--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ এবাৰ প্ৰেমৰ সন্মুখত সেও মানিলে ‘দূৰত্ব’ই। ভাষা, ধৰ্ম আৰু ৰীতি-নীতিৰ সকলো বন্ধন ভংগ হ’ল প্ৰেমৰ ওচৰত। জাৰ্মানৰ কইনা আৰু বিহাৰৰ দৰা! হোমৰ জুইৰ সাক্ষী কৰি দুয়োয়ে বিবাহপাশত আবদ্ধ হ’ল, সকলোৱে মাথোঁ নিৰবিকাৰ হৈ ৰ’ লাগি চায় থাকিল দুয়োকে। এই অনন্য বিবাহৰ সাক্ষী হৈছে সমগ্ৰ দেশ। দুয়োৰে প্ৰেমকাহিনী তিনি বছৰীয়া। কৰ’নাৰ কাৰণে বিয়াখন পিছুৱাই দিয়া হৈছিল কিন্তু আজি দুয়ো বিবাহপাশত আবদ্ধ হয়। নৱাদাৰ নৰহাট খণ্ডৰ বেৰোটা সতীন্দ্ৰ কুমাৰ আৰু জাৰ্মানীৰ লাৰিছা বেইলছে হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। দুয়োজনে চুইডেনত একেলগে গৱেষণা কৰিছিল। জাৰ্মানীৰ লাৰিছাই হিন্দী নাজানে বা নাজানে ভাৰতৰ আইন-শৃংখলাও, কিন্তু যেতিয়া বিবাহ অনুষ্ঠান আৰম্ভ হৈছিল, তেতিয়া তেওঁ সেই সকলোবোৰ ৰীতি-নীতি পালন কৰিছিল তেওঁ। হালধি ঘঁহিছিল, সকলো ৰীতি-নীতি অনুসৰি কইনাগৰাকীয়ে হিন্দু প্ৰথা মানি বিবাহপাশত আবদ্ধ হৈছিল। সিৰত সেন্দুৰ পৰিধান কৰি লাৰিছা হৈ পৰিছিল ভাৰতীয় বোৱাৰী৷ লাৰিছাই বিবাহৰ বাবে বিশেষ ভিছা লৈ ভাৰতলৈ আহিছে। তেওঁৰ পিতৃ-মাতৃয়ে ভিছা লাভ কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁৰ বিবাহানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে, আনহাতে সতীন্দ্ৰৰ গোটেই পৰিয়াল আৰু গাঁওবাসীয়েও এই বিবাহ প্ৰত্যক্ষ কৰিছিল। ৰাজগীৰত অৱস্থিত এখন হোটেলত বিবাহৰ সকলো ৰীতি-নীতি সম্পন্ন কৰা হৈছিল। ২০১৯ চনৰ প্ৰেমৰ হাবুডাবু খোৱা লাৰিছাই তিনি বছৰৰ পাছত তেওঁ ভাৰতলৈ আহি ইয়াত বিবাহ পাশত আবদ্ধ হোৱাৰ পৰিকল্পনাও কৰিছিল। তেওঁ কৈছিল- “মই ভাৰতলৈ আহি জীৱনটো উপভোগ কৰিব পাৰিছো। ইয়াত থকা লোকসকল বৰ ভাল। ইয়াত থকা সংস্কৃতি আৰু মোৰ সংস্কৃতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে, কিন্তু প্ৰেম এটা ডাঙৰ বস্তু। মই ভাষা ভালদৰে বুজিব নোৱাৰো, মই কেৱল কেইটামান শব্দহে বুজি পাওঁ। মোৰ স্বামীয়ে অনুবাদ কৰি বুজাবলৈ চেষ্টা কৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল