--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা চিনেমাত দেখাৰ দৰে দৃশ্য বাস্তৱ জীৱনতো দেখিবলৈ পোৱা যায়। এনে এটা গোচৰ পোহৰলৈ আহিছে য’ত দেখিবলৈ পোৱা গৈছে এজন প্ৰেমিকৰ পাগল ৰূপ। সেই প্ৰেমিকজনে বহুত বেছি ভালপায় প্ৰেমিকাক। প্ৰেমিকাই স্কুল পৰীক্ষাত ফেইল কৰাত প্ৰেমিকৰ মনটো ইমানেই বেয়া লাগিল যে তেওঁ প্ৰেমিকাৰ স্কুলখনত জুই লগাই দিয়ে।

এই ঘটনাটো ইজিপ্তৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল এহাল ল’ৰা-ছোৱালী। প্ৰেয়সীক অত্যন্ত ভাল পাইছিল ল’ৰাজনে। ছোৱালীজনীৰ স্কুল পৰীক্ষা চলি আছিল। কিন্তু যেতিয়া ৰিজাল্ট দিলে, তেতিয়া দেখিলে যে ছোৱালীজনীয়ে ফেইল কৰিলে। ভয়তে তেওঁ প্ৰথমতে কথাটো প্ৰেমিকক জনোৱা নাছিল। কিন্তু অৱশেষত যেতিয়া ল’ৰাজনে কথাটো গম পালে তেতিয়া তেওঁৰ মনটো ছোৱালীজনীৰ প্ৰতি বিচলিত হৈ পৰিল।

ল'ৰাটোৱে প্ৰেমিকাক খং কৰা নাছিল। তেওঁ পোনে পোনে স্কুললৈ গৈ তেওঁৰ কেইজনমান বন্ধুৰ সৈতে লগলাগি গোটেই স্কুলত জুই লগাই দিয়ে। এই অগ্নিকাণ্ডত স্কুলখন জ্বলি যোৱাৰ লগতে স্কুলৰ কাৰ্যালয়ত ৰখা সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জ্বলি যায়। 

এই কথা পোহৰলৈ অহাৰ লগে লগে ল’ৰাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি ল’ৰাটো আৰু ছোৱালীজনীৰ বিবাহ সোনকালে হ’ব বুলিও কোৱা হৈছে। ল’ৰাজনে বিয়াখন কেনেবাকৈ আকৌ এবছৰ পিছুৱাই যায় বুলি চিন্তাত পৰিছিল আৰু সেয়ে তেওঁ স্কুলখনত জুই লগাই দিয়ে। বৰ্তমান বিষয়টোৰ তদন্ত চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু