ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰকলৈ অৱশেষত মুখ খুলিব মোদীয়ে। মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষক লৈ বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সংসদত গ্ৰহণ কৰা হ'ব। মণিপুৰৰ বিষয়কলৈ অহা ৮ আগষ্টত লোকসভাত অনুষ্ঠিত বিতৰ্ক অনুষ্ঠিত হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত বিতৰ্কৰ উত্তৰ দিব৷ ২০ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা সংসদৰ দুয়োখন সদনতে মণিপুৰৰ প্ৰসংগকলৈ বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে৷
কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা মণিপুৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোৱাবলৈ আনকি বিৰোধীয়ে অনাস্থা প্ৰস্তাৱো দাখিল কৰিছে। কিন্তু বিৰোধীৰ অনাস্থা প্ৰস্তাৱকলৈ ইমান দিনে চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ জানিব পৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহেও মণিপুৰৰ পৰিস্থিতিৰ বিষয়ত হোৱা বিতৰ্কৰ উত্তৰ দিব৷ শ্বাহে ইকতিমধ্যে সংসদতসমণিপুৰৰ বিষয়ত মন্তব্য কৰিছে। কিন্তু বিৰোধী দলবোৰে প্ৰধানমন্ত্ৰীৰ পৰা সঁহাৰি দাবী কৰি আহিছে।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ সদনত ৫০ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল ।
কংগ্ৰেছৰ সাংসদসকলৰ লগতে ইণ্ডিয়া মিত্ৰজোঁটৰ আন সাংসদসকলৰ সমৰ্থনত প্ৰস্তাৱটো সহজে গ্ৰহণ কৰা হৈছিল। কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, ডিএমকেৰ টি আৰ বালু আৰু এনচিপিৰ নেত্ৰী সুপ্ৰিয়া চুলেকে ধৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ উপস্থাপন কৰাৰ সময়ত থিয় দি প্ৰস্তাৱটো সমৰ্থন কৰিছিল। ৫৪৩ জনীয়া লোকসভাত বৰ্তমান শাসনাধিষ্ঠিত এন ডি এৰ শক্তি ৩৩১। বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সদনত ১৪৪ গৰাকী সদস্য আছে। বিৰোধীৰ সংখ্যা কম, সেয়ে অনাস্থা প্ৰস্তাৱটো গৃহীত হোৱাৰ আশা নাই। ইপিনে বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিৰোধীয়ে মণিপুৰৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ পৰা বিবৃতি লাভ কৰাৰ বাবেই এনেদৰে অনাস্থা প্ৰস্তাৱ দিছে।