--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় সংকটে জুৰুলা কৰা শ্ৰীলংকাথ এতিয়া কণীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। অৰ্থনৈতিক বিপৰ্যয়ৰ পিছৰে পৰা শ্ৰীলংকাত কণীৰ উৎপাদন চাহিদাতকৈ বহু কম হৈ আছে। এনে পৰিস্থিতিত শ্ৰীলংকাই ভাৰতৰ পৰা কণী বিচাৰি আবেদন জনাইছে। ৰনিল বিক্ৰমসিংহৰ দেশখনে ভাৰতৰ পাঁচখন  কুকুৰা ফাৰ্মৰ পৰা  প্ৰতিদিনে দহ লাখটাকৈ  কণী আমদানি কৰিবলৈ সিদ্ধান্ত লৈছে। দ্বীপ ৰাষ্ট্ৰখনৰ সৰ্ববৃহৎ বাণিজ্য সংস্থা শ্ৰীলংকা ষ্টেট ট্ৰেডিং কৰ্পোৰেচন (এছটিচি)ৰ অধ্যক্ষই এই কথা প্ৰকাশ কৰিছে।
এছটিচিৰ অধ্যক্ষ আচিৰি ভালিসুন্দৰাই কয়  যে পূৰ্বে ভাৰতৰ দুখন ফাৰ্মৰ পৰা এবাৰত  ২০ লাখটাকৈ কণী আমদানি কৰিছিল। এতিয়া প্ৰতিদিনে ১০  লাখটাকৈ  কণী ভাৰতৰ পৰা আমদানি কৰা হ’ব। শ্ৰীলংকাৰ পশু উৎপাদন বিভাগে ভাৰতৰ পৰা কণী আমদানিৰ বিষয়টোত অনুমোদন জনাইছে। অলপতে শ্ৰীলংকাৰ ষ্টেট ট্ৰেডিং কৰ্পোৰেচন আৰু পশু উৎপাদন বিভাগৰ বিষয়াসকল ভাৰতলৈ আহিছিল আৰু কণী সংগ্ৰহ কৰিব পৰা ফাৰ্মৰ বিষয়ে  জৰীপ কৰিছিল। ইয়াৰ পিছতে কণীৰ যোগান ধৰিবলৈ শ্ৰীলংকাই  ভাৰতৰ  মুঠ পাঁচখন কুকুৰা ফাৰ্ম চিনাক্ত কৰিছে। 

ভালিসুন্দৰাৰ মতে শ্ৰীলংকাৰ বেকাৰী, বিস্কুট কোম্পানী, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং কোম্পানীসমূহত কণীৰ প্ৰচুৰ চাহিদা আছে। লগতেঘৰুৱা ব্যৱহাৰৰ বাবেও সাধাৰণ লোকৰ  মাজত কণীৰ যথেষ্ট চাহিদা আছে। সকলো চাহিদা পূৰণ কৰিবলৈ ভাৰতৰ পৰা প্ৰতিদিনে ১০ লাখটাকৈ  কণী আমদানি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ