--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তাহাউৰে এই বুলি স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানী সেনাৰ এক বিশ্বস্ত এজেন্ট আছিল।

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই মুম্বাই পুলিচক দিয়া স্বীকাৰোক্তিয়ে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণটোৰ সময়ত আক্ৰমণটোৰ মূল ষড়যন্ত্রকাৰী তাহাউৰে এই বুলি স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানী সেনাৰ এক বিশ্বস্ত এজেন্ট আছিল। আক্ৰমণটোৰ সময়ত তেওঁ মুম্বাইতে আছিল বুলি প্রকাশ কৰে।


দিল্লীৰ তিহাৰ কাৰগাৰত মুম্বাই পুলিচে কৰা জেৰাৰ সময়ত তাহাউৰে এই কথা স্বীকাৰ কৰে। ইণ্ডিয়া টুডে'ই প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে। বাতৰিটোত উল্লেখ কৰা মৈতে তাহাউৰে মুম্বাই পুলিচৰ জেৰাত প্রকাশ কৰে যে তেওঁ আৰু তেওঁৰ বন্ধু ডেভিদ কলমেন হেডলীয়ে পাকিস্তানত লস্কৰ-এ-তৈয়বাৰ কেইবাটাও প্রশিক্ষণত অংশগ্ৰহণ কৰিছিল। ৰানাই লগতে এই কথাও প্রকাশ কৰে যে লস্কৰ-এ-তৈয়বাই প্রকৃততে এক চোৰাংচোৱাৰ নেটৱৰ্কৰ দৰে কাম কৰিছিল।


ৰানাই মুম্বাই পুলিচৰ জেৰাত স্বীকাৰ কৰে যে মুম্বাইত ইমিগ্রেশ্যন চেণ্টাৰ খোলাৰ পৰিকল্পনা তেওঁৰ আছিল। ইয়াৰ উদ্দেশ্য আছিল যাতে মুম্বাইত আক্ৰমণৰ প্ৰস্তুতিৰ কাৰণে স্থান আৰু আন সুবিধা পোৱা যায়। এই ফার্মখনৰ বিত্তীয় লেনদেনক বাণিজ্যিক ব্যয় হিচাপে দেখুওৱা হৈছে। তেওঁ মুম্বাইৰ ছত্ৰপতি শিৱাজী টার্মিনাছকে ধৰি আন স্থানসমূহত আগতীয়াকৈ ভ্ৰমণ কৰি ইয়াৰ ৰেহৰূপ চাই গৈছিল। আক্ৰমণটোৰ ষড়যন্ত্রত তেৰোঁ জড়িত আছিল বুলিও জেৰাত স্বীকাৰ কৰে।


ৰানাই স্বীকাৰ কৰে যে মুম্বাইত পাকিস্তানী সেনাৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত আক্ৰমণ কৰা হৈছিল। আনহাতে, পাৰস্য উপসাগৰীয় যুদ্ধৰ সময়ত তেওঁক পাকিস্তানী সেনাই ছৌডি আৰবলৈ প্ৰেৰণ কৰা বুলিও প্রকাশ কৰে ৰানাই। উল্লেখযোগ্য যে হেডলী মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল আৰু ষড়যন্ত্ৰ ৰচনা কৰাত তেওঁক ৰানাই সহযোগ কৰিছিল। ৬৪ বছৰীয়া ৰানা পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক। ২০০৯ চনত ৰানাক আমেৰিকাৰ ছিকাগোৰ পৰা এফ বি আয়ে গ্ৰেপ্তাৰ কৰে আৰু যোৱা ১০ এপ্রিলত তেওঁক আমেৰিকাৰ পৰা ভাৰতলৈ অনা হয়। ৰানা বৰ্তমান নিয়াৰ জিম্মাত আছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু