--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ দৰে বিপাঙত পৰিছিল বিগ্নেশ নামৰ যুৱকজন। অৱশ্যে বিগ্নেশৰ কাহিনী যথেষ্ট কঠিন আছিল যদিও তেওঁৰ কাহিনী অলপ বেলেগ ধৰণৰ আছিল। ইউক্ৰেইনৰ পৰা পলায়ন কৰি ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ থকাৰ সময়তে বিগ্নেশৰ জীৱনত সংগোপনে প্ৰৱেশ কৰিলে প্ৰেমে। ভিগনেশ ইউক্ৰেইনৰ ইভানোফ্ৰাঙ্কিস্ক নেচনেল মেডিকেল বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ। যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই তেওঁ ৰাতিটোৰ ভিতৰতে হোষ্টেল এৰি ৰোমানিয়া সীমান্তলৈ পলাই যায়। চাৰিৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত চিৰেট সীমান্তত উপস্থিত হয়, কিন্তু পাছত তেওঁৰ সহপাঠীসকলৰ বাবে গৰম কাপোৰ নিবলৈ পুনৰ বিশ্ববিদ্যালয়লৈ উভতি আহে। তাৰপাছত তেওঁ হালমেয়ুৰ পৰা ৰোমানিয়া সীমান্ত অতিক্ৰম কৰে। তৃতীয় দিনা ৰে'লত বুখাৰেষ্টলৈ যায়। তাৰপাছত তেওঁ সেই স্থানৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বৰ ভিজুৰেষ্টি নামৰ এখন গাঁৱত আন শিক্ষাৰ্থীৰ সৈতে এটা গীৰ্জাত আশ্ৰয় লয়। ইয়াত থকা গাওঁখনৰ পৰিয়ালবোৰে ভাৰতীয় দূতাবাস আৰু এটা বেচৰকাৰী সংগঠনৰ সহায়ত তেওঁলোকৰ যত্ন লৈছিল। সেই সময়তে বিগ্নেশে ভিজুৰেষ্টি গাঁৱৰ চিমোনা নামৰ এজনী ছোৱালীৰ প্ৰেমত পৰে। সেই প্ৰেম কেতিয়াও হেৰুৱাব নিবিচাৰি চিমোনাক পোনপটীয়াকৈ বিয়াৰ প্ৰস্তাৱ দিয়ে বিগ্নেশে। বৰ্তমান চিমোনাই সেই প্ৰস্তাৱটোৰ বিষয়ে ভাবিবলৈ কিছু সময় লৈছে। দুয়ো এই গাওঁখনত প্ৰায় তিনিদিন ধৰি লগ হৈছিল। বৰ্তমান বিগ্নেশে ৰোমানিয়াৰ পৰা ভাৰতলৈ আৰু তাৰপাছত কেৰালাৰ ত্ৰিবেন্দ্ৰত থকা তেওঁৰ ঘৰলৈ ৰাওনা হয়। বিগ্নেশে আশা কৰিছে যে চিমোনাৰ উত্তৰ 'হা' হ'ব আৰু অতি সোনকালে ভাৰতৰ বোৱাৰী হ'ব ৰোমানিয়াৰ যুৱতীগৰাকী। আৰু পঢ়কঃ আজি আন্তর্জাতিক নাৰী দিৱস; কুশলে থাকক প্ৰতিগৰাকী নাৰী  

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল