--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেমাৰ আহি কেতিয়া লগ লাগেহি সেয়া কোনেও ক'ব নোৱাৰে। এজন সুস্থ মানুহে হঠাতে অনুভৱ কৰিছিল যে তেওঁ উশাহ-নিশাহত কষ্ট পাইছে আৰু খাদ্য ভালদৰে খাব নোৱাৰে। চিকিৎসকৰ ওচৰলৈ যাম যাম বুলি এনেকৈয়ে তেওঁ ছমাহ কাল কটায় দিলে। সমস্যা বেছিকৈ বাঢ়ি অহাত অৱশেষত তেওঁ চিকিৎসকৰ কাষ চাপিল। 

চিকিৎসকে পৰীক্ষা কৰি দেখে যে তেওঁৰ ডিঙিত নাৰিকলৰ সমান এটা টিউমাৰ আছে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে ৭২ বছৰীয়া ৰোগীজনৰ ডিঙিৰ পৰা নাৰিকল আকাৰৰ থাইৰয়ড টিউমাৰটো সফলতাৰে আঁতৰাই পেলায়। বিহাৰৰ বেগুচৰাইৰ বাসিন্দা ৰঘুবীৰ বিগত ছমাহ ধৰি উশাহ-নিশাহ লোৱা আৰু খাদ্য সামগ্ৰী গিলিবলৈ অসুবিধা পাই আছিল। তেওঁক চিকিৎসাৰ বাবে ছাৰ গংগা ৰাম চিকিৎসালয়লৈ অনা হয়।

অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ সংগীত আগৰৱালাই কয় যে ডিঙিত পখিলাৰ আকৃতিৰ থাইৰয়ড গ্ৰন্থি থাকে। কিন্তু টিউমাৰৰ বাবে ই নাৰিকলতকৈ ডাঙৰ হৈ পৰিছিল। যাৰ ওজন প্ৰায় এক কিলোগ্ৰাম আৰু আকাৰ আছিল ১৮-২০ চেণ্টিমিটাৰৰ ভিতৰত। যোৱা ২৫ বছৰ ধৰি ৰোগীজনৰ টিউমাৰ আছিল। যিটো লাহে লাহে বাঢ়ি আহিছিল। কিন্তু, তেওঁ এই কথা উপলব্ধি কৰা নাছিল। পৰীক্ষাত টিউমাৰটো পোৱা গৈছিল। 

ডাক্তৰে কয় যে প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিউমাৰৰ ঘটনা পোহৰলৈ আহিছে। পখিলাৰ আকৃতিৰ থাইৰয়ড গ্ৰন্থিৰ আকাৰ সাধাৰণতে ৩-৪ চে.মি. আৰু ওজন ১০-১৫ গ্ৰাম। কিন্তু ৰোগীজনৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণ বিপৰীত আছিল। ৰোগীৰ বয়সৰ বাবে অস্ত্ৰোপচাৰ কৰাটোও এক প্ৰত্যাহ্বান আছিল। টিউমাৰৰ বাবে বতাহৰ পাইপটো সংকীৰ্ণ হৈ পৰিছিল। লগতে টিউমাৰ আঁতৰোৱাৰ সময়ত ৰোগীৰ মাত ৰক্ষা কৰাটো প্ৰয়োজনীয় আছিল। ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক