--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত পুনৰ ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। এইবাৰ ৰাজহুৱা স্থানত দুগৰাকী মহিলাকে ধৰি ১১জন লোকক চাবুক মৰা হয়।

তালিবানৰ উচ্চতম ন্যায়ালয়ে জনোৱা মতে, যোৱা শুকুৰবাৰে আফগানিস্তানৰ বাদাখশান খেলপথাৰত ১১ জন অপৰাধীক চাবুক মৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে 'নৈতিক অপৰাধ আৰু ব্যভিচাৰ'ৰ অভিযোগ আছিল। আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম খামা প্ৰেছে এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমে জনাইছে উত্তৰ বদখশনৰ এখন খেলপথাৰত ১১জন লোকক শাস্তি দিয়াৰ দৃশ্য চাবলৈ বহু লোক আহিছিল৷ তালিবানৰ প্ৰশাসক, শিক্ষাবিদৰ পৰা বিশিষ্ট লোকসকলো তাত সমবেত হৈছিল।

খামা প্ৰেছৰ বাতৰি অনুসৰি, কিছুদিন পূৰ্বে তালিবানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৬ জন লোকক চাবুক মৰা হৈছিল। চাউথ হেলমাণ্ড প্ৰদেশৰ গ্ৰীছাক জিলাত সংঘটিত হৈছিলল এই ঘটনা। তালিবান ক্ষমতালৈ অহাৰ পাছত এতিয়ালৈকে আফগানিস্তানত ২৫০ জন লোকক বিভিন্ন অভিযোগত এইদৰে চাবুক মাৰিছে।

তালিবান নেতা হিবাতুল্লাহ আখুণ্ড্জাদাই ন্যায়াধীশসকলক কঠোৰ শ্বৰীয়ত আইন বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। ইছলামৰ শ্বৰীয়ত আইনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়া চলাব লাগে বুলিও তেওঁ কয়। ইয়াৰ পিছত যোৱা নৱেম্বৰৰ পৰা আফগানিস্তানত ৰাজহুৱা শাস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে আফগানিস্তানত তালিবান চৰকাৰে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক নিষিদ্ধ কৰিছে। এই ধৰণৰ আচৰণ সহ্য কৰা নহ’ব। শেহতীয়াকৈ পূব আফগানিস্তানৰ নাংগাৰহৰৰ তিনিজন যুৱকক ‘ব্যভিচাৰ’ৰ অভিযোগত মুঠ ৩৯ বাৰকৈ কোব খাইছিল। নংগাৰহাৰ প্ৰদেশৰ তালিবান প্ৰশাসকৰ মতে, এই তিনিজন যুৱকে এটা ঘৰত বাস কৰে। ‘অবৈধ যৌন সম্পৰ্ক’ৰ সন্দেহত গ্ৰেপ্তাৰ কৰে দুয়োকে। বিচাৰৰ শেষত আদালতে কোবাই কোবাই দিয়াৰ নিৰ্দেশ দিয়ে।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিছিল। ইয়াৰ পিছত সেই দেশত ছোৱালীৰ উচ্চ শিক্ষা নিষিদ্ধ কৰা হ’ল। হিজাৱ প্ৰথাৰো কটকটীয়া কৰা হৈছে। যোৱা নৱেম্বৰৰ পৰা শ্বৰীয়ত আইন কাৰ্যকৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ