--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় সংকটে জুৰুলা কৰা শ্ৰীলংকাথ এতিয়া কণীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। অৰ্থনৈতিক বিপৰ্যয়ৰ পিছৰে পৰা শ্ৰীলংকাত কণীৰ উৎপাদন চাহিদাতকৈ বহু কম হৈ আছে। এনে পৰিস্থিতিত শ্ৰীলংকাই ভাৰতৰ পৰা কণী বিচাৰি আবেদন জনাইছে। ৰনিল বিক্ৰমসিংহৰ দেশখনে ভাৰতৰ পাঁচখন  কুকুৰা ফাৰ্মৰ পৰা  প্ৰতিদিনে দহ লাখটাকৈ  কণী আমদানি কৰিবলৈ সিদ্ধান্ত লৈছে। দ্বীপ ৰাষ্ট্ৰখনৰ সৰ্ববৃহৎ বাণিজ্য সংস্থা শ্ৰীলংকা ষ্টেট ট্ৰেডিং কৰ্পোৰেচন (এছটিচি)ৰ অধ্যক্ষই এই কথা প্ৰকাশ কৰিছে।
এছটিচিৰ অধ্যক্ষ আচিৰি ভালিসুন্দৰাই কয়  যে পূৰ্বে ভাৰতৰ দুখন ফাৰ্মৰ পৰা এবাৰত  ২০ লাখটাকৈ কণী আমদানি কৰিছিল। এতিয়া প্ৰতিদিনে ১০  লাখটাকৈ  কণী ভাৰতৰ পৰা আমদানি কৰা হ’ব। শ্ৰীলংকাৰ পশু উৎপাদন বিভাগে ভাৰতৰ পৰা কণী আমদানিৰ বিষয়টোত অনুমোদন জনাইছে। অলপতে শ্ৰীলংকাৰ ষ্টেট ট্ৰেডিং কৰ্পোৰেচন আৰু পশু উৎপাদন বিভাগৰ বিষয়াসকল ভাৰতলৈ আহিছিল আৰু কণী সংগ্ৰহ কৰিব পৰা ফাৰ্মৰ বিষয়ে  জৰীপ কৰিছিল। ইয়াৰ পিছতে কণীৰ যোগান ধৰিবলৈ শ্ৰীলংকাই  ভাৰতৰ  মুঠ পাঁচখন কুকুৰা ফাৰ্ম চিনাক্ত কৰিছে। 

ভালিসুন্দৰাৰ মতে শ্ৰীলংকাৰ বেকাৰী, বিস্কুট কোম্পানী, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং কোম্পানীসমূহত কণীৰ প্ৰচুৰ চাহিদা আছে। লগতেঘৰুৱা ব্যৱহাৰৰ বাবেও সাধাৰণ লোকৰ  মাজত কণীৰ যথেষ্ট চাহিদা আছে। সকলো চাহিদা পূৰণ কৰিবলৈ ভাৰতৰ পৰা প্ৰতিদিনে ১০ লাখটাকৈ  কণী আমদানি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস