--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ চীনে প্ৰায়ে ভাৰতৰ প্ৰতি নিজৰ শত্ৰু মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰকো সমালোচনা কৰি আহিছে চীনে। জি জিনপিঙৰ চৰকাৰে ভাৰত চৰকাৰক সমালোচনা কৰিবলৈ নিজৰ মুখপত্ৰ গ্ল’বেল টাইমছৰ সমৰ্থন লয়। কিন্তু এইবাৰ গ্ল’বেল টাইমছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদে আৰু বিজেপি চৰকাৰে প্ৰশংসা লাভ কৰিছে।

গ্ল’বেল টাইমছৰ সম্পাদকীয়ত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰে ঔপনিৱেশিক যুগৰ সকলো সমল মচি পেলাইছে। কাকতখনে লিখিছে যে ভাৰতে নিজৰ বিকাশ হোৱাটো বিচাৰে।

গ্ল’বেল টাইমছত লিখা হৈছে যে ভাৰতৰ নতুন সংসদ ভৱন এক মহান প্ৰতীক হিচাপে পৰিগণিত হ’ব। ইয়াত ময়ুৰ, পদুম ফুল আৰু আঁহত গছৰ দৰে জাতীয় প্ৰতীক অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়া বছৰবোৰত মোদী চৰকাৰে উদীয়মান ভাৰতৰ ভাবমূর্তি দাঙি ধৰিবলৈ বহু গুৰুত্বপূৰ্ণ কাম কৰিছে৷ ভাৰতৰ এই ভাবমূর্তিয়ে ঔপনিবেশিকতাবাদৰ প্রসাৰণৰ বিৰোধিতা কৰে আৰু স্বাধীনতাক গুৰুত্ব দিয়ে৷

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত বিশ্বৰ মঞ্চত উন্নত দেশ হিচাপে ভাৰতৰ ভাবমূৰ্তি দ্ৰুতগতিত উন্মোচিত হৈছে। সমগ্ৰ বিশ্বতে ভাৰতক শক্তিশালী দেশ হিচাপে দেখা যায়। ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ দৰে মহাশক্তিৰ সৈতে সম্পৰ্ক উন্নত কৰিছে। চীনৰ কোনো এটা পদক্ষেপে বিশ্বজুৰি গঢ় লৈ উঠা ভাৰতৰ শক্তিশালী ভাবমূর্তিৰ ক্ষতি কৰিব পৰা নাই৷ 

ইফালে চীনৰ মানুহে ভাৰতক ডাঙৰ ভাবুকি বুলি গণ্য কৰাটোও চৰ্চালৈ আহিছে। এই কথা পোহৰলৈ আহিছে এক প্ৰতিবেদনত। চিংহুয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰায় ৯২ শতাংশ লোকে ভাৰতৰ প্ৰতি ভাবুকি অনুভৱ কৰে। একে সময়তে মাত্ৰ ৮ শতাংশ লোকেহে ভাৰতক নিজৰ বন্ধু বুলি গণ্য কৰে।

২০২০ চনত যেতিয়া চিংহুয়া বিশ্ববিদ্যালয়ে একেধৰণৰ সমীক্ষা কৰিছিল, তেতিয়া সেই সময়ত পৰিসংখ্যা বেলেগ আছিল। ২০২০ চনত চীনৰ ২৬.৪ শতাংশই ভাৰতক ভাল প্ৰতিবেশী আৰু বন্ধু বুলি গণ্য কৰাৰ বিপৰীতে ৭৩.৬ শতাংশই ভাৰতক ভাবুকি আৰু বিপদ বুলি গণ্য কৰিছিল।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস