--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কিমান ধৰণৰ যে খেলে স্বীকৃতি পাইছে৷ শেহতীয়াকৈ ছুইডেনত যৌনতাক এক খেল হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ পিছতে  চুইডেনে প্ৰথম ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ সাজু হৈছে।উল্লেখ্য বিশ্বৰ ভিতৰতে যৌনতাক খেল হিচাপে স্বীকৃতি দিয়া প্ৰথম খন দেশ হৈ পৰিছে ছুইডেন৷

 ছুইডিছ ছেক্স ফেডাৰেচনে যৌন চেম্পিয়নশ্বিপ অনুষ্ঠানটোৰ আয়োজন কৰিছে। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ ৮ জুন, ২০২৩ত আৰম্ভ হ'ব আৰু কেইবা সপ্তাহ ধৰি চলিব ৷ জানিব পৰা মতে অংশগ্ৰহণকাৰীসকলক প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ  কৰিব লাগিব। 

এই সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ নিজ নিজ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ প্ৰায় ৪৫  মিনিটৰ পৰা এক ঘণ্টা সময় পাব৷ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশৰ ২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বাবে আবেদন কৰিছে। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বিজয়ীসকলক বিচাৰকমণ্ডলী  আৰু দৰ্শকৰ ৰেটিঙৰ ভিত্তিত  নিৰ্বাচিত  কৰা হ'ব। 

চূড়ান্ত মূল্যাঙ্কনৰ সময়ত দৰ্শকৰ ৭০ শতাংশ ভোট বিবেচনা কৰা হ'ব, আনহাতে বাকী ৩০ শতাংশ বিচাৰকৰ ভোটৰ পৰা আহিব। ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ প্ৰতিযোগীসকলে ১৬ টা শাখাত প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব পাৰিব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ