--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত পুনৰ ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এইবাৰ ৰাজহুৱা স্থানত দুগৰাকী মহিলাকে ধৰি ১১জন লোকক চাবুক মৰা হয়।

তালিবানৰ উচ্চতম ন্যায়ালয়ে জনোৱা মতে, যোৱা শুকুৰবাৰে আফগানিস্তানৰ বাদাখশান খেলপথাৰত ১১ জন অপৰাধীক চাবুক মৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে 'নৈতিক অপৰাধ আৰু ব্যভিচাৰ'ৰ অভিযোগ আছিল। আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম খামা প্ৰেছে এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমে জনাইছে উত্তৰ বদখশনৰ এখন খেলপথাৰত ১১জন লোকক শাস্তি দিয়াৰ দৃশ্য চাবলৈ বহু লোক আহিছিল৷ তালিবানৰ প্ৰশাসক, শিক্ষাবিদৰ পৰা বিশিষ্ট লোকসকলো তাত সমবেত হৈছিল।

খামা প্ৰেছৰ বাতৰি অনুসৰি, কিছুদিন পূৰ্বে তালিবানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৬ জন লোকক চাবুক মৰা হৈছিল। চাউথ হেলমাণ্ড প্ৰদেশৰ গ্ৰীছাক জিলাত সংঘটিত হৈছিলল এই ঘটনা। তালিবান ক্ষমতালৈ অহাৰ পাছত এতিয়ালৈকে আফগানিস্তানত ২৫০ জন লোকক বিভিন্ন অভিযোগত এইদৰে চাবুক মাৰিছে।

তালিবান নেতা হিবাতুল্লাহ আখুণ্ড্জাদাই ন্যায়াধীশসকলক কঠোৰ শ্বৰীয়ত আইন বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। ইছলামৰ শ্বৰীয়ত আইনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়া চলাব লাগে বুলিও তেওঁ কয়। ইয়াৰ পিছত যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে আফগানিস্তানত তালিবান চৰকাৰে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক নিষিদ্ধ কৰিছে। এই ধৰণৰ আচৰণ সহ্য কৰা নহ’ব। শেহতীয়াকৈ পূব আফগানিস্তানৰ নাংগাৰহৰৰ তিনিজন যুৱকক ‘ব্যভিচাৰ’ৰ অভিযোগত মুঠ ৩৯ বাৰকৈ কোব খাইছিল। নংগাৰহাৰ প্ৰদেশৰ তালিবান প্ৰশাসকৰ মতে, এই তিনিজন যুৱকে এটা ঘৰত বাস কৰে। ‘অবৈধ যৌন সম্পৰ্ক’ৰ সন্দেহত গ্ৰেপ্তাৰ কৰে দুয়োকে। বিচাৰৰ শেষত আদালতে কোবাই কোবাই দিয়াৰ নিৰ্দেশ দিয়ে।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিছিল। ইয়াৰ পিছত সেই দেশত ছোৱালীৰ উচ্চ শিক্ষা নিষিদ্ধ কৰা হ’ল। হিজাৱ প্ৰথাৰো কটকটীয়া কৰা হৈছে। যোৱা নৱেম্বৰৰ পৰা শ্বৰীয়ত আইন কাৰ্যকৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ