--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে  ৭৫ টকাৰ মুদ্ৰা প্ৰস্তুত কৰিব। বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই  কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষে টৰকাৰে  ৭৫ টকাৰ এটা স্মাৰক মুদ্ৰা মুকলি কৰিব৷ ২৫ মে'ত জাৰি কৰা এক গেজেট অধিসূচনাত বিত্ত মন্ত্ৰালয়ে কয় যে  'মুদ্ৰা (নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে স্মাৰক মুদ্ৰাৰ জাৰি) নিয়ম, ২০২৩ ৰ অধীনত সেই ৭৫ টকাৰ মুদ্ৰাটো মুকলি  কৰা হ'ব।

 মুখপাত্ৰগৰাকীয়ে লগতে কয় যে  মুদ্ৰাটোৰ ব্যাস ৪৪ মিমি হ'ব আৰু ইয়াত ২০০ টা চেৰেচন থাকিব। মুদ্ৰাটো ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংকেৰে তৈয়াৰ কৰা হ'ব। "মুদ্ৰাটোৰ কেন্দ্ৰত অশো স্তম্ভৰ সিংহ আৰু  তলত হিন্দী ভাষাত  'সত্যমেৱ জয়তে' লিখা থাকিব, দেৱনাগৰী লিপিত 'ভাৰত'  আৰু ইংৰাজীত 'ইণ্ডিয়া ' শব্দও লিখা  থাকিব।

মুদ্ৰাটোৰ ওলোটা ফালে, সংসদ ভৱনৰ  এখন ছবি থাকিব। মুদ্ৰাটোৰ ওজন হ'ব ৩৫ গ্ৰাম।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ২৮ মে'ত নতুন সংসদ ভৱন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনত আনুষ্ঠানিক ৰাজদণ্ড 'চেঙ্গোল' স্থাপন কৰিব। ১৯৪৭ চনৰ আগষ্টত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক 'চেঙ্গোল' প্ৰদান কৰা  হৈছিল।

 উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ২০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। নতুন সংসদ ভৱনত  মুঠ ৯৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত ৰাষ্ট্ৰীয় প্ৰতীক আছে আৰু ইয়াৰ  উচ্চতা ৬.৫ মিটাৰ। ইয়াক নতুন সংসদ ভৱনৰ কেন্দ্ৰীয় স্থলৰ  শীৰ্ষত স্থাপন কৰা হৈছে। প্ৰতীকটো ধৰি ৰাখিবলৈ  কপ্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এটা সহায়ক গাঁথনি নিৰ্মাণ কৰা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস