--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত যেন নাটকীয় পৰিৱৰ্তন আহিছে। ৪০০ আসন  পাম বুলি কৈ থকা এনডিএই এতিয়া ৩০০ আসনো পাবলৈ সক্ষম হোৱা নাই। এনে সময়তে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডুকলৈ নিজৰ পক্ষলৈ টনাৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটেও বিশেষ টোপ দিছে। ইণ্ডিয়া মিত্ৰজোঁটে নাইডুক অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব বুলি কথা দিছে। এনে সময়তে তৎপৰ হৈ পৰিছে এনডিএয়েও। আজি নতুন দিল্লীলৈ মাতি পঠিওৱা হয় নাইডুক। মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে পুনৰ প্ৰাসংগিক হৈ পৰিছে এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। 

 এনে খবৰো ওলাইছে  যে তেওঁলোকে এন ডি এ এৰি ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব। এনে পৰিস্থিতিত অৱশ্যে তেলেগু দেশম পাৰ্টিৰ মুৰব্বী  নাইডুৱে স্পষ্ট কৰি দিছে যে তেওঁ কেৱল এন ডি এৰ সৈতেই  আছে আৰু থাকিব।  উল্লেখ্য  নাইডুৰ টিডিপিয়ে অন্ধ্ৰপ্ৰদেশত ধুমুহাৰ সৃষ্টি কৰিছে। ৰাজ্য খনৰ  বিধানসভা নিৰ্বাচনত ১৭৫খন আসনৰ ভিতৰত ১৬৪খন আসনত জয়লাভ কৰিছে টিডিপি নেতৃত্বাধীন এনডিএই। আনহাতে লোকসভা নিৰ্বাচনত ২৫টা সমষ্টিৰ ভিতৰত ১৬খন আসন লাভ কৰিছে নাইডুৰ মিত্ৰজোঁটে। এনে পৰিস্থিতিত এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিলৈ দিল্লীলৈ মাতি পঠিওৱা হৈছে  চন্দ্ৰবাবু নাইডু আৰু জনসেনা দলৰ মুৰব্বী কে পৱন কল্যাণক। 

ইয়াৰ পূৰ্বে প্ৰবীণ নেতাগৰাকীয়ে সংবাদমেলত কয়   যে, “মই এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈ আছো। মই এন ডি এৰ লগতে আছো। পিছত বেলেগ কিবা সম্ভাৱনা থাকিলে জনাম।" অৱশ্যে বহুতে তেওঁৰ মন্তব্যত 'মধ্যম পন্থা' বিচাৰি পাইছে। অৰ্থাৎ এন ডি এৰ লগত থাকিলেও তেওঁ প্ৰয়োজনত  ইণ্ডিয়া মিত্ৰজোঁটৰ  কথাও ভাবিব পাৰে।আনহাতে  বহুতে ভাবে যে নীতিশ ‘দল বাগৰাত পাকৈত ’ হ’লেও চন্দ্ৰবাবুৱে এন ডি এ এৰি নাযায়। জানিব পৰা মতে  চন্দ্ৰবাবু নাইডুৱে  অন্ধ্ৰৰ মুখ্যমন্ত্ৰী হিচাবে ৯ জুনত শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  অমিত শ্বাহকে ধৰি বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলক শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ