--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত আমেৰিকাত অনুষ্ঠিত হ’ব  ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।  আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলে ইতিমধ্যে পূৰ্ণ গতিত প্ৰচাৰ চলাই আছে। বিবেক ৰামাস্বামী ডনাল্ড ট্ৰাম্পৰ পিছত ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা দ্বিতীয়গৰাকী ৰিপাব্লিকান প্ৰাৰ্থী। তেওঁৰ মুখতেই উচ্চাৰিত হৈছে হিন্দুত্বৰ  বিষয়টো । 

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকেও নিজকে "গৌৰৱান্বিত হিন্দু" বুলি কয়। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰামাস্বামীকো তেওঁৰ হিন্দু বিশ্বাসৰ বিষয়ে কোৱা দেখা গ’ল। ৰামাস্বামীয়ে কয়  "মোৰ বিশ্বাসেই মোক স্বাধীনতা দিয়ে। মই ধাৰণা কৰোঁ যে সেই বিশ্বাসেই   মোক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানলৈ লৈ গৈছে। মই এজন হিন্দু। মই এজন প্ৰকৃত ঈশ্বৰত বিশ্বাসী লোক । মোৰ 
বিশ্বাস, ঈশ্বৰে আমাক সকলোকে এটা বা আন কেইবাটাও বিশেষ  উদ্দেশ্যৰ বাবে পঠিয়াইছে। মোৰ বিশ্বাসে মোক শিকাইছে যে আমাৰ সকলোৰে একোটা কৰ্তব্য আছে। এক নৈতিক বাধ্যবাধকতা আছে। আমাৰ কামত ঈশ্বৰ এনেদৰেই নিহিত হৈ আছে। আমি এতিয়াও বিশ্বাস কৰোঁ যে সকলোৰে মাজত এজন ঈশ্বৰ থাকে । এয়াই  মোৰ বিশ্বাসৰ মূল কথা। "


ৰামাস্বামীয়ে নিজৰ পৰিয়ালৰ পৰা  কিদৰে মূল্যবোধ, বিবাহ  আৰু জ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ  শিকাইছিল সেই বিষয়েও কয় । তেওঁ কয়  "মই খ্ৰীষ্টান উচ্চ বিদ্যালয়লৈ গৈছিলো, আমি তাত কি শিকিলোঁ? আমি দহটা আজ্ঞা শিকিলোঁ। আমি বাইবেল পঢ়িছিলো। ঈশ্বৰ সঁচা। এজন প্ৰকৃত ঈশ্বৰ আছে"। কিন্তু সময়তে তেওঁ কয়, "এজন ৰাষ্ট্ৰপতিয়ে দেশখনত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিব পাৰেনে? মই কওঁ নোৱাৰোঁ। কিন্তু যিসকলে মূল্যবোধৰ কথা কয় তেওঁলোকৰ সৈতে মই থিয় নহ'ম নেকি? মই  পৰৱৰ্তী প্ৰজন্মৰ বাবে ইয়াৰ উদাহৰণ হ’ব  নোৱাৰো নেকি? যিটো  শুদ্ধ সেয়াই অৱশ্যে মই কৰিম। কাৰণ সেয়া মোৰ কৰ্তব্য। "


উল্লেখ্য অহা বছৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে প্ৰাৰ্থীসকলক বিভিন্ন বিষয়ক লৈ  কোৱা দেখা গৈছে। ৰামাস্বামীয়ে তেওঁৰ ধৰ্মীয় বিশ্বাসৰ কথা কৈছে। তেওঁ স্পষ্ট কৰি দিছে যে আগন্তুক নিৰ্বাচনত ধৰ্মো এটা কাৰক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ