--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পদ্ম সন্মানপ্ৰাপক এগৰাকী বিশিষ্ট শিল্পীক চৰকাৰী বাসভৱনৰ পৰা উচ্চেদ কৰাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। পদ্মশ্ৰী সন্মানপ্ৰাপক ৯০ বছৰীয়া ওডিছী নৃত্যশিল্পী গুৰু মায়াধৰ ৰাউটক তেওঁৰ চৰকাৰী আবাস খালী কৰিবলৈ বাধ্য কৰোঁৱা হয়। কেৱল মায়াধৰ ৰাউটেই নহয় আন আঠগৰাকী বিশিষ্ট শিল্পীকো তেওঁলোকৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ বাৰম্বাৰ জাননী প্ৰেৰণ কৰিছে চৰকাৰে। ২ মে’ৰ ভিতৰত তেওঁলোকক আবাসমূহ খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, বহু বছৰ আগেয়েই এইসকল শিল্পীক চৰকাৰী আবাস আবণ্টন হৈছিল যদিও ২০১৪ চনত সেয়া প্ৰত্যাহাৰ কৰা হয়। তাৰ পাছতে এইসকল শিল্পীক ঘৰসমূহ খালী কৰি দিবলৈ জাননী প্ৰেৰণ কৰে বিভাগীয় কৰ্তৃপক্ষই। কেন্দ্ৰীয় হাউছিং আৰু আৰ্বান এফেয়াৰ্ছ মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰে যে, ২৮ গৰাকী শিল্পীৰ ভিতৰত ৮ গৰাকীয়ে চৰকাৰৰ পৰা একাধিক জাননী পোৱাৰ পাছতো তেওঁলোকৰ আবাস খালী কৰা নাই।

অৱশ্যে তেওঁলোকে সদৰি কৰিছে যে, তেওঁলোকে আবাসসমূহ খালী কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু কেইটামান দিনৰ সময় বিচাৰিছে। তেওঁলোকে লিখিতভাৱে কৰ্তৃপক্ষক সদৰি কৰিছে যে, তেওঁলোকে ২ মে’ৰ ভিতৰত আবাস খালী কৰিব আৰু সেই সময় তেওঁলোকক দিয়া হৈছে। গুৰু মায়াধৰ ৰাউটৰ আবাস খালী কৰা প্ৰসংগত বিষয়াগৰাকীয়ে কয় যে, বিষয়াবৰ্গৰ এটা দল তেওঁৰ চৰকাৰী বাংলোত উপস্থিত হৈছিল আৰু তেওঁলোকে এই প্ৰক্ৰিয়াৰ তদাৰক কৰিছিল। ছ’চিয়েল মিডিয়াত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। বিশিষ্ট শিল্পীগৰাকীৰ সামগ্ৰীসমূহ বাংলোটোৰ বাহিৰত ৰাখি থোৱাৰ আলোকচিত্ৰ আৰু ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ হয় ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, চৰকাৰী আঁচনি অনুযায়ী ৪০ গৰাকী শিল্পীক বিশেষ কোটাত চৰকাৰী আবাস যোগান ধৰাৰ নিয়ম। যদিহে এইসকল শিল্পীৰ মাহিলী আয় ২০ হাজাৰ টকাৰ কম হ’লে সেই সুবিধা তেওঁলোকে লাভ কৰে। ইফালে, এই মাহৰ আৰম্ভণিতে দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় ধ্ৰুপদী শিল্পী ৰীতা গাংগুলীক অধিক সময় দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ তেওঁকে ধৰি অন্যান্য শিল্পীসকলৰ নামত আবণ্টিত চৰকাৰী আবাস খালী কৰিবলৈ দিয়া এখন এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা এই আবাসসমূগ এপ্ৰিলৰ শেষলৈ খালী কৰিবলৈ দিয়া হৈছিল। ২০২০ চনৰ ৩১ ডিচেম্বৰতে এই বাংলোসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছিল যদিও ইয়াৰ বিৰুদ্ধে আদালতত আবেদন কৰাৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ স্থগিত ৰাখিছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস