--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ আলৱাইচি। ফুটবল অনুৰাগীসকলৰ এতিয়া মুখে মুখে উচ্চাৰিত হৈছে এই অখ্যাত ফুটবলাৰজনৰ নাম। বিশ্বকাপবিজয়ৰ অন্যতম দাবীদাৰ আৰ্জেণ্টিনাক বিশ্বকাপৰ প্ৰথমখন মেচতে পৰাস্ত কৰিলে দুৰ্বল চৌদী আৰৱে। বিশ্বকাপৰ ইতিহাসতে ই এক বৃহৎ অঘটন।

তাৰপাছতে এতিয়া নায়কত পৰিণত হৈছে চৌদী আৰৱৰ হৈ গ’ল কৰিবলৈ সক্ষম হোৱা ছালে আলছেহৰী আৰু ছালেম আলদাওশ্বাৰী। কিন্তু চৰ্চাত আছে চোদী আৰৱৰ গ’লৰক্ষক আলৱাইচিৰ নাম।

আলৱাইচিয়ে আৰ্জেণ্টিনাৰ বাঘা বাঘা খেলুৱৈসকলৰ তীব্ৰ শ্বটসমূহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। লিঅ’নেল মেছিৰ পেণাল্টি গ’ল আৰু তিনিটা অফচাইড গ’লৰ বাদে আলৱাইচিৰ দুৰ্ভেদ্য প্ৰাচীৰ ভাঙিবলৈ সক্ষম নহ’ল আৰ্জেণ্টিনা।

জয়ৰ নায়ক আলৱাইচিয়ে ২০১৮ চনৰ বিশ্বকাপো খেলিছিল। কিন্তু উৰুগুৱেৰ বিৰুদ্ধে কেৱল এখন মেচতহে খেলাৰ সুযোগ লাভ কৰিছিল তেওঁ। সেয়ে এইবাৰ বিশ্বকাপৰ প্ৰথমখন মেচতে নিজৰ প্ৰকোপ প্দৰ্শন কৰিলে ৬ ফুট ২ ইঞ্চিৰ গ’লৰক্ষকগৰাকীয়ে।

বিশেষকৈ ৬৩ মিনিটত লাউতাৰো মাৰ্টিনেজৰ এটা প্ৰচণ্ড শ্বট প্ৰতিৰোধ কৰে আলৱাইচিয়ে। ৭২ মিনিটতো ডি মাৰিয়াক বিমুখ কৰে তেওঁ। ৭৪ মিনিটত গ’লবক্সৰ পৰা উলাই আহি মাৰ্টিনেজৰ ভৰিৰ পৰা বল কাঢ়ি লয় আলৱাইচিয়ে। অন্যথা সেইটো নিশ্চিত গ’ল আছিল। ৮৪ মিনিটতো মেছিৰ এটা দুৰ্দান্ত হেডাৰ বিফল কৰে তেওঁ। 

এনেদৰে মুঠ ৭ টাকৈ আৰ্জেণ্টিনাৰ শ্বট ছেভ কৰাৰ পাছত এতিয়া আলৱাইচিক লৈ তীব্ৰ কৌতূহল জন্ম হৈছে ফুটবলপ্ৰেমীসকলৰ মাজত। বিশ্বকাপ ফুটবলৰ ইতিহাসতো স্থান লাভ কৰিলে গ’লৰক্ষকগৰাকীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু