--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া ছামী বন্দনা। বিশ্বকাপৰ ছেমি ফাইনেলখনো ’ছামী ফাইনেল’ হৈ পৰিল। নিউজিলেণ্ডৰ বিৰুদ্ধে সাতটা উইকেট দখল কৰি এতিয়া মহম্মদ ছামীৰ ভাৰতীয় ক্ৰিকেটৰ হিৰ’। দূৰ্দান্ত প্ৰদৰ্শনেৰে কেৱল দলক জয়ী কৰোৱাই নহয়, নিজৰ বাবেও গঢ়িলে কেইবাটাও অভিলেখ।

বিশ্বকাপত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় মহম্মদ ছামী। তেওঁ এই কৃতিত্ব বিশ্বকাপত সৰ্বনিম্ন সংখ্যক মেচত (১৭) কৰিছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰানেৰে ৭টা উইকেট দখল কৰে ছামীয়ে। তেওঁ বিশ্বকাপৰ এখন খেলত ৭টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

এদিনীয়া বিশ্বকাপত চাৰিবাৰকৈ এখন খেলত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে ছামী। তিনিবাৰকৈ এই কৃতিত্ব অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকে কৰিছে।

বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে শমীয়ে। চলিত বিশ্বকাপত তেওঁৰ উইকেটৰ সংখ্যা ৬খন খেলত ২৩টা। ২০১১ চনৰ বিশ্বকাপত জহীৰ খানে ২১টা উইকেট দখল কৰিছিল। শ্বামীয়ে জহীৰক অভাৰটেক কৰিছে।

বিশ্বকাপৰ নক আউটত পাঁচটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় শ্বামী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক