--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীখনত বিভিন্ন ধৰণৰ বিভিন্ন পৰম্পৰা আৰু জনগোষ্ঠীৰ লোকে বসবাস কৰে। জনগোষ্ঠীসমূহত এনে বহুতো অদ্ভুত পৰম্পৰা পালন কৰা হয়, যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব। পৃথিৱীত বসবাস কৰা জনগোষ্ঠীবোৰে আজিও হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা মানি চলে। এই জনগোষ্ঠীসমূহে বহুতো অনন্য পৰম্পৰা অনুসৰণ কৰে যাৰ তাৎপৰ্য্য বেলেগ বেলেগ হয়। জনগোষ্ঠীবোৰত কিছুমান বিপজ্জনক ৰীতি-নীতি আৰু পৰম্পৰা পালন কৰাও দেখা যায়।

পৃথিৱীৰ বহু দেশত এনে ৰীতি-নীতি নিষিদ্ধ কৰা হৈছে যদিও আজিও এনে কিছুমান দেশ আছে য’ত এতিয়াও এনে পৰম্পৰা মানি আহিছে। এই জনগোষ্ঠীসমূহৰ বাবে বিশ্বাসৰ গুৰুত্ব অতিশয় বেছি। ইণ্ডোনেছিয়াত বাস কৰা এনে এটা জনগোষ্ঠীও এক অদ্ভুত পৰম্পৰা অনুসৰণ কৰে। এই জনগোষ্ঠী আৰু অদ্ভুত পৰম্পৰাৰ বিষয়ে জানো আহক।

ইণ্ডোনেছিয়াত বাস কৰা এই জনগোষ্ঠীৰ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হয়, তেন্তে ঘৰৰ মহিলাসকলৰ আঙুলি কাটি দিয়া হয়। আজিও ইয়াত এই বিপজ্জনক পৰম্পৰা মানি চলি আহিছে। কাৰোবাৰ সামান্যতম আঙুলিতো আঘাত পালে কিমান বিষ হয়? এতিয়া কল্পনা কৰকচোন, এগৰাকী নাৰীৰ আঙুলি কাটি দিয়াতো কিমান অসহ্যকৰ হ’ব পাৰে।

পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যুৰ লগে লগে জনসাধাৰণৰ ওপৰত দুখৰ পাহাৰ ভাঙি যায়। যন্ত্ৰণা লাঘৱ কৰিবলৈ মানুহে পৰিয়ালৰ সকলো সদ্য একগোট হৈ থাকে। কিন্তু ইণ্ডোনেছিয়াৰ ডানি জনগোষ্ঠীৰ মহিলাসকলৰ লগতে এক ব্যক্তিক্ৰম কৰা হয়। এই জনগোষ্ঠীৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হ’লে নাৰীৰ আঙুলি কাটি দিয়া হয়। এই পৰম্পৰাক ইচিপলিন প্ৰথা বুলি কোৱা হয়।

এক সংবাদ অনুসৰি দেশৰ জয়বিজয়া প্ৰদেশৰ বামিন চহৰত বৃহৎসংখ্যক ডানি জনগোষ্ঠী পোৱা যায়। ইণ্ডোনেছিয়া চৰকাৰে বছৰ বছৰ আগতে ইকিপালিন প্ৰথা নিষিদ্ধ কৰিছিল যদিও আজিও জনগোষ্ঠীটোত এই প্ৰথা গোপনে পালন কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

প্ৰতিবেদন অনুসৰি ইণ্ডোনেছিয়াত বাস কৰা ডানি জনগোষ্ঠীত মহিলাৰ আঙুলিৰ ওপৰৰ অৰ্ধেক অংশ কাটি দিয়া হয় ৰীতি-নীতিৰ বাবে। নাৰীৰ আঙুলি কাটিলে মৃত্যু হোৱা ব্যক্তিৰ আত্মা সদগতি লাভ কৰে বুলি বিশ্বাস কৰা হয়। আটাইতকৈ আচৰিত কথাটো হ’ল মাতৃসকলে আনকি কিছুমান শিশুৰ আঙুলিও কাটি দিয়ে। এই জনগোষ্ঠীত মৃতকৰ মামিও ৰখা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু