--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৯৬ বছৰ। আজিও ইংলেণ্ডৰ সিংহাসন সমান শক্তি আৰু নিপুণ হাতেৰে চম্ভালি আছে তেওঁ। তেওঁ চলিত বৰ্ষত কোভিডতো আক্ৰান্ত হৈছিল। তেওঁ আন কোনো নহয়, তেওঁ হৈছে ৰাণী এলিজাবেথ। এই বয়সতো ৰাণী এলিজাবেথ ইমান ফিট কেনেকৈ? 

ব্ৰিটিছ ৰাজপৰিয়ালৰ প্ৰাক্তন চেফ ডেৰেন মেকগ্ৰীভিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে সেই গোপন কথা। তেওঁ কয় যে এই বয়সতো ৰাণী এলিজাবেথ সুস্থ হৈ থকাৰ ৰহস্য ৰাণীৰ দৈনন্দিন খাদ্যাভ্যাসত লুকাই আছে। লগতে ৰাণী এলিজাবেথে সৰুৰে পৰা যি ধৰণৰ খাদ্য খাইছিল, সেই ধৰণৰ খাদ্য এই বয়সতো সলনি হোৱা নাই বুলিও তেওঁ কয়। 

মেকগ্ৰীভিৰ মতে ৰাণী এলিজাবেথে প্ৰথমে প্ৰতিদিনে পুৱা চেনিবিহীন একাপ আৰ্ল গ্ৰে চাহ খায়। লগত থাকে বিভিন্ন সোৱাদৰ কুকিজ। অলপ পাছত ৰাণীয়ে কৰ্ণফ্লেক্স আৰু টোষ্টৰ বিশেষ জলপান গ্ৰহণ কৰে। ৰাণী এলিজাবেথে ফল খাই ভাল পায়। বিশেষকৈ তেওঁ বেৰী জাতীয় ফল খাই ভাল পায়। ব্ৰেকফাষ্টতো  কেতিয়াবা এই ফল থাকে।

দুপৰীয়াৰ আহাৰত প্ৰটিন সমৃদ্ধ খাদ্য থাকে। কাৰ্বহাইড্ৰেটযুক্ত খাদ্য ৰাণীক দিয়া নহয়। পালেং শাকৰ সৈতে ছালমন মাছৰ ব্যঞ্জন ৰাণীৰ প্ৰিয়। লগতে তেওঁ গ্ৰীল কৰা চিকেন আৰু চালাড খায়। ৰাণী এলিজাবেথে বিয়লি চাহ একাপ খায়। কেতিয়াবা লগত থাকে চেণ্ডুইচ আৰু ষ্ট্ৰবেৰীৰ জাম।

ৰাণী এলিজাবেথে সাধাৰণতে ৰাতি শৰ্কৰাবিহীন আহাৰ খায়। ৰাতিৰ আহাৰত বেছিভাগ গ্ৰীল কৰা মাছ আৰু চালাড থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু