--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত আৱিষ্কাৰ কৰা হৈছে এটা সোণৰ বৃহৎ ভাণ্ডাৰ। দেশখনৰ ভূতত্ত্ববিদসকলে এটা নতুন সোণৰ খনি আৱিষ্কাৰ কৰে। এই নতুন সোণৰ খনিটোৱে চীনক আৰু অধিক ধনী কৰি তুলিব বুলি আশা কৰা হৈছে।

পূব চীনৰ ছানডং প্ৰদেশ দেশৰ দ্বিতীয় ঘন জনবসতিপূৰ্ণ অঞ্চল। ২০২০ চনৰ পৰিসংখ্যা অনুসৰি এই প্ৰদেশত ১০ কোটিতকৈ অধিক লোক বাস কৰে। শ্বানডংৰ মাটিত লুকাই আছিল এই সোণৰ খনি।

শ্বানডং সদায় খনিজ পদাৰ্থৰে প্ৰচুৰ পৰিমাণে চহকী। এই প্ৰদেশত কেইবাটাও সোণৰ খনি আছে। তাতে আন এটা নতুন সোণৰ খনি আৱিষ্কাৰ হয়। যিটো শ্বানডঙৰ এতিয়ালৈকে সৰ্ববৃহৎ।

এই সোণৰ খনিটোৰ নাম হৈছে শ্বাণ্ডঙৰ ৰুছান অঞ্চলৰ শিলাওকৌ খনি। চীনৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, এই নতুন খনিটোত প্ৰায় ৫০ টন সোণ থাকিব পাৰে বুলি গৱেষকসকলে বিশ্বাস কৰে।

শ্বাণ্ডং অঞ্চলত নতুন খননৰ সম্ভাৱনা ইতিমধ্যে আশা কৰা হৈছিল। ৮ বছৰীয়া দীঘলীয়া পৰ্যবেক্ষণৰ অন্তত অৱশেষত ভূতত্ত্ববিদসকলে খনিটো বিচাৰি পালে। স্থানীয় প্ৰশাসনৰ মতে, শিলাওকৌ খনিৰ অশোধিত সোণ অতি উচ্চমানৰ। ইয়াক সহজে বিশুদ্ধ কৰি ব্যৱহাৰ কৰিব পাৰি।

চীনত সোণৰ অভাৱ নাই। এই দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে হাজাৰ হাজাৰ সোণৰ খনি। যেন প্ৰকৃতিয়ে দুখন হাত মেলি চীনক সোণেৰে ভৰাই পেলাইছে। এই হালধীয়া ধাতুটোৱে দেশৰ অৰ্থনীতিৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বৰ্তমান বিশ্বৰ সোণ উৎপাদনকাৰী দেশৰ তালিকাৰ শীৰ্ষত আছে চীন। বিশ্বৰ কমেও ৯ শতাংশ সোণৰ মজুত চীনত কেন্দ্ৰীভূত হৈ আছে। শ্বানডঙৰ জিয়াওজিয়া খনিত যোৱা বছৰ ১০ টন সোণ উৎপাদন হৈছিল, যিটো এতিয়ালৈকে এটা খনিৰ বাবে সৰ্বাধিক সোণৰ উৎপাদন। ফেব্ৰুৱাৰী মাহত চীনৰ কেন্দ্ৰীয় বেংকৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ চীনত খনিজ সোণৰ পৰিমাণ ১ হাজাৰ ৮৬৯ টন। ইয়াৰে অধিকাংশই শ্বাণ্ডঙত।

যদিও সোণ উৎপাদনৰ ক্ষেত্ৰত চীনে বিশ্বত আগবাঢ়ি আছে, তথাপিও সৰ্বাধিক সোণৰ মজুতত আমেৰিকাই শীৰ্ষস্থান দখল কৰিছে। ২০২১ চনৰ ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি আমেৰিকাত মুঠ খনিজ সোণৰ পৰিমাণ ৮ হাজাৰ ১৩৩ টন। বজাৰত ইয়াৰ আনুমানিক মূল্য ৩৯ লাখ কোটি।

সঞ্চিত সোণৰ মজুতৰ ক্ষেত্ৰত জাৰ্মানীয়ে আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে। ইয়াৰ পিছত ক্ৰমে ইটালী, ফ্ৰান্স, ৰাছিয়া। এই তালিকাত চীনৰ নাম ৬ নম্বৰ। কিন্তু সোণৰ মজুতত পিছ পৰি থকাৰ পাছতো চীন সহজেই সৰ্বাধিক সোণ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

চীনৰ পিছতে অষ্ট্ৰেলিয়াই বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক সোণ উৎপাদন কৰে। ইয়াৰ পিছত এই তালিকাত ক্ৰমে ৰাছিয়া, আমেৰিকা, কানাডা, ইণ্ডোনেছিয়া, পেৰু, দক্ষিণ আফ্ৰিকা, মেক্সিকো আৰু ঘানাৰ দৰে দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

শেহতীয়াকৈ বেংকিং ব্যৱস্থাৰ পতনৰ বাবে আমেৰিকাৰ অৰ্থনীতি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বন্ধ হ’ল দেশৰ ১৬ নং বৃহত্তম বেংক ছিলিকন ভেলী। এনে পৰিস্থিতিত চীনত নতুন সোণৰ খনিৰ আৱিষ্কাৰক একাংশই তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।

অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, শিলাওকৌ খনিটোৱে চীনৰ অগ্ৰগতি আৰু অধিক ত্বৰান্বিত কৰিব। এই বছৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা সৰ্ববৃহৎ সোণৰ খনি এইটোৱেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ