--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰাচী উপন্যাস ‘আশী দিনত বিশ্বজুৰি’ৰ কাহিনী মনত আছেনে? লণ্ডনৰ বিজ্ঞানী ফিলিয়াছ ফগ আৰু তেওঁৰ খানছামাই কেনেকৈ ৮০ দিনত বিশ্ব ভ্ৰমণ কৰিছিল। ভ্ৰমণৰ সময়ত বহু লোকক লগ পাইছিল। জুলছ ভাৰ্নৰ উপন্যাসখন প্ৰথম ফৰাচী ভাষাত ১৮৭২ চনত প্ৰকাশ পাইছিল। জুলছ ভাৰ্নে সৃষ্টি কৰা উপন্যাসসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় উপন্যাস। কিন্তু সঁচাকৈয়ে ৮০ দিনত গোটেই পৃথিৱীখন ভ্ৰমণ কৰাটো সম্ভৱনে?

দুজন আমেৰিকান বন্ধুৱে দেখুৱাইছে যে গোটেই কামটো নহ’লেও অলপ কাম কৰাটো সম্ভৱ। অৱশ্যে জুলছ ভাৰ্নৰ কাহিনীৰ নায়ক ফিলিয়াছ আৰু তেওঁৰ খানছামাৰ দৰে তেওঁলোক সতেজ আৰু ডেকা নহয়, দুয়োজনেই বৃদ্ধা৷ এওঁলোক হৈছে এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এজন পেছাত তথ্যচিত্ৰ পৰিচালক, আনজন চিকিৎসক। দুয়ো অশীতিপৰ৷

আমেৰিকাৰ টেক্সাছৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মাত্ৰ ৮০ দিনৰ ভিতৰতে দুয়োগৰাকী ৮১ বছৰীয়া বান্ধৱীয়ে বিশ্ব ভ্ৰমণ কৰিছিল। ৮০ দিনত ৭খন মহাদেশৰ ১৮খন দেশ ভ্ৰমণ কৰিছিল। কিন্তু বন্ধু দুজনে কেনেকৈ যাত্ৰা আৰম্ভ কৰিলে? এই ভ্ৰমণৰ বিষয়ে ছেণ্ডীয়ে সংবাদ মাধ্যম "চিএনএন"ক কয় যে ৮০ বছৰৰ পাছত তেওঁলোকৰ মনলৈ আহিল বিশ্ব ভ্ৰমণ। ঠিক তেনেকৈয়ে বেগবোৰ গোটাই লৈ ওলাই গ’ল।

ছেণ্ডীয়ে কয় যে আমি ইয়াৰ পূৰ্বেও একেলগে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিছো। ৭৬ বছৰ বয়সত আমি বিশ্ব ভ্ৰমণলৈ যোৱাৰ কথা আলোচনা কৰিলোঁ। ৮০ বছৰ হোৱাৰ লগে লগে আমি এইবাৰ ওলাই যোৱাৰ সিদ্ধান্ত লওঁ। এলিয়ে ক’লে, “মই আগতে ওলাই গ’লোঁহেঁতেন। কিন্তু covid ৰ বাবে সেয়া সম্ভৱ নহ'ল। কিন্তু Covid কমি অহাৰ লগে লগে আমি বেগবোৰ সামৰি গুচি গ’লোঁ৷”

৮০ দিনীয়া বিশ্ব ভ্ৰমণৰ অন্তত এলি আৰু ছেণ্ডীয়ে  লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়া, ইজিপ্ত, নেপাল, বালি আৰু ভাৰত ভ্ৰমণ কৰে৷ চলিত বৰ্ষৰ ১১ জানুৱাৰীত এলি আৰু ছেণ্ডীয়ে এন্টাৰ্কটিকাৰ পৰা ৰাওনা হয়। ইয়াৰ পিছত তেওঁলোকে চিলি, আৰ্জেণ্টিনা, ফিনলেণ্ড, চুমেৰু, ৰোম, লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়াৰ মাজেৰে ইজিপ্ত পালেগৈ। পিৰামিডৰ সন্মুখত বিভিন্ন স্থানত ফটোও তুলিছিল।

৪০ দিনৰ বিশ্ব ভ্ৰমণৰ অন্তত দুয়ো বন্ধুৱে ভাৰতত ভৰি দিলে। ভাৰতত থকাৰ সময়তে দুয়োগৰাকীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো তুলিছিল। সেই ছবিখন তেওঁলোকে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। কেৱল সেয়াই নহয়,  ভাৰতলৈ আহি ৰিক্সা এখনত উঠি দিল্লীৰ ৰাজপথত ঘূৰি ফুৰিছিল।

ভাৰত ভ্ৰমণ কৰাৰ পিছত জাপান, নেপাল ফুৰি ইণ্ডোনেছিয়া ভ্ৰমণ কৰিবলৈ যায়। এপ্ৰিল মাহত তেওঁলোক অষ্ট্ৰেলিয়াত উপস্থিত হয়। বন্ধু দুগৰাকীয়ে তেওঁলোকৰ সমগ্ৰ যাত্ৰা কেমেৰাত বন্দী কৰিছিল। ছচিয়েল মিডিয়াতো পোষ্ট কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হাড়ৰ বিষ আৰু দুৰ্বলতাৰ পৰা মুক্তি পাবলৈ কি কৰিব লাগে? এই স্বাস্থ্যকৰ অভ্যাসবোৰ গ্ৰহণ কৰক
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ