--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰণটো অতি সামান্য আছিল যদিও এটা পৰিয়ালক কৰি দিলে তচনচ। চিকেন খাবলৈ নোপোৱাৰ বাবেই এজন যুৱকে আত্মহত্যা কৰে। যুৱকজনে চিকেন খাবলৈ মন কৰি ঘৰলৈ চিকেন আনিছিল, কিন্তু পত্নীয়ে চিকেন ৰান্ধিবলৈ অস্বীকাৰ কৰিছিল। তাকে লৈ দুয়োৰে মাজত বিবাদ আৰম্ভ হয়।

বিবাদ ইমানেই বাঢ়িল যে যুৱকজনে আত্মহত্যাৰ পদক্ষেপ বাচি লয়। কাজিয়া লাগি পত্নীয়ে কোঠালৈ যোৱাৰ সময়তে যুৱকজনে আন এটা কোঠাত চিপ লৈ আত্মহত্যা কৰে। 

উত্তৰ প্ৰদেশৰ ঝাঞ্চীত বুধবাৰে সংঘটিত হৈছে এই ঘটনা। পৱন কুমাৰ (৩৬) নামৰ যুৱকজনৰ প্ৰায় ৪ বছৰ আগতে প্ৰিয়ংকাৰ লগত বিয়া হৈছিল। বুধবাৰে নিশা পৱনে চিকেন লৈ ঘৰলৈ আহি পত্নীক ৰান্ধিবলৈ ক’লে। ২-৩ বাৰ কোৱাৰ পাছতো পত্নীয়ে চিকেন নাৰান্ধিলে, তাকে লৈ দুয়োৰে মাজত কাজিয়া হ’ল। কাজিয়া কৰি প্ৰিয়ংকা আনটো কোঠালৈ গৈ শুই পৰিল। পৱনেও নিজৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি দিয়ে আৰু আত্মহত্যা কৰে।

ঘৰৰ মানুহে আৰক্ষীক মাতে। আৰক্ষীয়ে পৱনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি আৰক্ষীক গতাই দিয়ে। পৱন আৰু প্ৰিয়ংকাৰ এগৰাকী ২ বছৰীয়া কন্যা আছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস