--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত ‘এক দেশ এক নিৰ্বাচন’ আইন লোকসভাত উত্থাপন কৰা হৈছিল৷ বিধেয়ক খন বিবেচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল৷ এই বিধেয়কখনৰ খচৰা সন্দৰ্ভত আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিৰ প্ৰথমখন বৈঠক ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

প্ৰাপত খবৰ অনুসৰি সংসদৰ যুটীয়া সমিতিৰ অধক্ষ্য হিচাপে আছে ৰাজস্থানৰ পালি লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰেমপ্ৰকাশ চৌধাৰী৷ সাধাৰণতে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সৈতে মুঠ  ৩১ জন সদস্যৰে এই যুটীয়া সমিতি গঠিত হয়। কিন্তু এইবাৰ এই সমিতিৰ  সাংসদৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

মোদী চৰকাৰৰ আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সমগ্ৰ দেশতে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ১৭ ডিচেম্বৰত লোকসভাত দুখন বিধেয়ক উত্থাপন কৰা হৈছিল। বিধেয়ক দুখন ক্ৰমে  দিল্লী, জম্মু-কাশ্মীৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদান সম্পৰ্কীয় বিধেয়ক আৰু ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক৷

উল্লেখযোগ্য যে আৰম্ভণিৰে পৰাই বিৰোধী শিবিৰে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰি আহিছে। সেয়ে মঙলবাৰে বিৰোধী সাংসদসকলে খোদ বিধেয়কখনৰ ওপৰত আপত্তি কৰে। ‘এক দেশ এক নিৰ্বাচন বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পাছত ভোটদান কৰা হয়।বিধেয়ক খনৰ পক্ষত ২৬৯, বিপক্ষত ১৯৮ ভোট প্ৰদান কৰে।ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন জেপিচিলৈ বিতং আলোচনাৰ বাবে প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। 

এন ডি এৰ ২২জন, ‘ইণ্ডিয়া মিত্ৰজোঁত’ৰ ১৫জন সাংসদ আৰু বিজেডি, ৱাই এছ আৰ কংগ্ৰেছৰ এজনকৈ সাংসদ এই কমিটীত অন্তৰ্ভুক্ত হৈছে। সূত্ৰ অনুসৰি কমিটীত যাতে সকলো পক্ষৰ মতামত  আহে সেই উদ্দেশ্যে সংবিধান সংশোধনী বিধেয়ক হিচাপে এই সমিতিত যিমান পাৰি সিমান দলীয় সাংসদক স্থান দিয়াত চৰকাৰে গুৰুত্ব প্ৰদান কৰছিল। সেয়ে আঠজন সদস্য বৃদ্ধি কৰা হয় বুলি উল্লেখ কৰে। ইয়াৰ ভিতৰত চৰকাৰী পক্ষৰ পৰা চাৰিজন আৰু বিৰোধী শিবিৰৰ চাৰিজন সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
দোৰোণ শাকৰ আছে নানা উপকাৰী গুণ; জানো আহক সবিশেষ
Advertisement