--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি সংসাৰৰ যাত্ৰা আৰম্ভ কৰিবলৈ নৌ পাওঁতেই দৰাৰ মৃত্যু। বিয়াৰ ৮ দিনৰ দিনা মৃত্যুক সাবটিলে দৰাই। উত্তৰ প্ৰদেশৰ ঝান্সীত ঘটিছে এই কৰুণ ঘটনা। 

বিয়াৰ সাতদিন পিছতে ৰে’লে খুন্দা মৰাৰ ফলত দৰাজনৰ মৃত্যু হয়। ঝান্সী-কানপুৰ ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আত্মহত্যাৰ সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, যুৱকজনে দোকানলৈ যাম বুলি কৈ ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু ইয়াৰ পিছত তেওঁ ঘূৰি নাহিল। তেওঁৰ মোবাইলটোও চুইচ অফ হৈ আছিল।

সমগ্ৰ ঘটনাটো ঝান্সী জিলাৰ মান্থ থানা এলেকাৰ ভৰোছা গাঁৱৰ। ২১ বছৰীয়া শিৱম আহিৰৱাৰ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ আছিল। তেওঁৰ ডাঙৰ বায়েক সংগীতাৰ বিয়া হৈছে। দেউতাকে খেতি কৰে।

মৃতকৰ খুড়াক জয়প্ৰকাশে জনোৱা মতে, শিৱমে পানীপুৰীৰ কাম কৰিছিল। ১১ ডিচেম্বৰত দতিয়াৰ কালিপুৰা গাঁৱৰ বাসিন্দা কাজলৰ সৈতে তেওঁৰ বিবাহ হয়। বোৱাৰীজনী বিয়াৰ পিছত ঘৰত আছিল। ঘৰখনত সুখৰ পৰিবেশ বিৰাজ কৰিছিল। সকলো আনন্দত আছিল। কিন্তু বুধবাৰে পুৱা প্ৰায় ৯ বজাত শিৱমে দোকানৰ পৰা কিবা বস্তু আনিম বুলি ঘৰৰ পৰা ওলাই আহিল, আৰু তাৰ পিছত উভতি নাহিল। তেওঁৰ মোবাইলটো চুইচ অফ হৈ গ’ল।

সন্দেহ হোৱাৰ লগে লগে তেওঁৰ সন্ধান আৰম্ভ কৰা হয়। বিয়লি ৰে’লপথৰ সমীপত এজন যুৱকৰ মৃতদেহ পৰি থকা বুলি তথ্য লাভ কৰে পৰিয়ালে। মৃতদেহটো শিৱমৰ বুলি চিনাক্ত কৰা হয়। তথ্য পোৱাৰ লগে লগে পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়। নৱবিবাহিত কইনা কাজল অচেতন হৈ পৰিল। 

সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ