--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃদেশৰ বিমান বন্দৰসমূহৰ সুৰক্ষাৰ বিষয়টোকলৈ বিভিন্ন সময়ত আলোচনা হৈ থকাৰ সময়তে দেশৰ প্ৰথমটো বমান বন্দৰ হিচাবে মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চৌহদত কৰ্তব্যৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) বিমান সুৰক্ষা গোটক বুলেট প্ৰতিৰোধী বাহন প্ৰদান কৰা হৈছে। 

ব্যুৰো অফ চিভিল এভিয়েচন চিকিউৰিটিয়ে (বিচিএএছ) বিমানবন্দৰ পৰিচালকসকলক চিআইএছএফৰ বিমান সুৰক্ষাৰ সৈতে জৰিত দলটোক এনে বাহনৰে সজ্জিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত মাংগালুৰু বিমানবন্দৰৰ কৰ্তৃপক্ষই বুলেটপ্ৰুফ বাহনখন ক্ৰয় কৰিছিল। 

উল্লেখ্য মাংগালুৰু বিমান বন্দৰেই হৈছে  দেশৰ প্ৰথমটো বিমানবন্দৰ যিটো বিমান বন্দৰত  বুলেট প্ৰুফ বাহন ব্যৱহাৰ কৰা হৈছে৷  দেশৰ প্ৰথম অ-অতিসংবেদনশীল বিমানবন্দৰ হিচাবেও মাংগালুৰু বিমান বন্দৰে স্বীকৃতি লাভ কৰিছে। 

বিমান সুৰক্ষা কৰ্মীসকলে যাতে যিকোনো সুৰক্ষা সম্পৰ্কীয় পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই সুৰক্ষা কৰ্মীৰ হাতত  বুলেট  প্ৰুফ বাহন তুলি দিয়া হৈছে৷ 

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে সাধাৰণতে 'অতিসংবেদনশীল' মুম্বাই, বেংগালুৰু, দিল্লী আৰু হায়দৰাবাদ বিমানবন্দৰত অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি থাকিবলগীয়া হৈছে৷ 

তেনে বিমানবন্দৰ কেইটাতো বাহিনীটোৰ কৰ্মীসকলক  বুলেট প্ৰতিৰোধী বাহন প্ৰদান কৰাৰ কথা চলি আছে। বুলেট প্ৰুফ বাহন খনত সুৰক্ষাৰ স্বাৰ্থতে লাইট মেচিন গানো সংযুক্ত কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু