--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০০ যুৱতীক  ব্লেকমেইল কৰি বলাৎকাৰ কৰাৰ এক কৰুণ আৰু শিহৰণকাৰী কাহিনী। প্ৰায় ৩০ বছৰ পূৰ্বে সংঘটিত এই ঘটনাই সমগ্ৰ দেশতে কঁপনি তুলিছিল। ৩০ বছৰ পাৰ হৈ গ’ল যদিও এতিয়া সেই বৰ্বৰ লোমহৰ্ষক কাহিনীকে চেলুলয়েডত বন্দী কৰা হ’ব।  কাশ্মীৰ ফাইলছ আৰু কেৰালা ষ্টৰীৰ পিছত এইবাৰ নিৰ্মাণ কৰা হ’ব আজমেৰ ফাইলছ । 

১৯৯২ চনত ৰাজস্থানৰ আজমেৰত প্ৰায় ৩০০ গৰাকী ছোৱালীক ধৰ্ষণ কৰা হৈছিল।কৌশলেৰে সেই যুৱতীসকলৰ নগ্ন ছবি তুলি সেইবোৰ দেখুৱাই তেওঁলোকক  ব্লেকমেইল কৰা হৈছিল। সেই  ঘটনাৰ আধাৰতে এটা ৱেব চিৰিজ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। কৰা হৈছে। প্ৰায় ৩০  বছৰ আগতে এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ৱেব চিৰিজৰ জড়িয়তে  টিপছ ফিল্মছ লিমিটেডে ওটিটিৰ পৃথিৱীত ভৰি দিবলৈ সাজু হৈছে।

 অভিষেক দুধাইয়া চিৰিজটোৰ  সহ-প্ৰযোজক হ'ব। তেওঁ দুবছৰ আগতে অজয় দেৱগন অভিনীত  ভুজ - দ্য প্ৰাইড অফ ইণ্ডিয়া চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল। ১৯৭৫ চনত এটা সংগীত প্ৰতিষ্ঠান হিচাপে আৰম্ভ হোৱা টিপছ ইণ্ডাষ্ট্ৰিজে যোৱা দুটা দশকত বহু জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে, যাৰ ভিতৰত আছে চলমান খান অভিনীত ৰেচ ফ্ৰেঞ্চাইজি। টিপছ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ এমডি আৰু অধ্যক্ষ কুমাৰ তৌৰানীয়ে ৱেব চিৰিজটোৰ কথা  নিশ্চিত কৰি কয় যে কৌশলগত দৃষ্টিকোণৰ পৰা এয়া  আমাৰ বাবে এক নতুন সুযোগ হ’ব।  অভিষেক দুধাইয়াৰ মতে এই চিৰিজটোৰ পৰিকল্পনা কৰোঁতে সঁচা ঘটনাৰ ওপৰত আধাৰিত কৰি কাহিনীটো সাৱধানে প্ৰস্তুত কৰা হৈছে। চিৰিজটোৰ বাবে  শিল্পীসকলৰ কাষ্টিং আৰম্ভ হৈছে। 

উল্লেখ্য  ১৯৯২ চনত আজমেৰৰ    আজমেৰৰ এটা প্ৰভাৱশালী পৰিয়াল, তেওঁলোকৰ  আত্মীয় আৰু পৰিচিত লোকসকলে প্ৰায় ৩০০  যুৱতীকৰ নগ্ন ফটো তুলি ধৰ্ষণ আৰু ব্লেকমেইল কৰিছিল। ব্লেকমেইল কৰি  বহুতো যুৱতীক  পতিতাবৃত্তিলৈ ঠেলি দিয়া হৈছিল। তেওঁলোকৰ জীৱন ধ্বংস হৈ গৈছিল। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে  সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি  হৈছিল। আৰক্ষীয়ে সেই সময়তে বহু লোকক  গ্ৰেপ্তাৰ কৰিছিল। বিচাৰটো বহু বছৰ ধৰি আদালতত চলিছিল। কিন্তু আজিও এই গোচৰটোৰ সকলো অপৰাধী ধৰা পৰা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ