--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান চলি আছে শাওণ মাহ।  এই মাহত ভগৱান শিৱক পূজা কৰিলে ভক্তসকলৰ ইচ্ছা পূৰণ হয়। আজি আমি আপোনালোকক চিনাকি কৰাই দিম এটা ৮০০ বছৰীয়া পুৰণি ভগৱান শিৱৰ মন্দিৰৰ সৈতে।  এই মন্দিৰৰ নিজস্ব ধৰ্মীয় তাৎপৰ্য্য আছে।

ভাৰতক মঠ-মন্দিৰৰ দেশ বুলি কোৱা হয়। ভাৰতত এনে কিছুমান মন্দিৰ আছে, যি অতি চমৎকাৰী। তেনে এটা মন্দিৰ হ'ল তামিলনাডুৰ কুম্বকোনামৰ ওচৰৰ দাৰাছুৰামত অৱস্থিত ‘ঐৰাৱতেশ্বৰ মন্দিৰ’।  এই মন্দিৰটোক ইউনেস্কোৱে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছে।  দ্বাদশ শতিকাত মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। ঐৰাৱতেশ্বৰ মন্দিৰ ভগৱান শিৱৰ নামত উচৰ্গা কৰা হৈছে।  ভগৱান শিৱক ইয়াত ঐৰাৱতেশ্বৰ নামেৰে পূজা হয়।  দেৱতাৰ ৰজা ইন্দ্ৰৰ বাহন বগা হাতী ঐৰাৱতে এই মন্দিৰত ভগৱান শিৱক পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়।

এই মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইয়াৰ চিৰিৰ পৰা সংগীতৰ সুৰ ওলাই আহে, যাৰ বাবে এই মন্দিৰটো একেবাৰে অনন্য।  কেৱল ধৰ্মীয় তাৎপৰ্য্য থকাই নহয়, প্ৰাচীন স্থাপত্যৰ বাবেও এই মন্দিৰ বিখ্যাত।  মন্দিৰৰ আকৃতি আৰু দেৱালত খোদিত কৰা চিত্ৰই বহুত মানুহক আকৰ্ষণ কৰে।

 এই মন্দিৰটো দ্ৰাবিড় শৈলীৰে নিৰ্মাণ কৰা হৈছিল।  প্ৰাচীন মন্দিৰটোত আপুনি ৰথৰ গঠনো দেখিবলৈ পাব। ইয়াত বৈদিক আৰু পৌৰাণিক দেৱতা ইন্দ্ৰ, অগ্নি, বৰুণ, বায়ু, ব্ৰহ্মা, সূৰ্য্য, বিষ্ণু, সপ্তমাত্ৰিক, দুৰ্গা, সৰস্বতী, লক্ষ্মী, গংগা, যমুনাৰ ছবি খোদিত আছে।

 এই মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াত থকা চিৰিবোৰ।  মন্দিৰৰ প্ৰৱেশদ্বাৰত এটা শিলৰ চিৰি আছে, তাৰ প্ৰতিটো খোজতে এটা বেলেগ শব্দ ওলাই আহে।  এই চিৰিবোৰৰ মাজেৰে সংগীতৰ সাতটা স্বৰ শুনিব পাৰি।  চিৰিৰে খোজ কাঢ়িলেই এঈ সুৰটো শুনিবলৈ পাব।

উল্লেখ্য যে ঐৰাৱত হাতীটো বগা আছিল বুলি বিশ্বাস কৰা হয়, কিন্তু দূৰ্বাসা ঋষিৰ অভিশাপৰ বাবে হাতীটোৰ ৰং সলনি হ’ল।  এই কথাত তেওঁ বৰ দুখ পাইছিল।  এই মন্দিৰৰ পবিত্ৰ পানীত স্নান কৰি তেওঁ পুনৰ বগা ৰং পালে।  মন্দিৰটোত বহুতো শিলালিপি আছে।  এই মন্দিৰলৈ আহিলে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ