--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত ‘এক দেশ এক নিৰ্বাচন’ আইন লোকসভাত উত্থাপন কৰা হৈছিল৷ বিধেয়ক খন বিবেচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল৷ এই বিধেয়কখনৰ খচৰা সন্দৰ্ভত আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিৰ প্ৰথমখন বৈঠক ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

প্ৰাপত খবৰ অনুসৰি সংসদৰ যুটীয়া সমিতিৰ অধক্ষ্য হিচাপে আছে ৰাজস্থানৰ পালি লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰেমপ্ৰকাশ চৌধাৰী৷ সাধাৰণতে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সৈতে মুঠ  ৩১ জন সদস্যৰে এই যুটীয়া সমিতি গঠিত হয়। কিন্তু এইবাৰ এই সমিতিৰ  সাংসদৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

মোদী চৰকাৰৰ আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সমগ্ৰ দেশতে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ১৭ ডিচেম্বৰত লোকসভাত দুখন বিধেয়ক উত্থাপন কৰা হৈছিল। বিধেয়ক দুখন ক্ৰমে  দিল্লী, জম্মু-কাশ্মীৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদান সম্পৰ্কীয় বিধেয়ক আৰু ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক৷

উল্লেখযোগ্য যে আৰম্ভণিৰে পৰাই বিৰোধী শিবিৰে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰি আহিছে। সেয়ে মঙলবাৰে বিৰোধী সাংসদসকলে খোদ বিধেয়কখনৰ ওপৰত আপত্তি কৰে। ‘এক দেশ এক নিৰ্বাচন বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পাছত ভোটদান কৰা হয়।বিধেয়ক খনৰ পক্ষত ২৬৯, বিপক্ষত ১৯৮ ভোট প্ৰদান কৰে।ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন জেপিচিলৈ বিতং আলোচনাৰ বাবে প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। 

এন ডি এৰ ২২জন, ‘ইণ্ডিয়া মিত্ৰজোঁত’ৰ ১৫জন সাংসদ আৰু বিজেডি, ৱাই এছ আৰ কংগ্ৰেছৰ এজনকৈ সাংসদ এই কমিটীত অন্তৰ্ভুক্ত হৈছে। সূত্ৰ অনুসৰি কমিটীত যাতে সকলো পক্ষৰ মতামত  আহে সেই উদ্দেশ্যে সংবিধান সংশোধনী বিধেয়ক হিচাপে এই সমিতিত যিমান পাৰি সিমান দলীয় সাংসদক স্থান দিয়াত চৰকাৰে গুৰুত্ব প্ৰদান কৰছিল। সেয়ে আঠজন সদস্য বৃদ্ধি কৰা হয় বুলি উল্লেখ কৰে। ইয়াৰ ভিতৰত চৰকাৰী পক্ষৰ পৰা চাৰিজন আৰু বিৰোধী শিবিৰৰ চাৰিজন সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু