--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅস্কাৰ বিজয়ী অভিনেতাজন এতিয়াও যেন তৰুণ হৈয়েই আছে। যদিও তেওঁৰ বয়স ৮০ বছৰতকৈ অধিক তথাপি তেওঁ নিজকে কেতিয়াও বুঢ়া হোৱা বুলি নাভাবে। সেয়ে  হলিউডৰ চুপাৰষ্টাৰ অভিনেতাজনে শেহতীয়াকৈ  প্ৰকাশ কৰিছে যে তেওঁ পুনৰ পিতৃ হ’বলৈ ওলাইছে। 

অভিনেতা আল পাচিনোৰ  সৈতে তেওঁৰ  প্ৰেমিকা নুৰ আলাফাল্লাহৰ বয়সৰ বহু পাৰ্থক্য আছে। কিন্তু বয়সৰ পাৰ্থক্যৰ পিছতো  নুৰ আলাফাল্লাহ এতিয়া গৰ্ভৱতী বুলি অভিনেতা জনে প্ৰকাশ কৰিছে। নুৰ আলাফাল্লাহ পেছাত এগৰাকী  প্ৰযোজক।

তেওঁ হলিউডৰ চুপাৰষ্টাৰ আল পাচিনোতকৈ প্ৰায় ৫৪ বছৰে সৰু। নুৰৰ বয়স ২৯  বছৰ। তেওঁ আল পাচিনোৰ সন্তানৰ মাতৃ হ'বলৈ গৈ আছে বুলি ইতমধ্যে অভিনেতা জনেই প্ৰকাশ কৰিছে।আল পাচিনোৱে যোৱা বছৰ তেওঁৰ ৮২ সংখ্যক জন্মদিনত প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰেমিকা নুৰ আলফাল্লাহক পৰিচয় কৰাই দিছিল। 

সেই বিশেষ দিনটোত অভিনেতাজনক  তেওঁৰ প্ৰেমিকাৰ সৈতে একেলগে ৰাজহুৱাস্থানত  দেখা গৈছিল। এইবাৰ আল পাচিনোৱে বছৰটো পাৰ হোৱাৰ লগে লগে  ভাল খবৰটো দিছে।

যদিও বয়সত ৫৪  বছৰৰ পাৰ্থক্য আছে, দম্পতীহালৰ সম্পৰ্কত প্ৰেমৰ কোনো অভাৱ নাই। মহামাৰীৰ সময়ত নুৰ আলফাল্লাহ আৰু আল পাচিনোৱে ইজনে সিজনৰ প্ৰেমত পৰিছিল।  

সেই সময়ত  শুনা গৈছিল যে তেওঁলোকে  লিভ-ইন সম্পৰ্কত আছিল। অৱশ্যে, তেওঁলোকৰ কোনোৱেই এই বিষয়েমুখ খোলা নাছিল।ইয়াৰ পূৰ্বেও নুৰ আলফাল্লাহে এজন  ৬০ বছৰ বয়সৰ লোকৰ প্ৰেমত পৰিছিল।  আল পাচিনো চতুৰ্থবাৰৰ বাবে দেউতাক হ'বলৈ গৈ আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস