্ৰায় ৬ চে.মি. দীঘল এদাল নেজ আছিল। ছোৱালীজনীৰ নেজদাল সম্পূৰ্ণ ছাল আৰু চুলিৰে ঢাকি থোৱা আছিল। শিশুটি অসুস্থও হোৱা নাই আৰু মাকো সম্পূৰ্ণ সুস্থ আছিল।

এক প্ৰতিবেদন অনুসৰি চিজাৰিয়ান প্ৰসৱ অৰ্থাৎ অপাৰেচনৰ জৰিয়তে চিকিৎসালয়ত কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। মাতৃ সম্পূৰ্ণ শাৰীৰিকভাৱে সুস্থ আছিল যদিও জন্মতে কন্যা সন্তানটিৰ আছিল নেজ । উল্লেখযোগ্য যে সন্তানটিৰ নেজদালত উপযুক্ত পেশী আৰু স্নায়ু আছিল। এই সমগ্ৰ গোচৰৰ তথ্য জাৰ্নেল অৱ পেডিয়াট্ৰিক চাৰ্জাৰীত প্ৰকাশ পাইছে। শিশুটিৰ নেজৰ দৈৰ্ঘ্য ৫.৭ চে.মি. আৰু ব্যাস ৩.৫ মি.মি. চুলি আৰু ছালৰে আবৃত নেজদালত স্নায়ু আছিল আৰু বেজীৰে বিন্ধি  দিলে সন্তানটিয়ে  কান্দিছিল।

এক্সৰে ৰিপৰ্ট অহাৰ পাছতে চিকিৎসকৰ পৰীক্ষা নিশ্চিত হয়। য’ত দেখা গ’ল যে নেজদালত হাড় বা অন্যান্য জটিলতা নাই। অৰ্থাৎ ই শৰীৰৰ এক অসাৰ অংগ। যদিও চিকিৎসকে কোনো ধৰণৰ ৰিস্ক লোৱা নাছিল আৰু লগতে নৱজাতকৰ মগজু আৰু মেৰুদণ্ডকে ধৰি আন বহু অংগও পৰীক্ষা কৰিছিল। চিকিৎসকে একেৰাহে দুমাহ ধৰি ছোৱালীজনীৰ ওপৰত চকু ৰাখিছিল। তেওঁৰ নেজদালৰ পুনৰ পৰীক্ষা কৰোতে দেখা গ’ল যে ইয়াৰ দৈৰ্ঘ্য দিনে দিনে বাঢ়ি গৈছিল। ইয়াৰ পাছত চিকিৎসকে নেজদাল আঁতৰাই প্লাষ্টিক চাৰ্জাৰী কৰাৰ সিদ্ধান্ত লয়। সৰু অস্ত্ৰোপচাৰৰ পাছত নেজদাল আঁতৰাই দিয়া হ’ল আৰু এতিয়া সেই মৰমলগা ছোৱালীজনী সম্পূৰ্ণ ভাল। আলোচনীখনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই বিৰল ক্ষেত্ৰত শিশুটিৰ স্নায়ুতন্ত্ৰৰ লগত নেজদাল সংযুক্ত হোৱা নাছিল, সেয়েহে সাধাৰণ অস্ত্ৰোপচাৰেৰে আঁতৰাই পেলোৱা হৈছিল।

এই গোচৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যাৰ ওপৰত মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। কোনো কোনোৱে এইটো এটা অলৌকিক বুলি কৈছে, আন কোনোৱে ইয়াক সাধাৰণ বুলি উল্লেখ কৰিছে । অৱশ্যে এই বিষয়টো যদি ভাৰতৰ যিকোনো গাঁৱত চৰ্চালৈ আহিলহেঁতেন তেন্তে নিশ্চয় এই ছোৱালীজনীক চাবলৈ মানুহৰ ভিৰ হ’লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ