--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰবল প্ৰত্যাহ্বানৰ মাজতে চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা এনডিএই পুনৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে।  তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পৰিকল্পনা চূড়ান্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব মোদীয়ে। প্ৰথমে শুনা গৈছিল  যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত মুকলি আকাশৰ তলত শপত গ্ৰহণ কৰিব বিচাৰিছে । কিন্তু অৱশ্যে অৱশেষত ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব বুলি খবৰ পোৱা গৈছে। 

 জানিব পৰা মতে  ৮ জুনত  বিজেপিয়ে মেগা উদযাপনৰ আয়োজন কৰিবলৈ ওলাইছে।  জানিব পৰা মতে শপতগ্ৰহণৰ বাবে বিশেষভাবে সজাই তোলা হ’ব ৰাষ্ট্ৰপতি ভৱন। এন ডি এৰ ভিতৰত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দৰাচলতে ক্ষমতালৈ ঘূৰি অহাৰ পাছতো এইবাৰ বিজেপিয়ে বহু শক্তি হেৰুৱাইছে৷ বিজেপি এককভাবে  সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত আছে। সেয়ে এনডিএই  চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সৈতে পুনৰ যোগাযোগ কৰিছে। ফলত বিজেপিয়ে অংশীদাৰসকলক অধিক গুৰুত্ব দিবলগীয়া  হৈছে। 

অৱশ্যে  চৰকাৰ গঠনত কোনো বিশেষ সমস্যা নহ’ব বুলি গেৰুৱা  শিবিৰৰ আত্মবিশ্বাসী হৈ আছে । ইতিমধ্যে দিল্লীত এন ডি এৰ এখন বৈঠক আহ্বান কৰা হৈছে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুও তাত উপস্থিত  থকাৰ কথা। সকলো ঠিকে থাকিলে আজি বিজেপিয়ে অংশীদাৰসকলৰ পৰা সমৰ্থন  সংগ্ৰহ কৰিব। গেৰুৱা  শিবিৰে আৰু পলম কৰিব  বিচৰা নাই। শীঘ্ৰে প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছে মোদীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ