--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰাচী উপন্যাস ‘আশী দিনত বিশ্বজুৰি’ৰ কাহিনী মনত আছেনে? লণ্ডনৰ বিজ্ঞানী ফিলিয়াছ ফগ আৰু তেওঁৰ খানছামাই কেনেকৈ ৮০ দিনত বিশ্ব ভ্ৰমণ কৰিছিল। ভ্ৰমণৰ সময়ত বহু লোকক লগ পাইছিল। জুলছ ভাৰ্নৰ উপন্যাসখন প্ৰথম ফৰাচী ভাষাত ১৮৭২ চনত প্ৰকাশ পাইছিল। জুলছ ভাৰ্নে সৃষ্টি কৰা উপন্যাসসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় উপন্যাস। কিন্তু সঁচাকৈয়ে ৮০ দিনত গোটেই পৃথিৱীখন ভ্ৰমণ কৰাটো সম্ভৱনে?

দুজন আমেৰিকান বন্ধুৱে দেখুৱাইছে যে গোটেই কামটো নহ’লেও অলপ কাম কৰাটো সম্ভৱ। অৱশ্যে জুলছ ভাৰ্নৰ কাহিনীৰ নায়ক ফিলিয়াছ আৰু তেওঁৰ খানছামাৰ দৰে তেওঁলোক সতেজ আৰু ডেকা নহয়, দুয়োজনেই বৃদ্ধা৷ এওঁলোক হৈছে এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এজন পেছাত তথ্যচিত্ৰ পৰিচালক, আনজন চিকিৎসক। দুয়ো অশীতিপৰ৷

আমেৰিকাৰ টেক্সাছৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মাত্ৰ ৮০ দিনৰ ভিতৰতে দুয়োগৰাকী ৮১ বছৰীয়া বান্ধৱীয়ে বিশ্ব ভ্ৰমণ কৰিছিল। ৮০ দিনত ৭খন মহাদেশৰ ১৮খন দেশ ভ্ৰমণ কৰিছিল। কিন্তু বন্ধু দুজনে কেনেকৈ যাত্ৰা আৰম্ভ কৰিলে? এই ভ্ৰমণৰ বিষয়ে ছেণ্ডীয়ে সংবাদ মাধ্যম "চিএনএন"ক কয় যে ৮০ বছৰৰ পাছত তেওঁলোকৰ মনলৈ আহিল বিশ্ব ভ্ৰমণ। ঠিক তেনেকৈয়ে বেগবোৰ গোটাই লৈ ওলাই গ’ল।

ছেণ্ডীয়ে কয় যে আমি ইয়াৰ পূৰ্বেও একেলগে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিছো। ৭৬ বছৰ বয়সত আমি বিশ্ব ভ্ৰমণলৈ যোৱাৰ কথা আলোচনা কৰিলোঁ। ৮০ বছৰ হোৱাৰ লগে লগে আমি এইবাৰ ওলাই যোৱাৰ সিদ্ধান্ত লওঁ। এলিয়ে ক’লে, “মই আগতে ওলাই গ’লোঁহেঁতেন। কিন্তু covid ৰ বাবে সেয়া সম্ভৱ নহ'ল। কিন্তু Covid কমি অহাৰ লগে লগে আমি বেগবোৰ সামৰি গুচি গ’লোঁ৷”

৮০ দিনীয়া বিশ্ব ভ্ৰমণৰ অন্তত এলি আৰু ছেণ্ডীয়ে  লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়া, ইজিপ্ত, নেপাল, বালি আৰু ভাৰত ভ্ৰমণ কৰে৷ চলিত বৰ্ষৰ ১১ জানুৱাৰীত এলি আৰু ছেণ্ডীয়ে এন্টাৰ্কটিকাৰ পৰা ৰাওনা হয়। ইয়াৰ পিছত তেওঁলোকে চিলি, আৰ্জেণ্টিনা, ফিনলেণ্ড, চুমেৰু, ৰোম, লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়াৰ মাজেৰে ইজিপ্ত পালেগৈ। পিৰামিডৰ সন্মুখত বিভিন্ন স্থানত ফটোও তুলিছিল।

৪০ দিনৰ বিশ্ব ভ্ৰমণৰ অন্তত দুয়ো বন্ধুৱে ভাৰতত ভৰি দিলে। ভাৰতত থকাৰ সময়তে দুয়োগৰাকীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো তুলিছিল। সেই ছবিখন তেওঁলোকে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। কেৱল সেয়াই নহয়,  ভাৰতলৈ আহি ৰিক্সা এখনত উঠি দিল্লীৰ ৰাজপথত ঘূৰি ফুৰিছিল।

ভাৰত ভ্ৰমণ কৰাৰ পিছত জাপান, নেপাল ফুৰি ইণ্ডোনেছিয়া ভ্ৰমণ কৰিবলৈ যায়। এপ্ৰিল মাহত তেওঁলোক অষ্ট্ৰেলিয়াত উপস্থিত হয়। বন্ধু দুগৰাকীয়ে তেওঁলোকৰ সমগ্ৰ যাত্ৰা কেমেৰাত বন্দী কৰিছিল। ছচিয়েল মিডিয়াতো পোষ্ট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ