--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তিমি মাছে আন্তঃৰাষ্ট্ৰীয় শিৰোনামা দখল কৰিছে৷ তিমি মাছটো দেখা পোৱা গৈছে ছুইডেনৰ সাগৰীয় উপকূলত জানিব পৰা মতে, এই প্ৰকাণ্ড তিমিটো ৰাছিয়াৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত। এই তিমিটোৰ সন্ধানৰ বাবে থকা এটা সংস্থাই প্ৰকাশ কৰিছে যে এই তিমিটো ৰাছিয়াৰ প্ৰাক্তন চোৰাংচোৱা।

স্থানীয়ভাৱে হাভালডিমিৰ নামেৰে নামাকৰণ কৰা এই তিমিটোক ২০১৯ চনত প্ৰথমবাৰৰ বাবে নৰৱেৰ উপকূলত ৰাছিয়ান হাৰ্নেছ পৰিধান কৰি থকা অৱস্থাত দেখা গৈছিল। বছৰ বছৰ ধৰি সুদূৰ নৰৱেৰ উত্তৰৰ পৰা লাহে লাহে দক্ষিণ দিশলৈ যাত্ৰা কৰি অহা এই তিমিটোৱে যোৱা কেইমাহমানত নৰৱেৰ জলসীমাৰ পৰা ওলাই গৈছে।

উল্লেখ্য যে চাৰি বছৰ পূৰ্বে ইংগোয়া দ্বীপৰ ওচৰত প্ৰথমবাৰৰ বাবে নৰৱেৰ নাওৰ কাষ চাপিছিল তিমিটোৱে। ৰাছিয়াৰ মুৰ্মানস্কৰ পৰা এই দ্বীপটো ৪১৫ কিলোমিটাৰ দূৰত অৱস্থিত।

গ’প্ৰ’ কেমেৰা আৰু অন্যান্য সঁজুলিৰ লগত এই তিমিটো প্ৰত্যক্ষ কৰাৰ পিছত নৰৱেৰ ঘৰুৱা চোৰাংচোৱা সংস্থাই তদন্ত আৰম্ভ কৰে আৰু কয় যে তিমিটোক ৰাছিয়াৰ সেনাই প্ৰশিক্ষণ দিয়াৰ সম্ভাৱনা আছে। তাৰ পিছত এই তিমিটোক স্থানীয়ভাৱে Hvaldimir  নামেৰে নামকৰণ কৰা হয়। 

উল্লেখ্য যে ৰাছিয়াই কেতিয়াও আনুষ্ঠানিকভাৱে এই তিমিটোক চোৰাংচোৱাৰ প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰা নাই। প্ৰজাতিগতভাৱে এই তিমিবিধ  গ্ৰীণলেণ্ড, ৰাছিয়া, আলাস্কা আৰু উত্তৰ নৰৱেৰ আশে-পাশে থকা বৰফৰ পানীত বাস কৰে আৰু ইয়াৰে কিছুমানে গ্ৰীষ্মকালত প্ৰব্ৰজন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা