--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে অতি দুখৰ খবৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁৰ অৱস্থা সংকটজনক আছিল। একাধিক চিকিৎসকৰ দলে চিকিৎসা কৰি আছিল।

২০০৬ চনত দ্বিতীয়বাৰৰ বাবে মনমোহন সিঙৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল। 

বৰ্তমান তেওঁ বহু শাৰীৰিক সমস্যাত ভুগিছিল।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পশ্চিম পঞ্জাৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল মনমোহন সিং। 

বৃহস্পতিবাৰে প্ৰায় নিশা ৮ বজাত তেওঁক দিল্লীৰ এইমছ ইমাৰ্জেন্সিত ভৰ্তি কৰা হৈছিল। য’ত প্ৰায় ডেৰ ঘণ্টাৰ পাছত তেওঁৰ মৃত্যু হয়। 

১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল। ২০২৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ সদস্যপদৰ পৰা অৱসৰ লয়।

১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈকে তেওঁ ভাৰতীয় পৰিকল্পনা আয়োগৰ মুৰব্বীও আছিল।

সহজ-সৰল আৰু শান্ত স্বভাৱৰ বাবে সদাস্মৰণীয় হৈ ৰ’ব মনমোহন সিং। ভাৰতৰ মহান অৰ্থনীতিবিদসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। অৰ্থনৈতিক উন্নয়নত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ভাৰতবাসী আজীৱন তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ