--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। 

উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে। বিগত দুই দশক ধৰি নানান চৰকাৰ, স্বাস্থ্য সংস্থা, ধুম্ৰপাণকাৰী, ধঁপাত উদ্যোগ আদিৰ পৰা নানা ধৰণৰ ধনাত্মক আৰু ঋণাত্মক সঁহাৰিৰে ইয়াক উদযাপন কৰি অহা হৈছে।
 
ইয়াৰ লক্ষ্য হৈছে ধঁ‌পাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। ২০২৩ চনৰ বাবে বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে  ‘ধঁপাতমুক্ত যুৱক-যুৱতী’। ইয়াৰ অধীনত যুৱক-যুৱতীসকলৰ মাজত ধঁপাত সেৱন প্ৰতিৰোধ আৰু তেওঁলোকক ধঁপাত সেৱন বন্ধ কৰাত সহায় কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব দিয়া হ’ব।

গ্ল’বেল ইউথ ট’বেক’ চাৰ্ভে (GYTS) অনুসৰি ২০১৯ চনত কিশোৰ-কিশোৰীসকলৰ মাজত ধঁপাত সেৱনৰ হাৰ ৮.৫% আৰু পূৰ্বৰ সমীক্ষাত (২০১০) ১৪.৬% আছিল, ইয়াৰ পৰা বুজা যায় যে Consumption হ্ৰাস পাইছে, কিন্তু তথ্যই হাৰ দেখুৱাইছে ভাৰতত কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কৰ মাজত এতিয়াও বেছি। 

ধঁপাতৰ দ্বিতীয় বৃহত্তম গ্ৰাহক আৰু উৎপাদনকাৰী দেশ ভাৰত। সমগ্ৰ বিশ্বতে ধূমপায়ী মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আনন্দৰ বাবে বা দেখাক দেখি মহিলাসকলে ধূমপান কৰিবলৈ লৈছে যদিও কিন্তু ইয়াৰ বাবে মহিলাসকলে বহু শাৰীৰিক-মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যাৰ ভিতৰত ছাৰ্ভাইকেল কেন্সাৰ আৰু হৃদযন্ত্ৰৰ সমস্যা আদি অন্তৰ্ভুক্ত। ধঁপাতৰ বাবেই বিশ্বত কেন্সাৰ ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। গতিকে আপুনিও কেন্সাৰ বিচাৰে যদি খাওক ধঁপাত, চিগাৰেট আদি! যদিহে নিবিচাৰে তেন্তে আজিয়েই এইবোৰ বেয়া বস্তু ত্যাগ কৰাৰ সিদ্ধান্ত লওক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস