--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০০ যুৱতীক  ব্লেকমেইল কৰি বলাৎকাৰ কৰাৰ এক কৰুণ আৰু শিহৰণকাৰী কাহিনী। প্ৰায় ৩০ বছৰ পূৰ্বে সংঘটিত এই ঘটনাই সমগ্ৰ দেশতে কঁপনি তুলিছিল। ৩০ বছৰ পাৰ হৈ গ’ল যদিও এতিয়া সেই বৰ্বৰ লোমহৰ্ষক কাহিনীকে চেলুলয়েডত বন্দী কৰা হ’ব।  কাশ্মীৰ ফাইলছ আৰু কেৰালা ষ্টৰীৰ পিছত এইবাৰ নিৰ্মাণ কৰা হ’ব আজমেৰ ফাইলছ । 

১৯৯২ চনত ৰাজস্থানৰ আজমেৰত প্ৰায় ৩০০ গৰাকী ছোৱালীক ধৰ্ষণ কৰা হৈছিল।কৌশলেৰে সেই যুৱতীসকলৰ নগ্ন ছবি তুলি সেইবোৰ দেখুৱাই তেওঁলোকক  ব্লেকমেইল কৰা হৈছিল। সেই  ঘটনাৰ আধাৰতে এটা ৱেব চিৰিজ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। কৰা হৈছে। প্ৰায় ৩০  বছৰ আগতে এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ৱেব চিৰিজৰ জড়িয়তে  টিপছ ফিল্মছ লিমিটেডে ওটিটিৰ পৃথিৱীত ভৰি দিবলৈ সাজু হৈছে।

 অভিষেক দুধাইয়া চিৰিজটোৰ  সহ-প্ৰযোজক হ'ব। তেওঁ দুবছৰ আগতে অজয় দেৱগন অভিনীত  ভুজ - দ্য প্ৰাইড অফ ইণ্ডিয়া চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল। ১৯৭৫ চনত এটা সংগীত প্ৰতিষ্ঠান হিচাপে আৰম্ভ হোৱা টিপছ ইণ্ডাষ্ট্ৰিজে যোৱা দুটা দশকত বহু জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে, যাৰ ভিতৰত আছে চলমান খান অভিনীত ৰেচ ফ্ৰেঞ্চাইজি। টিপছ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ এমডি আৰু অধ্যক্ষ কুমাৰ তৌৰানীয়ে ৱেব চিৰিজটোৰ কথা  নিশ্চিত কৰি কয় যে কৌশলগত দৃষ্টিকোণৰ পৰা এয়া  আমাৰ বাবে এক নতুন সুযোগ হ’ব।  অভিষেক দুধাইয়াৰ মতে এই চিৰিজটোৰ পৰিকল্পনা কৰোঁতে সঁচা ঘটনাৰ ওপৰত আধাৰিত কৰি কাহিনীটো সাৱধানে প্ৰস্তুত কৰা হৈছে। চিৰিজটোৰ বাবে  শিল্পীসকলৰ কাষ্টিং আৰম্ভ হৈছে। 

উল্লেখ্য  ১৯৯২ চনত আজমেৰৰ    আজমেৰৰ এটা প্ৰভাৱশালী পৰিয়াল, তেওঁলোকৰ  আত্মীয় আৰু পৰিচিত লোকসকলে প্ৰায় ৩০০  যুৱতীকৰ নগ্ন ফটো তুলি ধৰ্ষণ আৰু ব্লেকমেইল কৰিছিল। ব্লেকমেইল কৰি  বহুতো যুৱতীক  পতিতাবৃত্তিলৈ ঠেলি দিয়া হৈছিল। তেওঁলোকৰ জীৱন ধ্বংস হৈ গৈছিল। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে  সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি  হৈছিল। আৰক্ষীয়ে সেই সময়তে বহু লোকক  গ্ৰেপ্তাৰ কৰিছিল। বিচাৰটো বহু বছৰ ধৰি আদালতত চলিছিল। কিন্তু আজিও এই গোচৰটোৰ সকলো অপৰাধী ধৰা পৰা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ