--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মোদীৰ ভ্ৰমণৰ পূৰ্বে অসমত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল কৰা হৈছে। বঙাইগাঁও আৰক্ষীয়ে জনোৱা অনুসৰি, আনছাৰুল বাংলা দল (আল-কায়দাৰ সৈতে জড়িত বুলি আশংকা কৰা এটা গোট)ৰ সৈতে জড়িত তিনিজনক শেহতীয়াকৈ আটক কৰি সোধা-পোছা  অব্যাহত ৰখাৰ লগতে মুঠ চাৰিজনক আটক কৰিছে বুলি বঙাইগাঁও আৰক্ষী অধীক্ষকে আজি নিশ্চিত কৰিছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ধৃত যুৱককেইজনৰ পৰা আপত্তিজনক নথিপত্ৰও জব্দ কৰা বুলি জানিব পৰা গৈছে৷ 

বিগত কেইটামান দিনত, অসম আৰক্ষীয়ে আনছাৰুল বাংলা দল (এবিটি) আৰু অল-কায়দা ভাৰতীয় উপমহাদেশ (একিউআইএছ)ৰ সৈতে সম্পৰ্কৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এজন বাংলাদেশী সন্ত্ৰাসবাদীসহ প্ৰায় ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (বিশেষ শাখা) হীৰেন নাথে শেহতীয়াকৈ কৈছিল যে এবিটি হৈছে অল-কায়েদা আৰু আইএছআইক সমৰ্থন কৰা এটা গোট।

নাথে সোমবাৰে এএনআইক কয়, তেওঁলোকৰ ভিতৰত বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ বাসিন্দা মোঃ সুমান ওৰফে চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ যুৱকজন তেওঁ বাংলাদেশৰ পৰা পলাই গৈছিল। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ঢাকাৰ সন্ত্ৰাসবাদ বিৰোধী ন্যায়াধীকৰণে ছয়জন ব্যক্তিৰ বিৰুদ্ধে মৃত্যুদণ্ড প্ৰদান কৰিছিল আৰু পলাতক ছয়জন ব্যক্তিৰ ভিতৰত তেৱোঁ অন্যতম আছিল৷
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ১১ বজাত নগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰিব৷ আৰু তাৰ পৰা কাৰ্বি আংলং জিলাৰ ডিফুলৈ হেলিকপ্টাৰেৰে আহি লৰিংথেপীত “একতা, শান্তি আৰু উন্নয়ন ৰেলী” সম্বোধন কৰিব আৰু ৫০০ কোটি টকাৰ কেইবাটাও শৈক্ষিক আৰু উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তাৰ পাছত মোদীয়ে ডিব্ৰুগড়লৈ ৰাওনা হ’ব য’ত তেওঁ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ডিব্ৰুগড় কৰ্কট কেন্দ্ৰ দেশবাসীক উৎসৰ্গা কৰিব। অসম চৰকাৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনজোৰা অসম ভ্ৰমণৰ বাবে ব্যাপক ব্যৱস্থা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিপৰ্ব নিৰীক্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ