--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মোদীৰ ভ্ৰমণৰ পূৰ্বে অসমত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ বিফল কৰা হৈছে। বঙাইগাঁও আৰক্ষীয়ে জনোৱা অনুসৰি, আনছাৰুল বাংলা দল (আল-কায়দাৰ সৈতে জড়িত বুলি আশংকা কৰা এটা গোট)ৰ সৈতে জড়িত তিনিজনক শেহতীয়াকৈ আটক কৰি সোধা-পোছা  অব্যাহত ৰখাৰ লগতে মুঠ চাৰিজনক আটক কৰিছে বুলি বঙাইগাঁও আৰক্ষী অধীক্ষকে আজি নিশ্চিত কৰিছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ধৃত যুৱককেইজনৰ পৰা আপত্তিজনক নথিপত্ৰও জব্দ কৰা বুলি জানিব পৰা গৈছে৷ 

বিগত কেইটামান দিনত, অসম আৰক্ষীয়ে আনছাৰুল বাংলা দল (এবিটি) আৰু অল-কায়দা ভাৰতীয় উপমহাদেশ (একিউআইএছ)ৰ সৈতে সম্পৰ্কৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এজন বাংলাদেশী সন্ত্ৰাসবাদীসহ প্ৰায় ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (বিশেষ শাখা) হীৰেন নাথে শেহতীয়াকৈ কৈছিল যে এবিটি হৈছে অল-কায়েদা আৰু আইএছআইক সমৰ্থন কৰা এটা গোট।

নাথে সোমবাৰে এএনআইক কয়, তেওঁলোকৰ ভিতৰত বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ বাসিন্দা মোঃ সুমান ওৰফে চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ যুৱকজন তেওঁ বাংলাদেশৰ পৰা পলাই গৈছিল। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ঢাকাৰ সন্ত্ৰাসবাদ বিৰোধী ন্যায়াধীকৰণে ছয়জন ব্যক্তিৰ বিৰুদ্ধে মৃত্যুদণ্ড প্ৰদান কৰিছিল আৰু পলাতক ছয়জন ব্যক্তিৰ ভিতৰত তেৱোঁ অন্যতম আছিল৷
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ১১ বজাত নগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰিব৷ আৰু তাৰ পৰা কাৰ্বি আংলং জিলাৰ ডিফুলৈ হেলিকপ্টাৰেৰে আহি লৰিংথেপীত “একতা, শান্তি আৰু উন্নয়ন ৰেলী” সম্বোধন কৰিব আৰু ৫০০ কোটি টকাৰ কেইবাটাও শৈক্ষিক আৰু উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তাৰ পাছত মোদীয়ে ডিব্ৰুগড়লৈ ৰাওনা হ’ব য’ত তেওঁ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ডিব্ৰুগড় কৰ্কট কেন্দ্ৰ দেশবাসীক উৎসৰ্গা কৰিব। অসম চৰকাৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনজোৰা অসম ভ্ৰমণৰ বাবে ব্যাপক ব্যৱস্থা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিপৰ্ব নিৰীক্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল