--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীখনত বিভিন্ন ধৰণৰ বিভিন্ন পৰম্পৰা আৰু জনগোষ্ঠীৰ লোকে বসবাস কৰে। জনগোষ্ঠীসমূহত এনে বহুতো অদ্ভুত পৰম্পৰা পালন কৰা হয়, যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব। পৃথিৱীত বসবাস কৰা জনগোষ্ঠীবোৰে আজিও হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা মানি চলে। এই জনগোষ্ঠীসমূহে বহুতো অনন্য পৰম্পৰা অনুসৰণ কৰে যাৰ তাৎপৰ্য্য বেলেগ বেলেগ হয়। জনগোষ্ঠীবোৰত কিছুমান বিপজ্জনক ৰীতি-নীতি আৰু পৰম্পৰা পালন কৰাও দেখা যায়।

পৃথিৱীৰ বহু দেশত এনে ৰীতি-নীতি নিষিদ্ধ কৰা হৈছে যদিও আজিও এনে কিছুমান দেশ আছে য’ত এতিয়াও এনে পৰম্পৰা মানি আহিছে। এই জনগোষ্ঠীসমূহৰ বাবে বিশ্বাসৰ গুৰুত্ব অতিশয় বেছি। ইণ্ডোনেছিয়াত বাস কৰা এনে এটা জনগোষ্ঠীও এক অদ্ভুত পৰম্পৰা অনুসৰণ কৰে। এই জনগোষ্ঠী আৰু অদ্ভুত পৰম্পৰাৰ বিষয়ে জানো আহক।

ইণ্ডোনেছিয়াত বাস কৰা এই জনগোষ্ঠীৰ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হয়, তেন্তে ঘৰৰ মহিলাসকলৰ আঙুলি কাটি দিয়া হয়। আজিও ইয়াত এই বিপজ্জনক পৰম্পৰা মানি চলি আহিছে। কাৰোবাৰ সামান্যতম আঙুলিতো আঘাত পালে কিমান বিষ হয়? এতিয়া কল্পনা কৰকচোন, এগৰাকী নাৰীৰ আঙুলি কাটি দিয়াতো কিমান অসহ্যকৰ হ’ব পাৰে।

পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যুৰ লগে লগে জনসাধাৰণৰ ওপৰত দুখৰ পাহাৰ ভাঙি যায়। যন্ত্ৰণা লাঘৱ কৰিবলৈ মানুহে পৰিয়ালৰ সকলো সদ্য একগোট হৈ থাকে। কিন্তু ইণ্ডোনেছিয়াৰ ডানি জনগোষ্ঠীৰ মহিলাসকলৰ লগতে এক ব্যক্তিক্ৰম কৰা হয়। এই জনগোষ্ঠীৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হ’লে নাৰীৰ আঙুলি কাটি দিয়া হয়। এই পৰম্পৰাক ইচিপলিন প্ৰথা বুলি কোৱা হয়।

এক সংবাদ অনুসৰি দেশৰ জয়বিজয়া প্ৰদেশৰ বামিন চহৰত বৃহৎসংখ্যক ডানি জনগোষ্ঠী পোৱা যায়। ইণ্ডোনেছিয়া চৰকাৰে বছৰ বছৰ আগতে ইকিপালিন প্ৰথা নিষিদ্ধ কৰিছিল যদিও আজিও জনগোষ্ঠীটোত এই প্ৰথা গোপনে পালন কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

প্ৰতিবেদন অনুসৰি ইণ্ডোনেছিয়াত বাস কৰা ডানি জনগোষ্ঠীত মহিলাৰ আঙুলিৰ ওপৰৰ অৰ্ধেক অংশ কাটি দিয়া হয় ৰীতি-নীতিৰ বাবে। নাৰীৰ আঙুলি কাটিলে মৃত্যু হোৱা ব্যক্তিৰ আত্মা সদগতি লাভ কৰে বুলি বিশ্বাস কৰা হয়। আটাইতকৈ আচৰিত কথাটো হ’ল মাতৃসকলে আনকি কিছুমান শিশুৰ আঙুলিও কাটি দিয়ে। এই জনগোষ্ঠীত মৃতকৰ মামিও ৰখা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে