--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত আমেৰিকাত অনুষ্ঠিত হ’ব  ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।  আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলে ইতিমধ্যে পূৰ্ণ গতিত প্ৰচাৰ চলাই আছে। বিবেক ৰামাস্বামী ডনাল্ড ট্ৰাম্পৰ পিছত ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা দ্বিতীয়গৰাকী ৰিপাব্লিকান প্ৰাৰ্থী। তেওঁৰ মুখতেই উচ্চাৰিত হৈছে হিন্দুত্বৰ  বিষয়টো । 

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকেও নিজকে "গৌৰৱান্বিত হিন্দু" বুলি কয়। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰামাস্বামীকো তেওঁৰ হিন্দু বিশ্বাসৰ বিষয়ে কোৱা দেখা গ’ল। ৰামাস্বামীয়ে কয়  "মোৰ বিশ্বাসেই মোক স্বাধীনতা দিয়ে। মই ধাৰণা কৰোঁ যে সেই বিশ্বাসেই   মোক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানলৈ লৈ গৈছে। মই এজন হিন্দু। মই এজন প্ৰকৃত ঈশ্বৰত বিশ্বাসী লোক । মোৰ 
বিশ্বাস, ঈশ্বৰে আমাক সকলোকে এটা বা আন কেইবাটাও বিশেষ  উদ্দেশ্যৰ বাবে পঠিয়াইছে। মোৰ বিশ্বাসে মোক শিকাইছে যে আমাৰ সকলোৰে একোটা কৰ্তব্য আছে। এক নৈতিক বাধ্যবাধকতা আছে। আমাৰ কামত ঈশ্বৰ এনেদৰেই নিহিত হৈ আছে। আমি এতিয়াও বিশ্বাস কৰোঁ যে সকলোৰে মাজত এজন ঈশ্বৰ থাকে । এয়াই  মোৰ বিশ্বাসৰ মূল কথা। "


ৰামাস্বামীয়ে নিজৰ পৰিয়ালৰ পৰা  কিদৰে মূল্যবোধ, বিবাহ  আৰু জ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ  শিকাইছিল সেই বিষয়েও কয় । তেওঁ কয়  "মই খ্ৰীষ্টান উচ্চ বিদ্যালয়লৈ গৈছিলো, আমি তাত কি শিকিলোঁ? আমি দহটা আজ্ঞা শিকিলোঁ। আমি বাইবেল পঢ়িছিলো। ঈশ্বৰ সঁচা। এজন প্ৰকৃত ঈশ্বৰ আছে"। কিন্তু সময়তে তেওঁ কয়, "এজন ৰাষ্ট্ৰপতিয়ে দেশখনত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিব পাৰেনে? মই কওঁ নোৱাৰোঁ। কিন্তু যিসকলে মূল্যবোধৰ কথা কয় তেওঁলোকৰ সৈতে মই থিয় নহ'ম নেকি? মই  পৰৱৰ্তী প্ৰজন্মৰ বাবে ইয়াৰ উদাহৰণ হ’ব  নোৱাৰো নেকি? যিটো  শুদ্ধ সেয়াই অৱশ্যে মই কৰিম। কাৰণ সেয়া মোৰ কৰ্তব্য। "


উল্লেখ্য অহা বছৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে প্ৰাৰ্থীসকলক বিভিন্ন বিষয়ক লৈ  কোৱা দেখা গৈছে। ৰামাস্বামীয়ে তেওঁৰ ধৰ্মীয় বিশ্বাসৰ কথা কৈছে। তেওঁ স্পষ্ট কৰি দিছে যে আগন্তুক নিৰ্বাচনত ধৰ্মো এটা কাৰক হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ