--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চিগাৰেট হুপি হুপি আপুনি দৌৰিব পাৰেনে? এক দুই কিলোমিটাৰ নহয়, চিগাৰেট হুপি হুপি মুঠ ৪২ কিলোমিটাৰ মাৰাথন দৌৰত ভাগ ল’ব পাৰিবনে আপুনি? এই কাম কৰি দেখুৱাইছে চীনৰ এজন বয়সস্থ লোকে।

সাধাৰণতে মাৰাথন বুলি ক’লেই প্ৰথমে ফিটনেছৰ কথা মনলে আহে। মাৰাথনৰ বাবে শাৰিৰীক ক্ষমতা প্ৰখৰ হোৱাৰ প্ৰয়োজন। আনহাতে, ধুমপান স্বাস্থ্যৰ বাবে ভয়ংকৰ বুলি গণ্য কৰা হয়।

কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত উদাহৰ দাঙি ধৰিছে চীনৰ ‘আংকল চেন’-এ। ৫০ বছৰ বয়সীয়া আংকল চেনে ৬ নৱেম্বৰত চীনৰ শ্বিয়ানজিয়াঙত অনুষ্ঠিত এটা মাৰাথনত অংশ লৈছিল। ৪২ কিলোমিটাৰজোৰা মাৰাথনটোত পোন্ধৰশ লোকে অংশ লয়।

মাৰাথনটো আংকল চেনে ৩ ঘণ্টা ২৮ মিনিটত সম্পূৰ্ণ কৰে। পাঁচশ চয়সত্তৰত্তম স্থান লাভ কৰে তেওঁ।

কিন্তু মাৰাথন দৌৰ শেষ কৰাৰ উপৰিও বেছি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেওঁৰ দৌৰৰ ধৰণে। দেখিবলৈ পোৱা মতে, সমগ্ৰ পথজুৰি তেওঁ চিগাৰেট সেৱন কৰি আছিল। চীনৰ সামাজিক মাধ্যমত ইতিমধ্যে ইয়াৰ ছৱিসমূহ ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, এয়াই প্ৰথম নহয়, ২০১৮ চনতো গুৱাংঝাউ মাৰাথান আৰু ২০১৯ চনতো শিয়ামেন মাৰাথনত ধূমপান কৰি দৌৰিছিল আংকন চেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক