--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅস্কাৰ বিজয়ী অভিনেতাজন এতিয়াও যেন তৰুণ হৈয়েই আছে। যদিও তেওঁৰ বয়স ৮০ বছৰতকৈ অধিক তথাপি তেওঁ নিজকে কেতিয়াও বুঢ়া হোৱা বুলি নাভাবে। সেয়ে  হলিউডৰ চুপাৰষ্টাৰ অভিনেতাজনে শেহতীয়াকৈ  প্ৰকাশ কৰিছে যে তেওঁ পুনৰ পিতৃ হ’বলৈ ওলাইছে। 

অভিনেতা আল পাচিনোৰ  সৈতে তেওঁৰ  প্ৰেমিকা নুৰ আলাফাল্লাহৰ বয়সৰ বহু পাৰ্থক্য আছে। কিন্তু বয়সৰ পাৰ্থক্যৰ পিছতো  নুৰ আলাফাল্লাহ এতিয়া গৰ্ভৱতী বুলি অভিনেতা জনে প্ৰকাশ কৰিছে। নুৰ আলাফাল্লাহ পেছাত এগৰাকী  প্ৰযোজক।

তেওঁ হলিউডৰ চুপাৰষ্টাৰ আল পাচিনোতকৈ প্ৰায় ৫৪ বছৰে সৰু। নুৰৰ বয়স ২৯  বছৰ। তেওঁ আল পাচিনোৰ সন্তানৰ মাতৃ হ'বলৈ গৈ আছে বুলি ইতমধ্যে অভিনেতা জনেই প্ৰকাশ কৰিছে।আল পাচিনোৱে যোৱা বছৰ তেওঁৰ ৮২ সংখ্যক জন্মদিনত প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰেমিকা নুৰ আলফাল্লাহক পৰিচয় কৰাই দিছিল। 

সেই বিশেষ দিনটোত অভিনেতাজনক  তেওঁৰ প্ৰেমিকাৰ সৈতে একেলগে ৰাজহুৱাস্থানত  দেখা গৈছিল। এইবাৰ আল পাচিনোৱে বছৰটো পাৰ হোৱাৰ লগে লগে  ভাল খবৰটো দিছে।

যদিও বয়সত ৫৪  বছৰৰ পাৰ্থক্য আছে, দম্পতীহালৰ সম্পৰ্কত প্ৰেমৰ কোনো অভাৱ নাই। মহামাৰীৰ সময়ত নুৰ আলফাল্লাহ আৰু আল পাচিনোৱে ইজনে সিজনৰ প্ৰেমত পৰিছিল।  

সেই সময়ত  শুনা গৈছিল যে তেওঁলোকে  লিভ-ইন সম্পৰ্কত আছিল। অৱশ্যে, তেওঁলোকৰ কোনোৱেই এই বিষয়েমুখ খোলা নাছিল।ইয়াৰ পূৰ্বেও নুৰ আলফাল্লাহে এজন  ৬০ বছৰ বয়সৰ লোকৰ প্ৰেমত পৰিছিল।  আল পাচিনো চতুৰ্থবাৰৰ বাবে দেউতাক হ'বলৈ গৈ আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ