--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটগণনা আগবাঢ়ি যোৱাৰ লগে লগে চেন্সেক্স কমি আহিছে। নিফটি সূচকাংকও হ্ৰাস পাইছে। মঙলবাৰে ৫০০০ পইণ্ট হ্ৰাস পায় চেন্সেক্স। দুপৰীয়া ১ বজালৈকে গণনাৰ পৰিসংখ্যাই দেখুৱাইছে যে লোকসভাৰ ২৯২খন আসনত এন ডি এ আগবাঢ়ি আছে। ২৩৩খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া। ইয়াৰ প্ৰভাৱ চেন্সেক্সত পৰিছে বুলি ধাৰণা কৰা হৈছে।

মঙলবাৰে নিশা ১২:১৫ বজাত চেন্সেক্সৰ মূল্য ৬.৭১ শতাংশ হ্ৰাস পাইছে। ফলত ৫৬০২ পইণ্ট হ্ৰাস পোৱাৰ পিছত চেন্সেক্সে ৭১,০০২ পইণ্টত থিয় দিছে। মহামাৰী ক’ৰোনাৰ পিছত এদিনতে ইমান হ্ৰাস পোৱা নাই চেন্সেক্স। নিশা ১২:১৫ বজালৈকে নিফটি ৬.৮৯ শতাংশ হ্ৰাস পাইছে। প্ৰায় ১৬৩৪ পইণ্টৰ হ্ৰাস। শেষবাৰৰ বাবে চেন্সেক্স সূচকাংক ইমান হ্ৰাস পাইছিল ২০২০ চনৰ মাৰ্চ মাহত। মঙলবাৰে পুৱা ১০ বজাৰ ভিতৰত চেন্সেক্স ২০০০ পইণ্ট হ্ৰাস পায়। পুৱা ১১:১০ বজালৈকে ৪ হাজাৰ পইণ্ট হ্ৰাস পাইছিল।

পুৱা ৯:৩০ বজাত নিফটি সূচকাংক ৩.০৩ শতাংশ হ্ৰাস পায়। ইয়াৰ পিছত নিফটি সূচকাংক ২২,৫৫৭ত থিয় দিছে। এছ এণ্ড পি বি এছ ই সূচকাংক ৩ শতাংশ হ্ৰাস পাইছে। পুৱা ৯:৩০ বজাত ৭৪,১০৭ ত থিয় দিছিল। মঙলবাৰে ব্যৱসায়ৰ ২০ মিনিটৰ ভিতৰতে বিনিয়োগকাৰীৰ লোকচান হয় প্ৰায় ২০ লাখ কোটি টকা। পুৱা ১১:১০ বজাত নিফটি ৫.০৭ শতাংশ হ্ৰাস পায়।

সোমবাৰে শ্বেয়াৰ বজাৰত অভূতপূৰ্ব বৃদ্ধি পাইছিল৷ ৭৬ হাজাৰৰ ঘৰত ইয়াৰ দৌৰ সমাপ্ত হয়। নিফটিয়ে বেঞ্চমাৰ্ক গড় ২৩ হাজাৰ স্পৰ্শ কৰিছিল।  বিনিয়োগকাৰীৰ হাতলৈ গ’ল ১৪ লাখ কোটি টকা। বিনিয়োগকাৰী আৰু বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে নিৰ্বাচনী ফলাফলৰ প্ৰভাৱত চেন্সেক্স আৰু নিফ্টীৰ এই গতি হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ