--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৯৬ বছৰ। আজিও ইংলেণ্ডৰ সিংহাসন সমান শক্তি আৰু নিপুণ হাতেৰে চম্ভালি আছে তেওঁ। তেওঁ চলিত বৰ্ষত কোভিডতো আক্ৰান্ত হৈছিল। তেওঁ আন কোনো নহয়, তেওঁ হৈছে ৰাণী এলিজাবেথ। এই বয়সতো ৰাণী এলিজাবেথ ইমান ফিট কেনেকৈ? 

ব্ৰিটিছ ৰাজপৰিয়ালৰ প্ৰাক্তন চেফ ডেৰেন মেকগ্ৰীভিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে সেই গোপন কথা। তেওঁ কয় যে এই বয়সতো ৰাণী এলিজাবেথ সুস্থ হৈ থকাৰ ৰহস্য ৰাণীৰ দৈনন্দিন খাদ্যাভ্যাসত লুকাই আছে। লগতে ৰাণী এলিজাবেথে সৰুৰে পৰা যি ধৰণৰ খাদ্য খাইছিল, সেই ধৰণৰ খাদ্য এই বয়সতো সলনি হোৱা নাই বুলিও তেওঁ কয়। 

মেকগ্ৰীভিৰ মতে ৰাণী এলিজাবেথে প্ৰথমে প্ৰতিদিনে পুৱা চেনিবিহীন একাপ আৰ্ল গ্ৰে চাহ খায়। লগত থাকে বিভিন্ন সোৱাদৰ কুকিজ। অলপ পাছত ৰাণীয়ে কৰ্ণফ্লেক্স আৰু টোষ্টৰ বিশেষ জলপান গ্ৰহণ কৰে। ৰাণী এলিজাবেথে ফল খাই ভাল পায়। বিশেষকৈ তেওঁ বেৰী জাতীয় ফল খাই ভাল পায়। ব্ৰেকফাষ্টতো  কেতিয়াবা এই ফল থাকে।

দুপৰীয়াৰ আহাৰত প্ৰটিন সমৃদ্ধ খাদ্য থাকে। কাৰ্বহাইড্ৰেটযুক্ত খাদ্য ৰাণীক দিয়া নহয়। পালেং শাকৰ সৈতে ছালমন মাছৰ ব্যঞ্জন ৰাণীৰ প্ৰিয়। লগতে তেওঁ গ্ৰীল কৰা চিকেন আৰু চালাড খায়। ৰাণী এলিজাবেথে বিয়লি চাহ একাপ খায়। কেতিয়াবা লগত থাকে চেণ্ডুইচ আৰু ষ্ট্ৰবেৰীৰ জাম।

ৰাণী এলিজাবেথে সাধাৰণতে ৰাতি শৰ্কৰাবিহীন আহাৰ খায়। ৰাতিৰ আহাৰত বেছিভাগ গ্ৰীল কৰা মাছ আৰু চালাড থাকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে