--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বৰদিন উৎসৱ অতি উলহমালহেৰে উদযাপন হৈ গ’ল তাৰ মাজতে সংঘটিত এক ঘটনাই চকু কপালত তুলিছে সাধৰণ জনাতাৰ৷ বৰদিনৰ দিনা ইন্দোৰত, হিন্দু জাগৰণ মঞ্চই চাণ্টাক্লজৰ পোছাক পিন্ধি জ’মেটো ডেলিভাৰী কৰা এজন যুৱকৰ চাণ্টাক্লজৰ পোছাক খুলিবলৈ বাধ্য কৰে আৰু যুৱক জনক তীব্ৰ ভৰ্ৎসনা কৰাৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমান এই ঘটনাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বৰদিনৰ উলহ মালহৰ মাজতে ইন্দোৰকে ধৰি মধ্যপ্ৰদেশৰ হিন্দু জাগৰণ মঞ্চৰ লগতে অন্যান্য হিন্দু সংগঠনসমূহে বিভিন্ন সতৰ্কবাণী প্ৰদান কৰিছিল। বুধবাৰে এই অঞ্চল কেইটাত জ’মেটোৰ কৰ্মচাৰীসকলে চান্টাক্লজৰ পোছাকত ডেলিভাৰী দিবলৈ গৈছিল। হিন্দু জাগৰণ মঞ্চৰ জিলা সমন্বয়ক সুমিত হৰ্দিয়াই  চান্টাক্লজ পোছাক পৰিহিত জ’মাটোৰ ডেলিভাৰী বয়জনক দেখি পথৰ কাষত ৰখাই ধমক দি চান্তাৰ পোছাকযোৰ ৰাজপথত পেলাই দিয়ে।

সুমিত হৰ্দিয়াই কয় যে হিন্দু উৎসৱত গেৰুৱা বস্ত পৰিধান কৰি কিয় ডেলিভাৰী দিয়া নহয় বুলি প্ৰশ্ন কৰে লগতে কয় ঘৰে ঘৰে মানুহক এই ভুল বাৰ্তা নিদিবলৈ আহ্বান জনাই। 

ইফালে ভুক্তভোগী ডেলিভাৰী বয়জনে কয় যে যদি খাদ্য ডেলিভাৰী দিওঁতে এই ড্ৰেছটো পৰিধান নকৰে তেন্তে চাকৰি হেৰুৱাব লাগিব। হিন্দু জাগৰণ মঞ্চৰ জিলা সমন্বয়কেও জ’মেটোৰ কোম্পানীৰ সঞ্চালকক আক্ৰমণ কৰি কয় যে বিভিন্ন কোম্পানীয়ে হিন্দু ধৰ্মক অৱনমিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। আগন্তুক দিনত ইয়াৰ সঠিক উত্তৰ দিয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু