--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ আলৱাইচি। ফুটবল অনুৰাগীসকলৰ এতিয়া মুখে মুখে উচ্চাৰিত হৈছে এই অখ্যাত ফুটবলাৰজনৰ নাম। বিশ্বকাপবিজয়ৰ অন্যতম দাবীদাৰ আৰ্জেণ্টিনাক বিশ্বকাপৰ প্ৰথমখন মেচতে পৰাস্ত কৰিলে দুৰ্বল চৌদী আৰৱে। বিশ্বকাপৰ ইতিহাসতে ই এক বৃহৎ অঘটন।

তাৰপাছতে এতিয়া নায়কত পৰিণত হৈছে চৌদী আৰৱৰ হৈ গ’ল কৰিবলৈ সক্ষম হোৱা ছালে আলছেহৰী আৰু ছালেম আলদাওশ্বাৰী। কিন্তু চৰ্চাত আছে চোদী আৰৱৰ গ’লৰক্ষক আলৱাইচিৰ নাম।

আলৱাইচিয়ে আৰ্জেণ্টিনাৰ বাঘা বাঘা খেলুৱৈসকলৰ তীব্ৰ শ্বটসমূহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। লিঅ’নেল মেছিৰ পেণাল্টি গ’ল আৰু তিনিটা অফচাইড গ’লৰ বাদে আলৱাইচিৰ দুৰ্ভেদ্য প্ৰাচীৰ ভাঙিবলৈ সক্ষম নহ’ল আৰ্জেণ্টিনা।

জয়ৰ নায়ক আলৱাইচিয়ে ২০১৮ চনৰ বিশ্বকাপো খেলিছিল। কিন্তু উৰুগুৱেৰ বিৰুদ্ধে কেৱল এখন মেচতহে খেলাৰ সুযোগ লাভ কৰিছিল তেওঁ। সেয়ে এইবাৰ বিশ্বকাপৰ প্ৰথমখন মেচতে নিজৰ প্ৰকোপ প্দৰ্শন কৰিলে ৬ ফুট ২ ইঞ্চিৰ গ’লৰক্ষকগৰাকীয়ে।

বিশেষকৈ ৬৩ মিনিটত লাউতাৰো মাৰ্টিনেজৰ এটা প্ৰচণ্ড শ্বট প্ৰতিৰোধ কৰে আলৱাইচিয়ে। ৭২ মিনিটতো ডি মাৰিয়াক বিমুখ কৰে তেওঁ। ৭৪ মিনিটত গ’লবক্সৰ পৰা উলাই আহি মাৰ্টিনেজৰ ভৰিৰ পৰা বল কাঢ়ি লয় আলৱাইচিয়ে। অন্যথা সেইটো নিশ্চিত গ’ল আছিল। ৮৪ মিনিটতো মেছিৰ এটা দুৰ্দান্ত হেডাৰ বিফল কৰে তেওঁ। 

এনেদৰে মুঠ ৭ টাকৈ আৰ্জেণ্টিনাৰ শ্বট ছেভ কৰাৰ পাছত এতিয়া আলৱাইচিক লৈ তীব্ৰ কৌতূহল জন্ম হৈছে ফুটবলপ্ৰেমীসকলৰ মাজত। বিশ্বকাপ ফুটবলৰ ইতিহাসতো স্থান লাভ কৰিলে গ’লৰক্ষকগৰাকীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক