--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ চীনে প্ৰায়ে ভাৰতৰ প্ৰতি নিজৰ শত্ৰু মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰকো সমালোচনা কৰি আহিছে চীনে। জি জিনপিঙৰ চৰকাৰে ভাৰত চৰকাৰক সমালোচনা কৰিবলৈ নিজৰ মুখপত্ৰ গ্ল’বেল টাইমছৰ সমৰ্থন লয়। কিন্তু এইবাৰ গ্ল’বেল টাইমছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদে আৰু বিজেপি চৰকাৰে প্ৰশংসা লাভ কৰিছে।

গ্ল’বেল টাইমছৰ সম্পাদকীয়ত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰে ঔপনিৱেশিক যুগৰ সকলো সমল মচি পেলাইছে। কাকতখনে লিখিছে যে ভাৰতে নিজৰ বিকাশ হোৱাটো বিচাৰে।

গ্ল’বেল টাইমছত লিখা হৈছে যে ভাৰতৰ নতুন সংসদ ভৱন এক মহান প্ৰতীক হিচাপে পৰিগণিত হ’ব। ইয়াত ময়ুৰ, পদুম ফুল আৰু আঁহত গছৰ দৰে জাতীয় প্ৰতীক অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়া বছৰবোৰত মোদী চৰকাৰে উদীয়মান ভাৰতৰ ভাবমূর্তি দাঙি ধৰিবলৈ বহু গুৰুত্বপূৰ্ণ কাম কৰিছে৷ ভাৰতৰ এই ভাবমূর্তিয়ে ঔপনিবেশিকতাবাদৰ প্রসাৰণৰ বিৰোধিতা কৰে আৰু স্বাধীনতাক গুৰুত্ব দিয়ে৷

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত বিশ্বৰ মঞ্চত উন্নত দেশ হিচাপে ভাৰতৰ ভাবমূৰ্তি দ্ৰুতগতিত উন্মোচিত হৈছে। সমগ্ৰ বিশ্বতে ভাৰতক শক্তিশালী দেশ হিচাপে দেখা যায়। ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ দৰে মহাশক্তিৰ সৈতে সম্পৰ্ক উন্নত কৰিছে। চীনৰ কোনো এটা পদক্ষেপে বিশ্বজুৰি গঢ় লৈ উঠা ভাৰতৰ শক্তিশালী ভাবমূর্তিৰ ক্ষতি কৰিব পৰা নাই৷ 

ইফালে চীনৰ মানুহে ভাৰতক ডাঙৰ ভাবুকি বুলি গণ্য কৰাটোও চৰ্চালৈ আহিছে। এই কথা পোহৰলৈ আহিছে এক প্ৰতিবেদনত। চিংহুয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰায় ৯২ শতাংশ লোকে ভাৰতৰ প্ৰতি ভাবুকি অনুভৱ কৰে। একে সময়তে মাত্ৰ ৮ শতাংশ লোকেহে ভাৰতক নিজৰ বন্ধু বুলি গণ্য কৰে।

২০২০ চনত যেতিয়া চিংহুয়া বিশ্ববিদ্যালয়ে একেধৰণৰ সমীক্ষা কৰিছিল, তেতিয়া সেই সময়ত পৰিসংখ্যা বেলেগ আছিল। ২০২০ চনত চীনৰ ২৬.৪ শতাংশই ভাৰতক ভাল প্ৰতিবেশী আৰু বন্ধু বুলি গণ্য কৰাৰ বিপৰীতে ৭৩.৬ শতাংশই ভাৰতক ভাবুকি আৰু বিপদ বুলি গণ্য কৰিছিল।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান