--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ দৰে বিপাঙত পৰিছিল বিগ্নেশ নামৰ যুৱকজন। অৱশ্যে বিগ্নেশৰ কাহিনী যথেষ্ট কঠিন আছিল যদিও তেওঁৰ কাহিনী অলপ বেলেগ ধৰণৰ আছিল। ইউক্ৰেইনৰ পৰা পলায়ন কৰি ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ থকাৰ সময়তে বিগ্নেশৰ জীৱনত সংগোপনে প্ৰৱেশ কৰিলে প্ৰেমে। ভিগনেশ ইউক্ৰেইনৰ ইভানোফ্ৰাঙ্কিস্ক নেচনেল মেডিকেল বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ। যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই তেওঁ ৰাতিটোৰ ভিতৰতে হোষ্টেল এৰি ৰোমানিয়া সীমান্তলৈ পলাই যায়। চাৰিৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত চিৰেট সীমান্তত উপস্থিত হয়, কিন্তু পাছত তেওঁৰ সহপাঠীসকলৰ বাবে গৰম কাপোৰ নিবলৈ পুনৰ বিশ্ববিদ্যালয়লৈ উভতি আহে। তাৰপাছত তেওঁ হালমেয়ুৰ পৰা ৰোমানিয়া সীমান্ত অতিক্ৰম কৰে। তৃতীয় দিনা ৰে'লত বুখাৰেষ্টলৈ যায়। তাৰপাছত তেওঁ সেই স্থানৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বৰ ভিজুৰেষ্টি নামৰ এখন গাঁৱত আন শিক্ষাৰ্থীৰ সৈতে এটা গীৰ্জাত আশ্ৰয় লয়। ইয়াত থকা গাওঁখনৰ পৰিয়ালবোৰে ভাৰতীয় দূতাবাস আৰু এটা বেচৰকাৰী সংগঠনৰ সহায়ত তেওঁলোকৰ যত্ন লৈছিল। সেই সময়তে বিগ্নেশে ভিজুৰেষ্টি গাঁৱৰ চিমোনা নামৰ এজনী ছোৱালীৰ প্ৰেমত পৰে। সেই প্ৰেম কেতিয়াও হেৰুৱাব নিবিচাৰি চিমোনাক পোনপটীয়াকৈ বিয়াৰ প্ৰস্তাৱ দিয়ে বিগ্নেশে। বৰ্তমান চিমোনাই সেই প্ৰস্তাৱটোৰ বিষয়ে ভাবিবলৈ কিছু সময় লৈছে। দুয়ো এই গাওঁখনত প্ৰায় তিনিদিন ধৰি লগ হৈছিল। বৰ্তমান বিগ্নেশে ৰোমানিয়াৰ পৰা ভাৰতলৈ আৰু তাৰপাছত কেৰালাৰ ত্ৰিবেন্দ্ৰত থকা তেওঁৰ ঘৰলৈ ৰাওনা হয়। বিগ্নেশে আশা কৰিছে যে চিমোনাৰ উত্তৰ 'হা' হ'ব আৰু অতি সোনকালে ভাৰতৰ বোৱাৰী হ'ব ৰোমানিয়াৰ যুৱতীগৰাকী। আৰু পঢ়কঃ আজি আন্তর্জাতিক নাৰী দিৱস; কুশলে থাকক প্ৰতিগৰাকী নাৰী  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন