--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষ সংগীৰ সুৰাত পঁইতাচোঁৰা মৰা বিষাক্ত স্প্ৰে মিহলাই লোকজনক হত্যা কিব বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী মাৰ্কিন মহিলা। আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী ২৯ বছৰীয়া মহিলাই ফ্লৰিডাৰ এখন স্থানীয় বাৰত লগ পোৱাৰ পিছত এজন পুৰুষৰ পানীয়ত পঁইতাচোঁৰা মৰা বিষাক্ত স্প্ৰে মিহলি কৰিছিল  বুলি অভিযোগ উঠিছে। ভলুচিয়া কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে কয় যে ভেৰোনিকা ক্লিন নামৰ মহিলাগৰাকীৰ  বিৰুদ্ধে সুৰাত এনেধৰণৰ বিহ মিহলি কৰি দিয়াৰ অভিযোগ উঠিছে। 


সেই সুৰা সেৱন কৰাৰ পিছতে লোক জন অসুস্থ হৈ পৰিছিল। পিছত বাৰৰ কৰ্মচাৰীসকলে অসুস্থ  অনুভৱ কৰা লোকজনৰ চিকিৎসাীৰ ব্যৱস্থা কৰে। 

লোকজনে প্ৰকাশ কৰা মতে তেওঁ দুগিলাচ  পানীয় খোৱাৰ পিছত অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। ইপিনে ক্লিনে  পানীয়ত বিষাক্ত পদাৰ্থ মিহলাই দিয়াৰ কথা  স্বীকাৰ কৰিছে। 

কিন্তু কি উদ্দেশ্য লৈ তেওঁ লোকজনৰ পানীয়ত বিষাক্ত পদাৰ্থ মিহলাই দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আমেৰিকাৰ বাৰত প্ৰায়ে এনে ধৰণৰ ঘটনা ঘটি আহিছে বুলি বহুতে অভিযোগ কৰিছে। ক্লিনক ভলুচিয়া কাউণ্টি শাখা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি মাৰ্কিন আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...