--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰকলৈ অৱশেষত মুখ খুলিব মোদীয়ে। মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষক লৈ বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সংসদত গ্ৰহণ কৰা হ'ব। মণিপুৰৰ বিষয়কলৈ অহা  ৮ আগষ্টত লোকসভাত অনুষ্ঠিত বিতৰ্ক অনুষ্ঠিত হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত বিতৰ্কৰ উত্তৰ দিব৷ ২০ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা সংসদৰ দুয়োখন সদনতে মণিপুৰৰ প্ৰসংগকলৈ  বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে৷

 কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা মণিপুৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোৱাবলৈ আনকি বিৰোধীয়ে অনাস্থা প্ৰস্তাৱো দাখিল কৰিছে।   কিন্তু বিৰোধীৰ অনাস্থা প্ৰস্তাৱকলৈ ইমান দিনে চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ জানিব পৰা মতে  গৃহমন্ত্ৰী অমিত শ্বাহেও মণিপুৰৰ পৰিস্থিতিৰ বিষয়ত  হোৱা বিতৰ্কৰ উত্তৰ দিব৷ শ্বাহে ইকতিমধ্যে সংসদতসমণিপুৰৰ বিষয়ত মন্তব্য কৰিছে। কিন্তু বিৰোধী দলবোৰে প্ৰধানমন্ত্ৰীৰ পৰা  সঁহাৰি দাবী কৰি আহিছে।  
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে  দাখিল কৰা অনাস্থা প্ৰস্তাৱটো গ্ৰহণ  কৰিবলৈ   সদনত ৫০ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল । 

কংগ্ৰেছৰ সাংসদসকলৰ লগতে  ইণ্ডিয়া মিত্ৰজোঁটৰ আন সাংসদসকলৰ সমৰ্থনত প্ৰস্তাৱটো সহজে গ্ৰহণ কৰা  হৈছিল। কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, ডিএমকেৰ টি আৰ বালু আৰু এনচিপিৰ নেত্ৰী  সুপ্ৰিয়া চুলেকে ধৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ উপস্থাপন কৰাৰ সময়ত  থিয় দি প্ৰস্তাৱটো সমৰ্থন কৰিছিল। ৫৪৩ জনীয়া লোকসভাত বৰ্তমান শাসনাধিষ্ঠিত এন ডি এৰ শক্তি ৩৩১। বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সদনত ১৪৪  গৰাকী সদস্য আছে। বিৰোধীৰ সংখ্যা কম, সেয়ে অনাস্থা প্ৰস্তাৱটো গৃহীত হোৱাৰ আশা নাই। ইপিনে বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিৰোধীয়ে  মণিপুৰৰ প্ৰসংগত  প্ৰধানমন্ত্ৰী মোদীৰ পৰা বিবৃতি লাভ কৰাৰ বাবেই এনেদৰে অনাস্থা প্ৰস্তাৱ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ