--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। 

উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে। বিগত দুই দশক ধৰি নানান চৰকাৰ, স্বাস্থ্য সংস্থা, ধুম্ৰপাণকাৰী, ধঁপাত উদ্যোগ আদিৰ পৰা নানা ধৰণৰ ধনাত্মক আৰু ঋণাত্মক সঁহাৰিৰে ইয়াক উদযাপন কৰি অহা হৈছে।
 
ইয়াৰ লক্ষ্য হৈছে ধঁ‌পাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। ২০২৩ চনৰ বাবে বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে  ‘ধঁপাতমুক্ত যুৱক-যুৱতী’। ইয়াৰ অধীনত যুৱক-যুৱতীসকলৰ মাজত ধঁপাত সেৱন প্ৰতিৰোধ আৰু তেওঁলোকক ধঁপাত সেৱন বন্ধ কৰাত সহায় কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব দিয়া হ’ব।

গ্ল’বেল ইউথ ট’বেক’ চাৰ্ভে (GYTS) অনুসৰি ২০১৯ চনত কিশোৰ-কিশোৰীসকলৰ মাজত ধঁপাত সেৱনৰ হাৰ ৮.৫% আৰু পূৰ্বৰ সমীক্ষাত (২০১০) ১৪.৬% আছিল, ইয়াৰ পৰা বুজা যায় যে Consumption হ্ৰাস পাইছে, কিন্তু তথ্যই হাৰ দেখুৱাইছে ভাৰতত কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কৰ মাজত এতিয়াও বেছি। 

ধঁপাতৰ দ্বিতীয় বৃহত্তম গ্ৰাহক আৰু উৎপাদনকাৰী দেশ ভাৰত। সমগ্ৰ বিশ্বতে ধূমপায়ী মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আনন্দৰ বাবে বা দেখাক দেখি মহিলাসকলে ধূমপান কৰিবলৈ লৈছে যদিও কিন্তু ইয়াৰ বাবে মহিলাসকলে বহু শাৰীৰিক-মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যাৰ ভিতৰত ছাৰ্ভাইকেল কেন্সাৰ আৰু হৃদযন্ত্ৰৰ সমস্যা আদি অন্তৰ্ভুক্ত। ধঁপাতৰ বাবেই বিশ্বত কেন্সাৰ ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। গতিকে আপুনিও কেন্সাৰ বিচাৰে যদি খাওক ধঁপাত, চিগাৰেট আদি! যদিহে নিবিচাৰে তেন্তে আজিয়েই এইবোৰ বেয়া বস্তু ত্যাগ কৰাৰ সিদ্ধান্ত লওক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান