--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বলিছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ গৰম বতাহ। এনে সময়তে কংগ্ৰেছৰ  নেতা ৰাহুল গান্ধীয়ে বুধবাৰে জাতিগত লোকপিয়ল নকৰাৰ বাবে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰে। ৰাহুলে  কয় যে ভাৰতৰ জনসাধাৰণৰ বাবে ন্যায় নিশ্চিত কৰাটো তেওঁৰ জীৱনৰ লক্ষ্য। 'সামাজিক ন্যায় সন্মিলন'ত ভাষণ দি   কংগ্ৰেছ নেতাজনে অভিযোগ কৰে যে যিসকলে নিজকে 'দেশভক্ত' বুলি কয় তেওঁলোকে জাতিগত লোকপিয়লক লৈ ভয় খাইছে। ৰাহুলে কয়  যে যদি কংগ্ৰেছ  নিৰ্বাচনত জয়ী হয় তেন্তে কোনো শক্তিয়ে জাতিগত লোকপিয়ল  বাধা দিব নোৱাৰে। ৰাহুল গান্ধীয়ে লগতে  কয় যে ভাৰতৰ জনসাধাৰণৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু জাতিগত লোকপিয়ল কৰাটো তেওঁৰ জীৱনৰ লক্ষ্য। 

তেওঁ ৯০ শতাংশ লোকৰ বাবে ন্যায় নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে  ।  ৰাহুলে কয় "আমি চৰকাৰ গঠন কৰিলেই  প্ৰথম কামটো হ'ল জাতিগত লোকপিয়ল," । ৰাহুলে লগতে অভিযোগ কৰে যে মোদী চৰকাৰে কেইজনমান বিলিয়নেয়াৰৰ হাতত  কোটি কোটি টকা তুলি দিছে।   কেৰালাৰ ৱায়ানাডৰ কংগ্ৰেছ সাংসদগৰাকীয়ে দাবী কৰে  যে ভাৰতৰ ধনী লোকৰ তালিকাত  পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ কোনো লোক  নাই। ৰাহুলে কয়  "প্ৰধানমন্ত্ৰী মোদীয়ে দহ বছৰ ধৰি কৈ আহিছে তেওঁ এজন অ'বিচি,  কিন্তু যেতিয়া মই জাতিগত লোকপিয়লৰ কথা কৈছিলো, মোদীয়ে কৈছিল যে কোনো জাতি নাই। যদি কোনো জাতি নাই তেন্তে আপুনি অবিচি কেনেদৰে হ'ল ? তেতিয়া তেওঁ কৈছিল যে ভাৰতত মাত্ৰ দুটা জাতি দৰিদ্ৰ আৰু ধনী আছে। ঠিক আছে যদি আপুনি সন্মত হয় যে ভাৰতত ধনী আৰু দৰিদ্ৰ লোক আছে, তেন্তে ভাৰতত দৰিদ্ৰ আৰু ধনী লোকৰ তালিকা প্ৰকাশ কৰক । তেতিয়া আপুনি দৰিদ্ৰ লোকৰ তালিকাত অ'বিচি আৰু দলিত, আদিবাসীসকলক বিচাৰি পাব, আৰু ধনী লোকৰ  তালিকাত কোনো দলিত, আদিবাসী আৰু পিছ পৰা শ্ৰেণীৰ লোকক দেখা নাপাব," । দিল্লীৰ সামাজিক ন্যায় সন্মিলনত জাতিগত লোকপিয়ল সন্দৰ্ভত বক্তব্য ৰাখি ৰাহুল গান্ধীয়ে কয়, "... ৭০  বছৰৰ পিছত, ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ, আমি এতিয়া পৰিস্থিতি কি আৰু আমি কি সিদ্ধান্ত ল'ব লাগিব সেয়া  মূল্যায়ন কৰা উচিত।"  দেশৰ একাধিক প্ৰদেশত জাতিগত লোকপিয়লৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ