--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তিমি মাছে আন্তঃৰাষ্ট্ৰীয় শিৰোনামা দখল কৰিছে৷ তিমি মাছটো দেখা পোৱা গৈছে ছুইডেনৰ সাগৰীয় উপকূলত জানিব পৰা মতে, এই প্ৰকাণ্ড তিমিটো ৰাছিয়াৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত। এই তিমিটোৰ সন্ধানৰ বাবে থকা এটা সংস্থাই প্ৰকাশ কৰিছে যে এই তিমিটো ৰাছিয়াৰ প্ৰাক্তন চোৰাংচোৱা।

স্থানীয়ভাৱে হাভালডিমিৰ নামেৰে নামাকৰণ কৰা এই তিমিটোক ২০১৯ চনত প্ৰথমবাৰৰ বাবে নৰৱেৰ উপকূলত ৰাছিয়ান হাৰ্নেছ পৰিধান কৰি থকা অৱস্থাত দেখা গৈছিল। বছৰ বছৰ ধৰি সুদূৰ নৰৱেৰ উত্তৰৰ পৰা লাহে লাহে দক্ষিণ দিশলৈ যাত্ৰা কৰি অহা এই তিমিটোৱে যোৱা কেইমাহমানত নৰৱেৰ জলসীমাৰ পৰা ওলাই গৈছে।

উল্লেখ্য যে চাৰি বছৰ পূৰ্বে ইংগোয়া দ্বীপৰ ওচৰত প্ৰথমবাৰৰ বাবে নৰৱেৰ নাওৰ কাষ চাপিছিল তিমিটোৱে। ৰাছিয়াৰ মুৰ্মানস্কৰ পৰা এই দ্বীপটো ৪১৫ কিলোমিটাৰ দূৰত অৱস্থিত।

গ’প্ৰ’ কেমেৰা আৰু অন্যান্য সঁজুলিৰ লগত এই তিমিটো প্ৰত্যক্ষ কৰাৰ পিছত নৰৱেৰ ঘৰুৱা চোৰাংচোৱা সংস্থাই তদন্ত আৰম্ভ কৰে আৰু কয় যে তিমিটোক ৰাছিয়াৰ সেনাই প্ৰশিক্ষণ দিয়াৰ সম্ভাৱনা আছে। তাৰ পিছত এই তিমিটোক স্থানীয়ভাৱে Hvaldimir  নামেৰে নামকৰণ কৰা হয়। 

উল্লেখ্য যে ৰাছিয়াই কেতিয়াও আনুষ্ঠানিকভাৱে এই তিমিটোক চোৰাংচোৱাৰ প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰা নাই। প্ৰজাতিগতভাৱে এই তিমিবিধ  গ্ৰীণলেণ্ড, ৰাছিয়া, আলাস্কা আৰু উত্তৰ নৰৱেৰ আশে-পাশে থকা বৰফৰ পানীত বাস কৰে আৰু ইয়াৰে কিছুমানে গ্ৰীষ্মকালত প্ৰব্ৰজন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস