--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত যেন নাটকীয় পৰিৱৰ্তন আহিছে। ৪০০ আসন  পাম বুলি কৈ থকা এনডিএই এতিয়া ৩০০ আসনো পাবলৈ সক্ষম হোৱা নাই। এনে সময়তে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডুকলৈ নিজৰ পক্ষলৈ টনাৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটেও বিশেষ টোপ দিছে। ইণ্ডিয়া মিত্ৰজোঁটে নাইডুক অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব বুলি কথা দিছে। এনে সময়তে তৎপৰ হৈ পৰিছে এনডিএয়েও। আজি নতুন দিল্লীলৈ মাতি পঠিওৱা হয় নাইডুক। মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে পুনৰ প্ৰাসংগিক হৈ পৰিছে এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। 

 এনে খবৰো ওলাইছে  যে তেওঁলোকে এন ডি এ এৰি ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব। এনে পৰিস্থিতিত অৱশ্যে তেলেগু দেশম পাৰ্টিৰ মুৰব্বী  নাইডুৱে স্পষ্ট কৰি দিছে যে তেওঁ কেৱল এন ডি এৰ সৈতেই  আছে আৰু থাকিব।  উল্লেখ্য  নাইডুৰ টিডিপিয়ে অন্ধ্ৰপ্ৰদেশত ধুমুহাৰ সৃষ্টি কৰিছে। ৰাজ্য খনৰ  বিধানসভা নিৰ্বাচনত ১৭৫খন আসনৰ ভিতৰত ১৬৪খন আসনত জয়লাভ কৰিছে টিডিপি নেতৃত্বাধীন এনডিএই। আনহাতে লোকসভা নিৰ্বাচনত ২৫টা সমষ্টিৰ ভিতৰত ১৬খন আসন লাভ কৰিছে নাইডুৰ মিত্ৰজোঁটে। এনে পৰিস্থিতিত এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিলৈ দিল্লীলৈ মাতি পঠিওৱা হৈছে  চন্দ্ৰবাবু নাইডু আৰু জনসেনা দলৰ মুৰব্বী কে পৱন কল্যাণক। 

ইয়াৰ পূৰ্বে প্ৰবীণ নেতাগৰাকীয়ে সংবাদমেলত কয়   যে, “মই এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈ আছো। মই এন ডি এৰ লগতে আছো। পিছত বেলেগ কিবা সম্ভাৱনা থাকিলে জনাম।" অৱশ্যে বহুতে তেওঁৰ মন্তব্যত 'মধ্যম পন্থা' বিচাৰি পাইছে। অৰ্থাৎ এন ডি এৰ লগত থাকিলেও তেওঁ প্ৰয়োজনত  ইণ্ডিয়া মিত্ৰজোঁটৰ  কথাও ভাবিব পাৰে।আনহাতে  বহুতে ভাবে যে নীতিশ ‘দল বাগৰাত পাকৈত ’ হ’লেও চন্দ্ৰবাবুৱে এন ডি এ এৰি নাযায়। জানিব পৰা মতে  চন্দ্ৰবাবু নাইডুৱে  অন্ধ্ৰৰ মুখ্যমন্ত্ৰী হিচাবে ৯ জুনত শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  অমিত শ্বাহকে ধৰি বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলক শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু