--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''ঐক্যবদ্ধ হ’বলৈ এইয়াই সোণালী সময়। এই পৰাজয় আশা কৰা নাছিলো। কিন্তু সমগ্ৰ পৰিস্থিতি সলনি কৰাৰ ক্ষমতা আমাৰ হাততেই আছে।’’- বিশ্বকাপৰ প্ৰথমখন মেচত চৌদী আৰৱৰ হাতত পৰাজীত হোৱাৰ পাছত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে।

মেচৰ শেষত সাংবাদিকৰ স’তে হোৱা কথা-বতৰাত মেছিয়ে কয় যে কেতিয়াও তেওঁলোকে ভবা নাছিল যে চৌদী আৰৱৰ হাতত পৰাজীত হ’ব। দলৰ প্ৰদৰ্শনক লৈ মেছিয়ে কয় যে দলে বৰ বেয়া খেলা নাই। পৰাজয়ৰ পৰা শিক্ষা লৈ সমুখলৈ আগুৱাই যাব বুলিও মেছিয়ে কয়।

''জানো অনেক মানুহে আমাৰ ওপৰত ভৰসা কৰে। কেৱল মই বা দল নহয়, এইয়া সকলো সমৰ্থকৰ বাবে বিৰাট এটা ধাক্কা।’’- মেছিয়ে কয়।

মেচখনৰ দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাৰ অনেক ভূল হোৱা বুলি মেছিয়ে অনুভৱ কৰে। কয় যে দ্বিতীয়াৰ্ধত তেওঁলোকৰ খাম-খেয়ালি হৈছিল। প্ৰথমৰ ফালে ভাল খেলিও পাছলৈ ধৰি ৰাখিব নোৱাৰিলে বুলি তেওঁ কয়।

'’কিন্তু এতিয়াতো ফলাফলৰ পৰিবৰ্তন কৰিব পৰা নাযাব। যি লক্ষ্য লৈ বিশ্বকাপত খেলিবলৈ আহিছো, সেয়া পূৰণ কৰাই আমাৰ লক্ষ্য।’’- মেছিয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু