--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেমাৰ আহি কেতিয়া লগ লাগেহি সেয়া কোনেও ক'ব নোৱাৰে। এজন সুস্থ মানুহে হঠাতে অনুভৱ কৰিছিল যে তেওঁ উশাহ-নিশাহত কষ্ট পাইছে আৰু খাদ্য ভালদৰে খাব নোৱাৰে। চিকিৎসকৰ ওচৰলৈ যাম যাম বুলি এনেকৈয়ে তেওঁ ছমাহ কাল কটায় দিলে। সমস্যা বেছিকৈ বাঢ়ি অহাত অৱশেষত তেওঁ চিকিৎসকৰ কাষ চাপিল। 

চিকিৎসকে পৰীক্ষা কৰি দেখে যে তেওঁৰ ডিঙিত নাৰিকলৰ সমান এটা টিউমাৰ আছে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে ৭২ বছৰীয়া ৰোগীজনৰ ডিঙিৰ পৰা নাৰিকল আকাৰৰ থাইৰয়ড টিউমাৰটো সফলতাৰে আঁতৰাই পেলায়। বিহাৰৰ বেগুচৰাইৰ বাসিন্দা ৰঘুবীৰ বিগত ছমাহ ধৰি উশাহ-নিশাহ লোৱা আৰু খাদ্য সামগ্ৰী গিলিবলৈ অসুবিধা পাই আছিল। তেওঁক চিকিৎসাৰ বাবে ছাৰ গংগা ৰাম চিকিৎসালয়লৈ অনা হয়।

অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ সংগীত আগৰৱালাই কয় যে ডিঙিত পখিলাৰ আকৃতিৰ থাইৰয়ড গ্ৰন্থি থাকে। কিন্তু টিউমাৰৰ বাবে ই নাৰিকলতকৈ ডাঙৰ হৈ পৰিছিল। যাৰ ওজন প্ৰায় এক কিলোগ্ৰাম আৰু আকাৰ আছিল ১৮-২০ চেণ্টিমিটাৰৰ ভিতৰত। যোৱা ২৫ বছৰ ধৰি ৰোগীজনৰ টিউমাৰ আছিল। যিটো লাহে লাহে বাঢ়ি আহিছিল। কিন্তু, তেওঁ এই কথা উপলব্ধি কৰা নাছিল। পৰীক্ষাত টিউমাৰটো পোৱা গৈছিল। 

ডাক্তৰে কয় যে প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিউমাৰৰ ঘটনা পোহৰলৈ আহিছে। পখিলাৰ আকৃতিৰ থাইৰয়ড গ্ৰন্থিৰ আকাৰ সাধাৰণতে ৩-৪ চে.মি. আৰু ওজন ১০-১৫ গ্ৰাম। কিন্তু ৰোগীজনৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণ বিপৰীত আছিল। ৰোগীৰ বয়সৰ বাবে অস্ত্ৰোপচাৰ কৰাটোও এক প্ৰত্যাহ্বান আছিল। টিউমাৰৰ বাবে বতাহৰ পাইপটো সংকীৰ্ণ হৈ পৰিছিল। লগতে টিউমাৰ আঁতৰোৱাৰ সময়ত ৰোগীৰ মাত ৰক্ষা কৰাটো প্ৰয়োজনীয় আছিল। ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু