--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বৰদিন উৎসৱ অতি উলহমালহেৰে উদযাপন হৈ গ’ল তাৰ মাজতে সংঘটিত এক ঘটনাই চকু কপালত তুলিছে সাধৰণ জনাতাৰ৷ বৰদিনৰ দিনা ইন্দোৰত, হিন্দু জাগৰণ মঞ্চই চাণ্টাক্লজৰ পোছাক পিন্ধি জ’মেটো ডেলিভাৰী কৰা এজন যুৱকৰ চাণ্টাক্লজৰ পোছাক খুলিবলৈ বাধ্য কৰে আৰু যুৱক জনক তীব্ৰ ভৰ্ৎসনা কৰাৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমান এই ঘটনাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বৰদিনৰ উলহ মালহৰ মাজতে ইন্দোৰকে ধৰি মধ্যপ্ৰদেশৰ হিন্দু জাগৰণ মঞ্চৰ লগতে অন্যান্য হিন্দু সংগঠনসমূহে বিভিন্ন সতৰ্কবাণী প্ৰদান কৰিছিল। বুধবাৰে এই অঞ্চল কেইটাত জ’মেটোৰ কৰ্মচাৰীসকলে চান্টাক্লজৰ পোছাকত ডেলিভাৰী দিবলৈ গৈছিল। হিন্দু জাগৰণ মঞ্চৰ জিলা সমন্বয়ক সুমিত হৰ্দিয়াই  চান্টাক্লজ পোছাক পৰিহিত জ’মাটোৰ ডেলিভাৰী বয়জনক দেখি পথৰ কাষত ৰখাই ধমক দি চান্তাৰ পোছাকযোৰ ৰাজপথত পেলাই দিয়ে।

সুমিত হৰ্দিয়াই কয় যে হিন্দু উৎসৱত গেৰুৱা বস্ত পৰিধান কৰি কিয় ডেলিভাৰী দিয়া নহয় বুলি প্ৰশ্ন কৰে লগতে কয় ঘৰে ঘৰে মানুহক এই ভুল বাৰ্তা নিদিবলৈ আহ্বান জনাই। 

ইফালে ভুক্তভোগী ডেলিভাৰী বয়জনে কয় যে যদি খাদ্য ডেলিভাৰী দিওঁতে এই ড্ৰেছটো পৰিধান নকৰে তেন্তে চাকৰি হেৰুৱাব লাগিব। হিন্দু জাগৰণ মঞ্চৰ জিলা সমন্বয়কেও জ’মেটোৰ কোম্পানীৰ সঞ্চালকক আক্ৰমণ কৰি কয় যে বিভিন্ন কোম্পানীয়ে হিন্দু ধৰ্মক অৱনমিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। আগন্তুক দিনত ইয়াৰ সঠিক উত্তৰ দিয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ