--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰী পণ্ডিতৰ ওপৰত হৈ থকা আক্ৰমণৰ ঘটনাসমূহে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।এনে সময়তে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি কাশ্মীৰৰ সকলো সমস্যাৰ বাবে জৱাহৰলাল নেহৰুকে দোষাৰোপ কৰিছে।

কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰ উপত্যকা এৰিবলৈ বাধ্য হৈছে। ১৯৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছতো জন্মভূমি এৰি নোযোৱা শ্বপিয়ানৰ পৰিয়ালবোৰেও উপত্যকা ত্যাগ কৰিবলৈ লৈছে। আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি কাশ্মীৰৰ এনে সকলো সমস্যাৰ বাবে জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে  কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাক লৈ মোদী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। ৰাহুল গন্ধীয়ে কৈছিল "কেৱল এই বছৰেই কাশ্মীৰত ৩০ জন কাশ্মীৰী পণ্ডিত নিহত হৈছে। অঞ্চলটোৰ পৰা পলায়ন কৰা কাশ্মীৰী পণ্ডিতৰ সংখ্যা বহু বৃদ্ধি পাইছে। বিজেপিয়ে ইউপিএ চৰকাৰৰ দ্বাৰা কৰা ভাল কামবোৰ নষ্ট কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষমতালৈ অহাৰ আগতে ডাঙৰ কথা কৈছিল। কিন্তু তেওঁ এতিয়া ক্ষমতা উপভোগ কৰি আছে আৰু কাশ্মীৰী পণ্ডিতসকল তেওঁলোকৰ নিজৰ ৰাজ্যতে শৰণাৰ্থী। কংগ্ৰেছে আজি দাবী জনাইছে যে মোদী চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ বিষয়ত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে"।

 নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই এই বিষয়ত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ হস্তক্ষেপ দাবী কৰিছে। ফাৰুক আব্দুলাই আশংকা কৰিছে যে যদি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে কাশ্মীৰ ১০০ শতাংশ হিন্দু-মুক্ত হ'ব। তেওঁৰ মতে, কাশ্মীৰী পণ্ডিতসকলৰ জীৱনলৈ ১৯৯০-ৰ দশকৰ দৰে পৰিস্থিতি ঘূৰি আহিছে। তেওঁ লগতে এই সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰো দাবী জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাবী কৰে যে ৫ আগষ্ট, ২০১৯ত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কাশ্মীৰত শান্তি আৰু প্ৰগতিৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৫ আগষ্ট, ২০১৯-ৰ আগৰ ৩৭ টা মাহ আৰু পৰৱৰ্তী ৩৭ টা মাহৰ তুলনাত সন্ত্ৰাসবাদী আক্ৰমণত ৩৪ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ মৃত্যুৰ সংখ্যাও ৫৪ শতাংশ হ্ৰাস পাইছে। আইন মন্ত্ৰী ৰিজিজুৱে কয় যে কাশ্মীৰ সমস্যাটো নেহৰুৱে সৃষ্টি কৰিছিল। তেওঁৰ পাঁচটা ভুলেই কাশ্মীৰত সমস্যাৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে, অগণন লোকৰ মৃত্যু হ'ব লগা হৈছে। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ভুলবোৰ সংশোধন কৰি আছে।

কংগ্ৰেছে ৰিজিজুৰ মন্তব্যৰ  প্ৰত্যুত্তৰ দি কয় যে মোদী চৰকাৰৰ ৭০ জন মন্ত্ৰী জনসম্পৰ্ক আৰু প্ৰচাৰৰ বাবে কাশ্মীৰলৈ গৈছে। তেওঁলোকৰ কোনোবা কাশ্মীৰী পণ্ডিতৰ শিবিৰলৈ গৈছে নেকি? কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই অভিযোগ কৰে যে এই বছৰৰ জানুৱাৰী আৰু অক্টোবৰৰ ভিতৰত ৩০ জন কাশ্মীৰী পণ্ডিতক  হত্যা কৰা হৈছিল। কাশ্মীৰী পণ্ডিতসকলে তেওঁলোকৰ জীৱনৰ ভয়ত তেওঁলোকৰ অঞ্চল এৰি গৈছে। 
১৫ অক্টোবৰত শ্বপিয়ানত সন্ত্ৰাসবাদীৰ আক্ৰমণত পূৰ্ণ কৃষ্ণ ভাট নামৰ এজন কাশ্মীৰী পণ্ডিত নিহত হৈছিল। ১৮ অক্টোবৰত শ্বপিয়ানত গ্ৰেনেড আক্ৰমণত মনীষ কুমাৰ আৰু ৰাম সাগৰ নিহত হৈছিল।

কাশ্মীৰী পণ্ডিতসকলে নিৰন্তৰ আক্ৰমণৰ বাবে ঘৰ এৰিবলৈ আৰম্ভ কৰিছে। খেৰাই প্ৰশ্ন কৰে, "চৰকাৰে ৩০ জন লোকৰ হত্যাৰ ব্যাখ্যা দিব লাগিব। এইটো কেনেকৈ স্বাভাৱিক হ'ব পাৰে?" কাশ্মীৰ সমস্যাৰ বাবে নেহৰুক দোষাৰোপ কৰাৰ প্ৰসংগত  খেৰাই সুধিছে, "বিজেপি নেতাসকল হোৱাটছএপ নাৰ্চাৰীৰ ছাত্ৰ। তেওঁলোকে পুনৰ ইতিহাস পঢ়িব লাগিব। কেতিয়াবা নেহৰু, কেতিয়াবা ইন্দিৰা গান্ধী, কেতিয়াবা পি ভি নৰসিংহ ৰাও বা মনমোহন সিং, আদিক নিজৰ ব্যৰ্থতা ঢাকিবলৈ দোষাৰোপ কৰা সহজ। কিন্তু মোদী চৰকাৰ আঠ বছৰ ধৰি শাসনত আছে। মনমোহন সিঙৰ সময়ত, কাশ্মীৰী পণ্ডিতসকলৰ  হত্যা  বন্ধ হৈ গৈছিল। ৭৫ শতাংশ লোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। এতিয়া মোদী চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ বাবে কি কৰিছে? তেওঁলোকক সুৰক্ষা দিব নোৱাৰে নেকি? কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে?" উল্লেখ্য ১৯৮৯ চনত বিজেপি সমৰ্থিত ভি পি সিং চৰকাৰৰ সময়তে প্ৰথমে কাশ্মীৰী পণ্ডিতসকলে ঘৰ এৰিব লগা হৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement