--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটগণনা আগবাঢ়ি যোৱাৰ লগে লগে চেন্সেক্স কমি আহিছে। নিফটি সূচকাংকও হ্ৰাস পাইছে। মঙলবাৰে ৫০০০ পইণ্ট হ্ৰাস পায় চেন্সেক্স। দুপৰীয়া ১ বজালৈকে গণনাৰ পৰিসংখ্যাই দেখুৱাইছে যে লোকসভাৰ ২৯২খন আসনত এন ডি এ আগবাঢ়ি আছে। ২৩৩খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া। ইয়াৰ প্ৰভাৱ চেন্সেক্সত পৰিছে বুলি ধাৰণা কৰা হৈছে।

মঙলবাৰে নিশা ১২:১৫ বজাত চেন্সেক্সৰ মূল্য ৬.৭১ শতাংশ হ্ৰাস পাইছে। ফলত ৫৬০২ পইণ্ট হ্ৰাস পোৱাৰ পিছত চেন্সেক্সে ৭১,০০২ পইণ্টত থিয় দিছে। মহামাৰী ক’ৰোনাৰ পিছত এদিনতে ইমান হ্ৰাস পোৱা নাই চেন্সেক্স। নিশা ১২:১৫ বজালৈকে নিফটি ৬.৮৯ শতাংশ হ্ৰাস পাইছে। প্ৰায় ১৬৩৪ পইণ্টৰ হ্ৰাস। শেষবাৰৰ বাবে চেন্সেক্স সূচকাংক ইমান হ্ৰাস পাইছিল ২০২০ চনৰ মাৰ্চ মাহত। মঙলবাৰে পুৱা ১০ বজাৰ ভিতৰত চেন্সেক্স ২০০০ পইণ্ট হ্ৰাস পায়। পুৱা ১১:১০ বজালৈকে ৪ হাজাৰ পইণ্ট হ্ৰাস পাইছিল।

পুৱা ৯:৩০ বজাত নিফটি সূচকাংক ৩.০৩ শতাংশ হ্ৰাস পায়। ইয়াৰ পিছত নিফটি সূচকাংক ২২,৫৫৭ত থিয় দিছে। এছ এণ্ড পি বি এছ ই সূচকাংক ৩ শতাংশ হ্ৰাস পাইছে। পুৱা ৯:৩০ বজাত ৭৪,১০৭ ত থিয় দিছিল। মঙলবাৰে ব্যৱসায়ৰ ২০ মিনিটৰ ভিতৰতে বিনিয়োগকাৰীৰ লোকচান হয় প্ৰায় ২০ লাখ কোটি টকা। পুৱা ১১:১০ বজাত নিফটি ৫.০৭ শতাংশ হ্ৰাস পায়।

সোমবাৰে শ্বেয়াৰ বজাৰত অভূতপূৰ্ব বৃদ্ধি পাইছিল৷ ৭৬ হাজাৰৰ ঘৰত ইয়াৰ দৌৰ সমাপ্ত হয়। নিফটিয়ে বেঞ্চমাৰ্ক গড় ২৩ হাজাৰ স্পৰ্শ কৰিছিল।  বিনিয়োগকাৰীৰ হাতলৈ গ’ল ১৪ লাখ কোটি টকা। বিনিয়োগকাৰী আৰু বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে নিৰ্বাচনী ফলাফলৰ প্ৰভাৱত চেন্সেক্স আৰু নিফ্টীৰ এই গতি হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু