--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তাহাউৰে এই বুলি স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানী সেনাৰ এক বিশ্বস্ত এজেন্ট আছিল।

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই মুম্বাই পুলিচক দিয়া স্বীকাৰোক্তিয়ে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণটোৰ সময়ত আক্ৰমণটোৰ মূল ষড়যন্ত্রকাৰী তাহাউৰে এই বুলি স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানী সেনাৰ এক বিশ্বস্ত এজেন্ট আছিল। আক্ৰমণটোৰ সময়ত তেওঁ মুম্বাইতে আছিল বুলি প্রকাশ কৰে।


দিল্লীৰ তিহাৰ কাৰগাৰত মুম্বাই পুলিচে কৰা জেৰাৰ সময়ত তাহাউৰে এই কথা স্বীকাৰ কৰে। ইণ্ডিয়া টুডে'ই প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে। বাতৰিটোত উল্লেখ কৰা মৈতে তাহাউৰে মুম্বাই পুলিচৰ জেৰাত প্রকাশ কৰে যে তেওঁ আৰু তেওঁৰ বন্ধু ডেভিদ কলমেন হেডলীয়ে পাকিস্তানত লস্কৰ-এ-তৈয়বাৰ কেইবাটাও প্রশিক্ষণত অংশগ্ৰহণ কৰিছিল। ৰানাই লগতে এই কথাও প্রকাশ কৰে যে লস্কৰ-এ-তৈয়বাই প্রকৃততে এক চোৰাংচোৱাৰ নেটৱৰ্কৰ দৰে কাম কৰিছিল।


ৰানাই মুম্বাই পুলিচৰ জেৰাত স্বীকাৰ কৰে যে মুম্বাইত ইমিগ্রেশ্যন চেণ্টাৰ খোলাৰ পৰিকল্পনা তেওঁৰ আছিল। ইয়াৰ উদ্দেশ্য আছিল যাতে মুম্বাইত আক্ৰমণৰ প্ৰস্তুতিৰ কাৰণে স্থান আৰু আন সুবিধা পোৱা যায়। এই ফার্মখনৰ বিত্তীয় লেনদেনক বাণিজ্যিক ব্যয় হিচাপে দেখুওৱা হৈছে। তেওঁ মুম্বাইৰ ছত্ৰপতি শিৱাজী টার্মিনাছকে ধৰি আন স্থানসমূহত আগতীয়াকৈ ভ্ৰমণ কৰি ইয়াৰ ৰেহৰূপ চাই গৈছিল। আক্ৰমণটোৰ ষড়যন্ত্রত তেৰোঁ জড়িত আছিল বুলিও জেৰাত স্বীকাৰ কৰে।


ৰানাই স্বীকাৰ কৰে যে মুম্বাইত পাকিস্তানী সেনাৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত আক্ৰমণ কৰা হৈছিল। আনহাতে, পাৰস্য উপসাগৰীয় যুদ্ধৰ সময়ত তেওঁক পাকিস্তানী সেনাই ছৌডি আৰবলৈ প্ৰেৰণ কৰা বুলিও প্রকাশ কৰে ৰানাই। উল্লেখযোগ্য যে হেডলী মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল আৰু ষড়যন্ত্ৰ ৰচনা কৰাত তেওঁক ৰানাই সহযোগ কৰিছিল। ৬৪ বছৰীয়া ৰানা পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক। ২০০৯ চনত ৰানাক আমেৰিকাৰ ছিকাগোৰ পৰা এফ বি আয়ে গ্ৰেপ্তাৰ কৰে আৰু যোৱা ১০ এপ্রিলত তেওঁক আমেৰিকাৰ পৰা ভাৰতলৈ অনা হয়। ৰানা বৰ্তমান নিয়াৰ জিম্মাত আছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ