--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰবল প্ৰত্যাহ্বানৰ মাজতে চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা এনডিএই পুনৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে।  তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পৰিকল্পনা চূড়ান্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব মোদীয়ে। প্ৰথমে শুনা গৈছিল  যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত মুকলি আকাশৰ তলত শপত গ্ৰহণ কৰিব বিচাৰিছে । কিন্তু অৱশ্যে অৱশেষত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব বুলি খবৰ পোৱা গৈছে। 

 জানিব পৰা মতে  ৮ জুনত  বিজেপিয়ে মেগা উদযাপনৰ আয়োজন কৰিবলৈ ওলাইছে।  জানিব পৰা মতে শপতগ্ৰহণৰ বাবে বিশেষভাবে সজাই তোলা হ’ব ৰাষ্ট্ৰপতি ভৱন। এন ডি এৰ ভিতৰত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দৰাচলতে ক্ষমতালৈ ঘূৰি অহাৰ পাছতো এইবাৰ বিজেপিয়ে বহু শক্তি হেৰুৱাইছে৷ বিজেপি এককভাবে  সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত আছে। সেয়ে এনডিএই  চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সৈতে পুনৰ যোগাযোগ কৰিছে। ফলত বিজেপিয়ে অংশীদাৰসকলক অধিক গুৰুত্ব দিবলগীয়া  হৈছে। 

অৱশ্যে  চৰকাৰ গঠনত কোনো বিশেষ সমস্যা নহ’ব বুলি গেৰুৱা  শিবিৰৰ আত্মবিশ্বাসী হৈ আছে । ইতিমধ্যে দিল্লীত এন ডি এৰ এখন বৈঠক আহ্বান কৰা হৈছে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুও তাত উপস্থিত  থকাৰ কথা। সকলো ঠিকে থাকিলে আজি বিজেপিয়ে অংশীদাৰসকলৰ পৰা সমৰ্থন  সংগ্ৰহ কৰিব। গেৰুৱা  শিবিৰে আৰু পলম কৰিব  বিচৰা নাই। শীঘ্ৰে প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছে মোদীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু