--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ শেষ হৈ আহিছে কিম জং উন। বৰ্তমান তেওঁৰ ওজন ১৪০ কিলোগ্ৰাম। আকণ্ঠ মদ আৰু ধূমপানত নিমজ্জিত হৈছে কিম। হৈছে অনিদ্ৰাৰ বলি। ১৬ মে’ত শেষবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিছিল তেওঁ। তেতিয়াই তেওঁৰ চকুৰ তলত ক’লা দাগ দেখা গ’ল।

ৰাষ্ট্ৰনেতা গৰাকী যেনেকৈ ভালে থকা নাই, তেনেদৰে তেওঁৰ ৰাষ্ট্ৰৰো অৱস্থা ভাল নহয়। উত্তৰ কোৰিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ অৱনতি ঘটিছে। দেশত খাদ্য শস্যৰ নাটনি। চৰম মুদ্ৰাস্ফীতি ঘটিছে। খাদ্যৰ অভাৱত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ শাসক কিম জং উন অনিদ্ৰাত ভুগি থকা বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে একনায়কত্ববাদী নেতাৰ মদ আৰু নিকোটিনৰ ওপৰত নিৰ্ভৰশীলতাই অতি বেয়া পৰ্যায়ত উপনীত হৈছে।

শেহতীয়াকৈ ব্লুমবাৰ্গত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। তাত দক্ষিণ কোৰিয়াৰ এটা চোৰাংচোৱা সংস্থাই কিমৰ ব্যক্তিগত বিষয়ৰ এই সকলো তথ্য দিয়া বুলি দাবী কৰে।

চোৰাংচোৱা সেৱাৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ প্ৰশাসন অনিদ্ৰা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে অতি আগ্ৰহী। আনকি অনিদ্ৰা ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ব্যৱহাৰ সম্পৰ্কেও বিতং তথ্য সংগ্ৰহ কৰি আছে।

অৱশ্যে এইটো কিমান বিশ্বাসযোগ্য সেই কথা এতিয়াও নিশ্চিত নহয়। কাৰণ এই ৰোগবোৰ বৰ জটিল নহয়,  এই বিষয়ে তথ্যও বৰ অসামঞ্জস্যপূৰ্ণ নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ