--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া ছামী বন্দনা। বিশ্বকাপৰ ছেমি ফাইনেলখনো ’ছামী ফাইনেল’ হৈ পৰিল। নিউজিলেণ্ডৰ বিৰুদ্ধে সাতটা উইকেট দখল কৰি এতিয়া মহম্মদ ছামীৰ ভাৰতীয় ক্ৰিকেটৰ হিৰ’। দূৰ্দান্ত প্ৰদৰ্শনেৰে কেৱল দলক জয়ী কৰোৱাই নহয়, নিজৰ বাবেও গঢ়িলে কেইবাটাও অভিলেখ।

বিশ্বকাপত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় মহম্মদ ছামী। তেওঁ এই কৃতিত্ব বিশ্বকাপত সৰ্বনিম্ন সংখ্যক মেচত (১৭) কৰিছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰানেৰে ৭টা উইকেট দখল কৰে ছামীয়ে। তেওঁ বিশ্বকাপৰ এখন খেলত ৭টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

এদিনীয়া বিশ্বকাপত চাৰিবাৰকৈ এখন খেলত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে ছামী। তিনিবাৰকৈ এই কৃতিত্ব অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকে কৰিছে।

বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে শমীয়ে। চলিত বিশ্বকাপত তেওঁৰ উইকেটৰ সংখ্যা ৬খন খেলত ২৩টা। ২০১১ চনৰ বিশ্বকাপত জহীৰ খানে ২১টা উইকেট দখল কৰিছিল। শ্বামীয়ে জহীৰক অভাৰটেক কৰিছে।

বিশ্বকাপৰ নক আউটত পাঁচটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় শ্বামী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক